Morning News: পলকতে চকু ফুৰাওক পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰত…
ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো।

পুৱাৰ মুখ্য খবৰ
প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।
- ট্ৰিনিদাদ এণ্ড ট’বাগোৰ সৰ্বোচ্চ অসামৰিক সন্মান “দ্য অৰ্ডাৰ অৱ দ্য ৰিপাব্লিক অৱ ট্ৰিনিদাদ এণ্ড ট’বাগো”- ৰে সন্মানিত কৰা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক। বৃহস্পতিবাৰে ট্ৰিনিদাদ এণ্ড ট’বাগোত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী মোদীক দেশখনৰ ৰাষ্ট্ৰপতি ক্ৰীষ্টিন কংগালুৱে এই সন্মান প্ৰদান কৰে। উল্লেখ্য যে প্ৰধানমন্ত্ৰী মোদীয়ে বিদেশী দেশৰ পৰা লাভ কৰা এয়া ২৫ আন্তৰ্জাতিক সন্মান।
- দুই চুবুৰীয়া ৰাজ্য অসম আৰু মেঘালয়ৰ মাজত দীৰ্ঘদিন ধৰি চলি থকা সীমা বিবাদ সমাধানৰ দিশত এক গুৰুত্বপূর্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছে। অসম আৰু মেঘালয়ৰ মাজত সীমাকেন্দ্ৰিক বিবাদিত অঞ্চলসমূহৰে এটাত বৃহস্পতিবাৰে প্ৰথমটো সীমা স্তম্ভ স্থাপন কৰা হৈছে। এক্সত এক পোষ্টযোগে এই বিষয়ে সদৰী কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ২০২২ চনত দুয়োখন ৰাজ্যৰ মাজত স্বাক্ষৰিত বুজাবুজিৰ চুক্তিৰ আধাৰত এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।
- নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে ৰাজ্যত চলি থকা অভিযানৰ অংশ হিচাপে এক বৃহৎ সাফল্য লাভ কৰিছে কাৰ্বি আংলং আৰক্ষীয়ে। বৃহস্পতিবাৰে এক নিয়মীয়া পৰীক্ষাৰ সময়ত আৰক্ষীয়ে এখন বাহনৰ পৰা ২.৫ কোটি টকা মূল্যৰ ৪৩.৫ কিলোগ্ৰাম আফিং জব্দ কৰে। এই গোচৰ সন্দৰ্ভত ৩ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক এক্স পোষ্ট যোগে এই তথ্য প্ৰদান কৰে।
- সম্প্ৰতি ৫ দেশৰ ভ্ৰমণত থকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘানা আৰু ট্ৰিনিদাদ এণ্ড ট’বাগোৰ পিছত আ্জি আৰ্জেণ্টিনাত উপস্থিত হৈছে। আজি প্ৰধানমন্ত্ৰী মোদী আৰু আৰ্জেণ্টিনাৰ ৰাষ্ট্ৰপতি জেভিয়াৰ জেভিয়াৰ মিলীৰ মাজত দ্বিপাক্ষিক আলোচনা হ’ব। ইয়াৰ উপৰিও তেওঁ ভাৰতীয় মূলৰ লোককো সম্বোধন কৰিব। প্ৰধানমন্ত্ৰী মোডীৰ এই ভ্ৰমণৰ সময়ত ভাৰত আৰু আৰ্জেণ্টিনাৰ মাজত প্ৰতিৰক্ষা, কৃষি, শক্তি, পাৰমাণৱিক সহযোগিতা, বাণিজ্য আৰু বিনিয়োগ সন্দৰ্ভত আলোচনা হ’ব পাৰে।
- উত্তৰ প্ৰদেশৰ সম্ভল জিলাত সংঘটিত হৈছে এক মৰ্মান্তিক পথ দুৰ্ঘটনা। বিবাহৰ উদ্দেশ্যে বৰযাত্ৰীৰ বাহন কন্যাঘৰলৈ যাত্ৰা কৰাৰ সময়তে এক ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হয়। এই দুৰ্ঘটনাত দৰাৰ লগতে তেওঁৰ ভগ্নীসহ মুঠ পাঁচজন লোকে কৰুণভাৱে মৃত্যুক সাবটি লয়।
- বিটিচি নিৰ্বাচনৰ বাবে দলৰ হৈ ব্যাপক প্ৰচাৰ চলাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বৃহস্পতিবাৰে তেওঁ তামুলপুৰত এক নিৰ্বাচনী সভাত অংশ লয়। এই সভাত মুখ্যমংত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছক তীব্ৰ আক্ৰমণ কৰে। বিৰোধী দলটোৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ অভিযোগ তুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ‘কংগ্ৰেছে মুছলমানৰ ভোট লয় যদিও কিন্তু মেলে-মিটিঙে আহিলে মুছলমানৰ পৰম্পৰাগত পোছাক আৰু টুপী পিন্ধি নাহিবলৈ নিৰ্দেশ দিয়ে’ বুলি দাবী কৰে। বিজেপিয়ে কোনো লোকক তেনে নিৰ্দেশ নিদিয়ে বুলিও মুখ্যমন্ত্ৰীয়ে দোহাৰে।
- ভাৰত আৰু ইংলেণ্ডৰ মাজত চলি থকা এডবাষ্টন টেষ্টৰ কালি তৃতীয় দিনা শক্তিশালী স্থিতিত উপনীত হৈছে ভাৰতীয় দল। ভাৰতৰ প্ৰথম ইনিংছত ৫৮৭ ৰানৰ প্ৰত্যুত্তৰত ইংলেণ্ডে ৪০৭ ৰানত ইনিংছ সামৰে আৰু ভাৰতে এইদৰে ১৮০ ৰানৰ বৃহৎ অগ্ৰগতি লাভ কৰে। তৃতীয় দিনাৰ খেল সামৰণিৰ পৰলৈ ভাৰতে ১ উইকেটত ৬৪ ৰান সংগ্ৰহ কৰি সামগ্ৰিক অগ্ৰগতি ২৪৪ ৰানলৈ বৃদ্ধি কৰিছে।
- চলিত ফিফা ক্লাৱ ৱৰ্ল্ড কাপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে প্ৰিমিয়াৰ লীগৰ আগশাৰীৰ ক্লাৱ চেলছীয়ে। আজি প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত চেলছীয়ে প্ৰতিপক্ষ ব্ৰাজিলিয়ান ক্লাৱ পালমেইৰাছক ২-১ ব্যৱধানত পৰাস্ত কৰে।