২৫ নৱেম্বৰৰ পৰা বিধানসভাৰ শীতকালীন অধিৱেশন, উত্থাপন হ’ব পাৰে ২৬ খন ন-পুৰণি বিধেয়ক…
Assam Assembly Winter Session: ২৫ নৱেম্বৰৰ পৰা অসম বিধানসভাৰ শীতকালীন অধিৱেশন। ইয়াৰ পূৰ্বে আজি সৰ্বদলীয় বৈঠক অনুষ্ঠিত হয়। য'ত শাসকীয়, বিৰোধিৰ বহু নেতা-মন্ত্ৰীয়ে অংশগ্ৰহণ কৰে। এইবাৰ বিধানসভাত বহু বিধেয়ক উত্থাপন হোৱাৰ সম্ভাৱনা আছে।
অহা ২৫ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব অসম বিধানসভাৰ শীতকালীন অধিৱেশন। ৫ দিনীয়াকৈ অনুষ্ঠিত হ’ব এই অধিৱেশন। য’ত উত্থাপন হ’ব কমেও ২৬ খন ন-পুৰণি বিধেয়ক। ইয়াৰে ৫খন বিধেয়ক সম্পূৰ্ণ নতুন। ইয়াৰোপৰি ২১ খন সংশোধনী বিধেয়ক উত্থাপন হোৱাৰো সম্ভাৱনা আছে। সদনত কমেও দুখন গুৰুত্বপূৰ্ণ প্ৰতিবেদন উত্থাপন হ’ব পাৰে। এই তথ্য সদৰি কৰিছে বিধানসভাৰ প্ৰধান সচিব দুলাল পেগুয়ে।
এই অধিৱেশনত নেলী গণহত্যাৰ প্ৰতিবেদন দাখিল হোৱাৰ সম্ভাৱনা আছে। এছ কে তিৱাৰী আয়োগৰ প্ৰতিবেদন দাখিল হ’ব পাৰে। ইয়াৰোপৰি আৰু কেইবাখনো বিধেয়ক উত্থাপন হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে কি কি বিধেয়ক উত্থাপন হ’ব সেয়া এতিয়ালৈকে স্পষ্ট হোৱা নাই।
অধিৱেশনৰ পূৰ্বে দেওবাৰে সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ আহ্বানমৰ্মে সৰ্বদলীয় বৈঠক অনুষ্ঠিত কৰা হয়। এই বৈঠকৰ সিদ্ধান্ত মৰ্মে দুই এদিন বিধানসভাৰ সময় বৃদ্ধি হ’ব পাৰে। এই সন্দৰ্ভত বিধায়ক দুৰ্গা দাস বড়োৱে কয় যে, “এইবাৰ বিধানসভাত কেইবাখনো বিধেয়ক আছে। গতিকে বিলৰ ওপৰত আলোচনা কৰাৰ বাবে সময় বিচাৰিছে সদস্যসকলে। ইয়াৰোপৰি সকলোৱে জুবিন গাৰ্গৰ বিষয়টোৰ ওপৰত ক’বলৈ ৫ মিনিটকৈ সময় বিচাৰিছে”।
ইয়াৰোপৰি সৰ্বদলীয় বৈঠক সন্দৰ্ভত বিধায়ক মনোৰঞ্জন তালুকদাৰে কয় যে, “এতিয়ালৈকে চৰকাৰে কি কি বিধেয়ক আনে সেয়া স্পষ্ট হোৱা নাই। গতিকে চাই লওক কি কি বিধেয়ক আনে, তাৰ ওপৰত আলোচনা হ’ব। ইয়াৰোপৰি জুবিন গাৰ্গৰ বিষয়টো এৰি দিব নোৱাৰি, এই বিষয়টোৰ ওপৰতো আলোচনা হ’ব বুলি কয় তালুকদাৰে।
ইয়াৰোপৰি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কয় যে, এইবাৰ আমি ১০ দিন মান অধিৱেশন বিচাৰিছিলো। কিয়নো আলোচনা কৰিবলৈ বহু বিষয় আছিল। কিন্তু মাত্ৰ ৫ দিনহে দিলে। এই সময়চোৱাত আমি শিক্ষাৰ দিশতো উত্থাপন কৰিম। কিন্তু আমি জানো চৰকাৰে ভালকৈ একো উত্তৰ নিদিয়ে। গতিকে বাকী দিশবোৰৰ ওপৰতো আলোচনা কৰা হ’ব বুলি কয় শইকীয়াই।
উল্লেখ্য যে, আজি অনুষ্ঠিত হোৱা এই বৈঠকত মন্ত্ৰী পিযুষ হাজৰিকা, মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ লগতে শাসকীয় বিৰোধী দলৰ বহু নেতা-মন্ত্ৰী উপস্থিত থাকে।
অন্য খবৰ পঢ়কঃ ১০ ডিচেম্বৰৰ ভিতৰত দাখিল কৰা হ’ব জুবিন গাৰ্গৰ ঘটনাৰ ছাৰ্জশ্বীট…