শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

দিল্লীৰ বিস্ফোৰণক লৈ বিতৰ্কিত মন্তব্য! অসমত গ্ৰেপ্তাৰ ১৫ জন…

Delhi Blast case: দিল্লীৰ বিস্ফোৰণ সন্দৰ্ভত বিতৰ্কিত পোষ্ট দি অসমত গ্ৰেপ্তাৰ ১৫ জন। এই লোকসকলে সামাজিক মাধ্যমৰ জৰিয়তে বিভিন্ন মন্তব্য কৰিছিল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰে এই কথা।

দিল্লীৰ বিস্ফোৰণক লৈ বিতৰ্কিত মন্তব্য! অসমত গ্ৰেপ্তাৰ ১৫ জন…
হিমন্ত বিশ্ব শৰ্মাImage Credit source: Facebook (himanta biswa sarma)
barasha-sarma
Barasha Sarma | Published: 13 Nov 2025 10:26 AM

দিল্লী বিস্ফোৰণ সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰি এতিয়ালৈকে অসমত গ্ৰেপ্তাৰ হৈছে ১৫ জন। বৃহস্পতিবাৰ (১৩ নৱেম্বৰ)য়ে পুৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰি কৰে। শৰ্মাই কয় যে, দিল্লীৰ বিস্ফোৰণ সন্দৰ্ভত সামাজিক মাধ্যমত বিতৰ্কিত পোষ্ট দি অসমত এতিয়ালৈকে ১৫ জন লোক গ্ৰেপ্তাৰ হৈছে। ইয়াৰোপৰি কয়,  দিল্লীৰ হিংসাৰ সমৰ্থন কৰাসকলৰ বিৰুদ্ধে আপোচহীন হৈ আছে অসম আৰক্ষী।

শৰ্মাৰ মতে, কালি পুনৰ ৬ জন লোক গ্ৰেপ্তাৰ হয়। এইসকল ক্ৰমে- ৰফিজুল আলি (বঙাইগাঁও), ফৰিদ উদ্দিন লস্কৰ (হাইলাকান্দি), ইনামূল ইছলাম (লখিমপুৰ), ফিৰুজ আহমেজদ (লখিমপুৰ), ছাহিল চোমান ছিকদান (বৰপেটা), ৰকিবুল চুলতান (বৰপেটা), নাছিম আক্ৰম (হোজাই), তাছলিম আহমেদ (কামৰূপ), আব্দুৰ ৰহমান মল্লা (দক্ষিণ শালমৰা)।

উল্লেখ্য যে, সোমবাৰে সন্ধিয়া দিল্লীৰ লালকিল্লাৰ সমীপত সংঘটিত হৈছিল ভয়ংকৰ বিস্ফোৰণৰ ঘটনা। এখন চাৰিচকীয়া বাহনত বোমা বিস্ফোৰণ সংঘটিত কৰিছিল সন্ত্ৰাসবাদীয়ে। এই ঘটনাত এতিয়ালৈকে প্ৰায় ১২ জন লোকৰ মৃত্যু আৰু কেইবাজনো আহত হৈছে। এই সমগ্ৰ কাণ্ডই দেশ জোকাৰি গৈছে। এই বিস্ফোৰণ ইমানেই ভয়ংকৰ আছিল যে, ৰাজপথত ছিন্ন ভিন্ন হৈ পৰিছে আছে মৃতদেহৰ টুকুৰা। মৃতদেহ চিনাক্ত কৰিবলৈ কৰিব লগা হৈছে ডি এন এ টেষ্ট।

কিন্তু তাৰ পাছতো অসমত একাংশই এই কাণ্ডৰ সমৰ্থন কৰি সামাজিক মাধ্যমত বিভিন্ন মন্তব্য আগবঢ়াই গৈছে। যাৰ বিৰুদ্ধে সষ্টম হৈ পৰিছে অসম আৰক্ষী। একাংশই সামাজিক মাধ্যমত দিল্লীৰ ঘটনাক সমৰ্থন কৰি পোষ্ট দিছে। এনে পোষ্ট কৰা ইতিমধ্যে ১৫ জন লোক অসমত গ্ৰেপ্তাৰ হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্পষ্টকৈ কৈছে যে এই ঘটনাক সমৰ্থন কৰাসকলক এৰি দিয়া নহয়।

 

অন্য খবৰ পঢ়কঃ দিল্লী বিস্ফোৰণ সন্দৰ্ভত বিতৰ্কিত পোষ্ট দি গ্ৰেপ্তাৰ ফৰিদ উদ্দিন লস্কৰ…