শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

সোণাৰিত ভয়ংকৰ ঘটনা! পত্নীৰ সৈতে নৃশংস কাণ্ড স্বামীৰ, পাছত নিজে গ্ৰহণ কৰিলে চৰম সিদ্ধান্ত…

সোণাৰিত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। পাৰিবাৰিক কন্দলৰ পৰিণতিত পত্নীৰ প্ৰাণ লৈ চৰম পন্থা গ্ৰহণ কৰিলে স্বামীয়ে। এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

সোণাৰিত ভয়ংকৰ ঘটনা! পত্নীৰ সৈতে নৃশংস কাণ্ড স্বামীৰ, পাছত নিজে গ্ৰহণ কৰিলে চৰম সিদ্ধান্ত…
সোণাৰি
barasha-sarma
Barasha Sarma | Updated On: 12 Sep 2025 11:47 AM

দেশত প্ৰতিদিনে বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা। কেৱল দেশতেই নহয়, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন সময়ত কিছুমান জঘন্য কাণ্ডৰ ঘটনা পোহৰলৈ আহে। শেহতীয়াকৈ সোণাৰিৰ পৰা পোহৰলৈ অহা এক ঘটনাই স্তম্ভিত কৰি তুলিব আপোনাক। এজন স্বামীয়ে নৃশংসতাৰ সকলো সীমা অতিক্ৰম কৰি পত্নীক হত্যা কৰাৰ চেষ্টা কৰি নিজে জীৱনৰ চৰম সিদ্ধান্ত গ্ৰহণ কৰে। শুকুৰবাৰে পুৱা আৰক্ষীয়ে লোকজনৰ মৃতদেহ উদ্ধাৰ কৰি তদন্ত আৰম্ভ কৰিছে। এই কাণ্ডই সমগ্ৰ অঞ্চল জোকাৰি গৈছে।

সোণাৰিৰ লংপতীয়াত সংঘটিত হৈছে এই লোকহৰ্ষক কাণ্ড আৰু চৰম পন্থাৰ ঘটনা। পাৰিবাৰিক কণ্ডলৰ কৰুণ পৰিণতিতেই এই ঘটনা সংঘটিত হোৱা বুলি একাংশই সন্দেহ কৰিছে। অভিযোগ অনুসৰি, বৃহস্পতিবাৰ (১১ ছেপ্টেম্বৰ)ৰ নিশা সোণাৰিৰ লংপতীয়া কেচাখোৱা চুকৰ বকুল গগৈ আৰু পত্নী অনিমা গগৈৰ মাজত প্ৰথমে কিবা কথাক লৈ কাজিয়া  হয়। এই কাজিয়া পৰৱৰ্তী সময়ত চৰম পৰ্যায় পায়গৈ, যাৰ পৰিণতিত স্বামীয়ে পত্নীক দাৰে উপৰ্যুপৰি আক্ৰমণ কৰে।

এই ঘটনাৰ পাছতে স্থানীয় লোক সেই স্থানত উপস্থিত হৈ মহিলাগৰাকীক লগে লগে সংকটজনক অৱস্থাত ৰজাপুখুৰিস্থিত চৰাইদেউ জিলা চিকিৎসালয়ত ভৰ্তি কৰে। কিন্তু অনিমাৰ স্বাস্থ্যৰ অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি চিকিৎসকে তেওঁক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰে। বৰ্তমান অতি সংকটজনক অৱস্থাত জীৱন-মৃত্যুৰে যুঁজি আছে অনিমা। এই কাণ্ড ইমানেই নৃশংস আছিল যে মহিলাগৰাকীৰ মুখমণ্ডল সম্পূৰ্ণৰূপে নষ্ট হৈ যায়। স্বামীৰ প্ৰহাৰত মহিলাগৰাকীৰ এটা চকু আৰু মূৰৰ এটা অংশ প্ৰায় ওলাই যায়।

সমান্তৰালকৈ এই ঘটনাৰ বিষয়ে স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়ে। আৰক্ষীৰ তদন্তৰ মাজতে আজি পুৱা পথাৰত অভিযুক্ত স্বামী বকুল গগৈৰ মৃতদেহ প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে। লগে লগে তেওঁলোকে আৰক্ষীক খবৰ দিয়ে। পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

এই ঘটনাই সমগ্ৰ অঞ্চলটোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে। কি কাৰণে এই ঘটনা সংঘটিত হৈছে এতিয়াও জানিব পৰা যায়। চিকিৎসকে অশেষ কষ্ট কৰি অনিমা গগৈৰ প্ৰাণ ৰক্ষা কৰাৰ চেষ্টা কৰি আছে। এই সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান আৰক্ষীৰ তদন্ত অব্যাহত আছে। তদন্তৰ অন্তত অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

 

 

অন্য খবৰ পঢ়কঃ পত্নী-প্ৰেমিকক আপত্তিজনক অৱস্থাত উদ্ধাৰ! তাৰ পাছতে এক ভয়ংকৰ কাণ্ড, মোনা লৈ থানাত উপস্থিত স্বামী…