শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

দীৰ্ঘদিন ধৰি কিশোৰী কন্যাৰ সৈতে পিতৃৰ অসৎ কৰ্ম! প্ৰথমে গৰ্ভৱতী আৰু পাছত…

কাছাৰৰ পৰা পোহৰলৈ আহিছে এক জঘন্য ঘটনা। এগৰাকী পিতৃৰ কামনাৰ বলি এগৰাকী কিশোৰী। ইয়াৰ পাছতে কিশোৰীগৰাকীয়ে এটি সন্তান জন্ম দিয়ে। ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে অভিযুক্ত।

দীৰ্ঘদিন ধৰি কিশোৰী কন্যাৰ সৈতে পিতৃৰ অসৎ কৰ্ম! প্ৰথমে গৰ্ভৱতী আৰু পাছত…
প্ৰতীকী ফটোImage Credit source: GettyImages
barasha-sarma
Barasha Sarma | Published: 13 Nov 2025 12:16 PM

ৰাজ্যত বৃদ্ধি পোৱা অপৰাধজনিত ঘটনাৰ মাজতে পুনৰ পোহৰলৈ আহিছে এক ধৰ্ষণ কাণ্ডৰ ঘটনা। শেহতীয়াকৈ আৰক্ষীয়ে কাছাৰ পৰা গ্ৰেপ্তাৰ কৰিছে এজন লোকক। অভিযোগ অনুসৰি এই লোকজনে দীৰ্ঘদিন ধৰি নিজৰ কিশোৰী কন্যাক ধৰ্ষণ কৰি আহিছিল। শিশু হেল্পলাইন নম্বৰৰ সহায়ত এজাহাৰ দাখিল কৰাৰ প্ৰায় ১০ মাহ পাছত আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে।

২০২৫ চনৰ জানুৱাৰী মাহৰ পৰাই অভিযুক্ত পলাতক অৱস্থাত আছিল। তেতিয়া তেওঁৰ ১৬ বছৰীয়া কন্যাই আৰক্ষীক যৌন নিৰ্যাতনৰ খবৰ দিছিল। দীৰ্ঘদিন ধৰি অভিযান চলোৱাৰ অন্তত ১০ নৱেম্বৰত গ্ৰেপ্তাৰ হয় মূল অভিযুক্ত। ঘটনা সন্দৰ্ভত উধৰবণ্ড থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ছিমছিং টিমুঙে কয় যে,যোৱা জানুৱাৰী মাহত অভিযোগ লাভ কৰাৰ পাছত আমি এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰো। অভিযুক্তই যোৱা ১০ মাহ ধৰি পলায়ন কৰি আছিল। অৱশেষত আমি তেওঁক সোমবাৰে গ্ৰেপ্তাৰ কৰো।

জানিব পৰা মতে, ধৰ্ষণৰ ভুক্তভোগীয়ে এটি কন্যা সন্তান জন্ম দিছে। ১৮ জানুৱাৰী, ২০২৫ ত তেওঁ শিলচৰৰ ৰংগিৰখাৰী আৰক্ষী থানাত উপস্থিত হৈ ঘটনা সন্দৰ্ভত অভিযোগ দাখিল কৰিছিল। কিশোৰীগৰাকীয়ে কৈছিল যে, তেওঁ উধৰবণ্ডৰ বাসিন্দা। ২০২২ চনৰ পৰা পিতৃয়ে তেওঁৰ সৈতে ধৰ্ষণ কাণ্ড সংঘটিত কৰি আহিছে। কিন্তু পিতৃয়ে তেওঁ ভাবুকি দি ৰাখিছিল, যাৰ বাবে কাকো ইয়াৰ বিষয়ে অৱগত কৰা নাছিল।

কিশোৰীগৰাকীয়ে কয় যে, পিতৃয়ে নিজ ঘৰতেই তেওঁক কেইবাবাৰো ধৰ্ষণ কৰিছিল। ইমানেই নহয়, কাৰোবাক এই বিষয়ে অৱগত কৰিলে সৰু ভাতৃক হত্যা কৰাৰ ভাবুকি দিছিল। কিন্তু উপায়ন্তৰ হৈ শেষত তেওঁ আৰক্ষীৰ কাষ চাপিছিল। ইয়াৰ পাছতে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত পকচো আইনৰ অধীনত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে। এই ঘটনাৰ কেইবামাহ পাছত গ্ৰেপ্তাৰ হয় মূল অভিযুক্ত। গ্ৰেপ্তাৰৰ পাছতে অভিযুক্তক আদালতত হাজিৰ কৰোৱা হয়। আদালতে তেওঁক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে।

 

অন্য খবৰ পঢ়কঃ দিল্লীৰ বিস্ফোৰণক লৈ বিতৰ্কিত মন্তব্য! অসমত গ্ৰেপ্তাৰ ১৫ জন…