গুৱাহাটীত উলিয়াব নোৱাৰিব কোনো ধৰণৰ শোভাযাত্ৰা…
গুৱাহাটীত উলিয়াব নোৱাৰিব কোনো ধৰণৰ শোভাযাত্ৰা। নিষেধাজ্ঞা আৰোপ কৰিছে কামৰূপ মহানগৰ প্ৰশাসনে। উপ আৰক্ষী আয়ুক্ত ইমদাদ আলীৰ দ্বাৰা জাৰি কৰা এই নিৰ্দেশনা আজিৰ পৰা কাৰ্যকৰী হ’ব।

এতিয়াৰ পৰা গুৱাহাটীত উলিয়াব নোৱাৰিব কোনো ধৰণৰ শোভাযাত্ৰা। নিষেধাজ্ঞা আৰোপ কৰিছে কামৰূপ মহানগৰ প্ৰশাসনে। এইলৈ জাৰি কৰা নিৰ্দেশনাত কোৱা হৈছে যে, গুৱাহাটীবাসীৰ যাতায়তত যাতে কোনো ধৰণৰ অসুবিধা সৃষ্টি নহয়, তাৰ বাবে এই নিৰ্দেশনা জাৰি কৰি শোভাযাত্ৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে । আশা কৰা হৈছে যে, এই সিদ্ধান্তৰ দ্বাৰা গুৱাহাটী চহৰত যান-জঁটৰ সমস্যা হ্ৰাস পাব ।
উল্লেখ্য যে, উপ আৰক্ষী আয়ুক্ত ইমদাদ আলীৰ দ্বাৰা জাৰি কৰা এই নিৰ্দেশনা আজি ৬ জুন ২০২৫ৰ পৰা কাৰ্যকৰী হ’ব। এই নিৰ্দেশ ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা, ২০২৩ ৰ ১৬৩ নং ধাৰাৰ অধীনত জাৰি কৰা হৈছে আৰু ইয়াৰ লক্ষ্য হৈছে যান-জঁট আৰু ইয়াৰ লগত জড়িত সমস্যাসমূহ দূৰ কৰা।
কোৱা হৈছে যে, এই ধৰণৰ কাৰ্যসূচীসমূহে প্ৰায়ে সৃষ্টি কৰা যান-জঁটৰ সমস্যা কৰে । গতিকে এই সমস্যা সমাধানৰ বাবে শোভাযাত্ৰা, ৰেলী, দৌৰ, মাৰাথন আদিত বাধা আৰোপ কৰাৰ সিদ্ধান্ত লোৱা লৈছে । লগতে কোৱা হৈছে যে, এনে সমাৱেশে যান-বাহনৰ মুক্ত চলাচলত প্ৰভাৱ পেলাব পাৰে, যাৰ ফলত যাতায়ত আৰু সাধাৰণ জনতাৰ অসুবিধাৰ সৃষ্টি হ’ব পাৰে। তদুপৰি, ইয়াৰ দ্বাৰা জৰুৰীকালীন সেৱাও প্ৰভাৱিত হয়, যিয়ে জনসাধাৰণৰ সুৰক্ষা ক্ষেত্ৰত বিপদ সৃষ্টি কৰিব পাৰে।
এই আদেশৰ উদ্দেশ্য হৈছে, পথৰ ব্যৱহাৰ উন্নত কৰা, যাতে ৰাজহুৱা আৰু জৰুৰীকালীন সেৱাসমূহ কোনো বাধা নোহোৱাকৈ চলিব পাৰে। বৃহৎ শোভাযাত্ৰাৰ ফলত সৃষ্টি হোৱা অসুবিধাৰ সন্দৰ্ভত অসংখ্য অভিযোগ লাভ কৰিছে মহানগৰ প্ৰশাসনে আৰু ইয়াৰ ফলত এই ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।
কোনোৱে যদি এই নিৰ্দেশনা উলংঘা কৰে, তেন্তে তেওঁ ভাৰতীয় ন্যায় সংহিতা, ২০২৩ৰ ২২৩ ধাৰাত শাস্তিযোগ্য । এই আদেশৰ দ্বাৰা প্ৰভাৱিত নাগৰিকসকলে নিৰ্দেশনা বাতিল বা পৰিৱৰ্তন বিচাৰিলে উপ-আয়ুক্তৰ ওচৰত বিবেচনাৰ বাবে লিখিত আপত্তি দাখিল কৰাৰ সুযোগ পাব।