শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ফুল তুলিবলৈ যোৱা মহিলাৰ সৈতে জঘন্য কাণ্ড, গ্ৰেপ্তাৰ আমিনুৰ ৰহমান…

পুনৰ পোহৰলৈ আহিছে এক জঘন্য কাণ্ডৰ ঘটনা। এগৰাকী মহিলাই যুৱকৰ বিৰুদ্ধে ডাঙৰ অভিযোগ উত্থাপন কৰিছে। এই ঘটনা সন্দৰ্ভত ইতিমধ্যে এজন লোক গ্ৰেপ্তাৰ হৈছে। বৰ্তমান তদন্ত অব্যাহত আছে।

ফুল তুলিবলৈ যোৱা মহিলাৰ সৈতে জঘন্য কাণ্ড, গ্ৰেপ্তাৰ আমিনুৰ ৰহমান…
অভিযুক্ত
barasha-sarma
Barasha Sarma | Updated On: 12 Sep 2025 12:03 PM

ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা। প্ৰতিদিনেই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা কিছুমান নাৰীজনিত অপৰাধমূলক ঘটনা পোহৰলৈ অহা দেখা যায়। শেহতীয়াকৈ পুনৰ এক জঘন্য কাণ্ডৰ কথা পোহৰলৈ আহিছে। এগৰাকী মহিলাক এজন যুৱকে ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে। বিলাসীপাৰাৰ পৰা এই ঘটনা পোহৰলৈ অহাৰ পাছতেই সৰ্বত্ৰে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি  হৈছে। ইফালে ঘটনাৰ পাছতে আৰক্ষীয়ে অভিযুক্ত মুন্না ওৰফে আমিনুৰ ৰহমানক গ্ৰেপ্তাৰ কৰি তদন্ত আৰম্ভ কৰিছে।

বিলাসীপাৰাৰ আনন্দনগৰত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ধৰ্ষণ কাণ্ডৰ ঘটনা। হিন্দু ধৰ্মৰ মহিলাগৰাকীয়ে আমিনুৰ ৰহমানৰ বিৰুদ্ধে এই জঘন্য কাণ্ডৰ অভিযোগ উত্থাপন  কৰিছে। ঘটনাৰ বিৱৰণী অনুসৰি কদমতলা তৃতীয় খণ্ড গাঁৱত মহিলাগৰাকী ফুল তুলিবলৈ গৈছিল। কিন্তু তেনে অৱস্থাতে অভিযুক্ত মুন্না ওৰফে আমিনুৰে এই কাণ্ড সংঘটিত কৰে।

এই ঘটনাৰ পাছতে মহিলাগৰাকীয়ে যুৱকজনৰ বিৰুদ্ধে বিলাসীপাৰা আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। মহিলাগৰাকীৰ এজাহাৰৰ ভিত্তিত বিলাসীপাৰা আৰক্ষীয়ে ২৮৯/২৫ ৬৪(১) বি এন এছত গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰে আমিনুৰ ৰহমান মুন্নাক। বৰ্তমান ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। গতিকে তদন্তৰ অন্তত অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

উল্লেখ্য যে, এয়াই নহয়, ৰাজ্যত তীব্ৰগতিত নাৰীজনিত অপৰাধমূলক বৃদ্ধি হৈ আছে। কালি নিশা সোণাৰিত সংঘটিত হয় এক ভয়ংকৰ কাণ্ড। পাৰিবাৰিক কণ্ডলৰ পৰিণতিত স্বামীয়ে নিজ পত্নীক উপৰ্যুপৰি দাৰে আক্ৰমণ কৰি হত্যাৰ চেষ্টা চলায়। পৰৱৰ্তী সময়ত স্বামীয়ে নিজে চৰম পন্থা গ্ৰহণ কৰে। বৰ্তমান অতি সংকটজনক অৱস্থাত মহিলাগৰাকী হাস্পাতালত ভৰ্তি হৈ আছে।

ৰাজ্যত বৃদ্ধি পোৱা এনে অপৰাধজনিত ঘটনাই সাধাৰণ নাগৰিকৰ নিৰাপত্তাৰ বিষয়টোৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে। কিয়নো এতিয়া যেন নোহোৱা হৈ পৰিছে নিৰাপত্তা। গতিকে এই ক্ষেত্ৰত আৰক্ষী তথা প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত হ’ব লক্ষণীয়।

 

অন্য খবৰ পঢ়কঃ সোণাৰিত ভয়ংকৰ ঘটনা! পত্নীৰ সৈতে নৃশংস কাণ্ড স্বামীৰ, পাছত নিজে গ্ৰহণ কৰিলে চৰম সিদ্ধান্ত…