Morning News: মাঘ বিহু উদযাপনৰ পৰা জম্মু-কাশ্মীৰত সন্দেহজনক ড্ৰোণলৈ,পুৱাৰ খবৰ…
Morning News: আজি সমূহ অসমীয়াই পালন কৰিছে ভোগালী বিহু। এই পুৱা ৰাজ্যৰ পৰা বিশ্বৰ বিভিন্ন প্ৰান্তলৈ বহু খবৰ পোহৰলৈ আহিছে। গতিকে আজিৰ পুৱাৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ এই লেখাটোত উল্লেখ কৰা হৈছে।
পুৱাৰ খবৰ
আজি ১৪ জানুৱাৰী, ২০২৬। সমগ্ৰ অসমীয়াই পালন কৰিছে হেঁপাহৰ মাঘ বিহু। উৰুকাৰ নিশা প্ৰীতিভোজ খোৱাৰ পাছতে আজি সকলোৱে মিলি মেজিত অগ্নিসংযোগ কৰি সমাজৰ কুশল মংগল কামনা কৰে। আজিৰ এই পুৱা ক’ৰ পৰা কি খবৰ পোহৰলৈ আহিছে, কেইটামান গুৰুত্বপূৰ্ণ খবৰ তলত উল্লেখ কৰা হ’ল-
- আজি সমগ্ৰ অসমীয়াই পালন কৰিছে হেঁপাহৰ ভোগালী বিহু। পুৱা উঠি সকলোৱে মিলি মেজিত অগ্নিসংযোগ কৰি সমাজৰ কুশল মংগল কামনা কৰে। আপোনজনে আপোনজনক বিহু খাবলৈ মাতে।
- এইবাৰো হাজোত অনুষ্ঠিত নহয় বুলবুলি চৰাইৰ যুঁজ। দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি এই যুঁজ অনুষ্ঠিত নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে খেল পৰিচালনা সমিতিয়ে।
- মহানগৰীত হিট এণ্ড ৰানৰ ঘটনা। সুৰামত্ত যুৱতীয়ে এগৰাকী শ্ৰমিকক খুন্দিয়ায়। যাৰ ফলত তেওঁ আঘাতপ্ৰাপ্ত হয়। ঘটনা সংঘটিত কৰিয়েই সেই স্থানৰ পৰা পলায়ন কৰে যুৱতীগৰাকীয়ে। ছয়মাইল উৰণসেতুৰ খানাপাৰা দিশত সংঘটিত হৈছে এই ঘটনা।
- অসম প্ৰদেশ কংগ্ৰেছৰ ভিতৰত চ’ৰাত একাংশ নেতা অসন্তুষ্ট হোৱাৰ সন্দেহ। ৰেজাউল কৰিম সৰকাৰক মুখ্যমন্ত্ৰীৰ এজেন্ট বুলি উল্লেখ কৰিছে দেৱব্ৰত শইকীয়াই। ইয়াৰোপৰি বিভিন্ন দিশৰ দলৰ নেতৃত্বৰ প্ৰতি একাংশ অসন্তুষ্ট হোৱাৰ ইংগিত পোৱা গৈছে।
- জম্মু-কাশ্মীৰৰ সীমান্তত দীৰ্ঘদিন ধৰি সন্দেহজনক ড্ৰোণ দেখা গৈছে। ইয়াৰ মাজতে পুনৰ ৰাজৌৰী জিলাৰ কেৰী চেক্টৰৰ ডুংগা গালা অঞ্চলৰ নিয়ন্ত্ৰণ ৰেখাত সন্দেহজনক ড্ৰোণ দেখা যায়। ড্ৰোণটো দেখাৰ লগে লগে ভাৰতীয় সেনাই গুলীচালনা কৰে। ইয়াৰ পাছত ড্ৰোণটো উভতি যায়। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে।
- আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্স আৰু বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’ই ডেনমাৰ্ক আৰু গ্ৰীণলেণ্ডৰ বৈদেশিক মন্ত্ৰীসকলৰ সৈতে বৈঠকত মিলিত হ’ব। এই সময়চোৱাত তেওঁলোকে গ্ৰীণলেণ্ডক অধিগ্ৰহণ কৰা বিষয়টোৰ ওপৰত আলোচনা কৰিব।
- বাংলাদেশ ক্ৰিকেট ব’ৰ্ডে ২০২৬ চনৰ টি-২০ বিশ্বকাপৰ খেলসমূহ ভাৰতত নেখেলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ICC ৰ অনুৰোধৰ পাছতো তেওঁলোকৰ স্থিতি সলনি হোৱা নাই। খেলুৱৈ আৰু কৰ্মচাৰীৰ সুৰক্ষাৰ প্ৰতি চিন্তিত বুলি কয় বাংলাদেশ বৰ্ডে।
অন্য খবৰ পঢ়কঃ NRC ত নাম থকাসকলক ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ দাবী আমছুৰ, নিৰ্বাচন আয়োগলৈ স্মাৰক পত্ৰ…