শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

আগতীয়াকৈ আহিল মৌচুমী, আগন্তুক ৭২ ঘণ্টাত অসমত মুষলধাৰ বৰষুণৰ আগজাননী…

অসমৰ কেইবাখনো জিলাত ধাৰাষাৰ বৰষুণ হোৱাৰ সতৰ্কবাণী জাৰি কৰিছে ভাৰতৰ বতৰ বিজ্ঞান কেন্দ্ৰই । এইবাৰ কেৰালাৰ লগতে উত্তৰ-পূব ভাৰতৰ কিছু অংশত আগতীয়াকৈ প্ৰৱেশ কৰিছে দক্ষিণ-পশ্চিম মৌচুমী বতাহ ।

আগতীয়াকৈ আহিল মৌচুমী, আগন্তুক ৭২ ঘণ্টাত অসমত মুষলধাৰ বৰষুণৰ আগজাননী…
বাৰিষাImage Credit source: GettyImage
manas-borah
Manas Borah | Updated On: 26 May 2025 17:11 PM

আগন্তুক ৭২ ঘণ্টাত অসমৰ কেইবাখনো জিলাত ধাৰাষাৰ বৰষুণ হোৱাৰ সতৰ্কবাণী জাৰি কৰিছে ভাৰতৰ বতৰ বিজ্ঞান কেন্দ্ৰই । এইবাৰ কেৰালাৰ লগতে উত্তৰ-পূব ভাৰতৰ কিছু অংশত আগতীয়াকৈ প্ৰৱেশ কৰিছে দক্ষিণ-পশ্চিম মৌচুমী বতাহ । যাৰ বাবে এই আগজাননী প্ৰকাশ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই ।

আইএমডিৰ মতে, সাধাৰণতে ১ জুনৰ পৰা কেৰালাত দক্ষিণ পশ্চিম মৌচুমী বতাহৰ প্ৰভাৱ দেখা যায় । কিন্তু এইবাৰ পূৰ্বৰ তুলনাত আঠ দিন আগতেই অৰ্থাত ২৪ মে’ত প্ৰৱেশ কৰিছে মৌচুমী বতাহ । ২০০৯ চনৰ পিছত প্ৰথমবাৰলৈ অঞ্চলটোত আগতীয়াকৈ প্ৰৱেশ কৰিছে দক্ষিণ পশ্চিম মৌচুমী বতাহ । তথ্য অনুসৰি, ১৯৯০ চনৰ ১৯ ​​মে’ত কেৰালাত প্ৰথমবাৰৰ বাবে আগতীয়াকৈ মৌচুমীৰ প্ৰভাৱ দেখা গৈছিল ।

আগতীয়া মৌচুমীৰ প্ৰভাৱ পৰিছে উত্তৰ-পূবতো । ইতিমধ্যে মিজোৰামৰ কিছু অংশত বাৰিষাৰ পূৰ্বে বৰষুণ আৰম্ভ হৈছে । বৰ্তমান যথেষ্ট আগতীয়াকৈ দক্ষিণ পশ্চিম মৌচুমী বতাহ প্ৰৱেশ কৰিছে । ইয়াৰ উত্তৰ সীমা ২৭° উত্তৰৰ পৰা ৯৮° পূবলৈকে বিস্তৃত । গতিকে ই অসম আৰু নাগালেণ্ডৰ দৰে উত্তৰ-পূবৰ ৰাজ্যত যথেষ্ট প্ৰভাৱিত কৰাৰ ইংগিত দিয়ে ।

গুৱাহাটী আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত আগন্তুক পাঁচ দিনলৈ আংশিকভাৱে বতৰ ডাৱৰীয়া হোৱাৰ সম্ভাৱনা আছে । ফলস্বৰূপে বৰষুণ বা ধুমুহা বৰষুণৰ আগজাননী প্ৰকাশ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই । সপ্তাহৰ শেষৰ ফালে বৰষুণ আৰু ধুমুহাৰ সম্ভাৱনাও আছে ।

গুৱাহাটীৰ বতৰৰ আগজাননী:

আগন্তুক এটা দিনত তাপমাত্ৰা সৰ্বোচ্চ ৩৪°C / সৰ্বনিম্ন ২৫°C থাকিব । বতৰ আংশিকভাৱে ডাৱৰীয়া হ’ব । বৰষুণ বা বজ্ৰপাতৰ আশংকা আছে ।

আগন্তুক ২-৫ দিন: তাপমাত্ৰা সৰ্বোচ্চ ৩৩°C / সৰ্বনিম্ন ২৪-২৫°C । এই দিন কেইটাত বতৰ একেধৰণে থাকিব ।

আগন্তুক ৬-৭ দিন: তাপমাত্ৰা সৰ্বোচ্চ ৩১°C / সৰ্বনিম্ন ২৪°C । লগতে ধুমুহা আৰু ব্যাপক বৰষুণৰ সম্ভাৱনা আছে ।

উল্লেখ্য যে, বিশেষকৈ বান প্ৰৱণ অঞ্চলৰ বাসিন্দাসকলক সজাগ হৈ থাকিবলৈ পৰামৰ্শ দিয়া হৈছে । চৰকাৰী বতৰ আৰু দুৰ্যোগ প্ৰশমন সংস্থাসমূহৰ পৰা পোৱা আপডেটসমূহ অনুসৰণ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে । স্থানীয় কৰ্তৃপক্ষই এনে এলেকাসমূহ নিৰীক্ষণ কৰাৰ লগতে জৰুৰীকালীন সেৱাৰ বাবে সাজু হৈ আছে ।