গহপুৰৰ প্ৰায় ৩৬ হাজাৰ মহিলাক ১০,০০০ টকাৰ চেক বিতৰণ মুখ্যমন্ত্ৰীৰ….
আজি গহপুৰৰ হাজাৰ হাজাৰ মহিলালৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চেক বিতৰণ কৰে। মহিলা উদ্যমিতা অভিযানৰ অধীনত এই চেক বিতৰণ কাৰ্যসূচী সম্পন্ন কৰে। য'ত হাজাৰ হাজাৰ মহিলাই অংশগ্ৰহণ কৰে।
বৃহস্পতিবাৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই গহপুৰৰ হাজাৰ হাজাৰ মহিলাৰ মাজত চেক বিতৰণ কৰে। বিশ্বনাথ জিলাৰ গহপুৰৰ ভোলাগুৰিস্থিত শ্বহীদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয় চৌহদত অনুষ্ঠিত এক সভাত মুঠ ৩৬,৮৩৪ গৰাকী মহিলাক মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ অধীনত ১০ হাজাৰ টকাৰ চেক প্ৰদান কৰে। ইয়াৰে ৩৫,৫৩০ গৰাকী হৈছে গ্রামাঞ্চলৰ আৰু ১৩০৪ গৰাকী হৈছে নগৰাঞ্চলৰ।
এই সভাত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, বিগত ৪ বছৰে ৰাজ্য চৰকাৰে মহিলাসকলক আগবঢ়াই নিয়াৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁ কয় যে, বৰ্তমানৰ চৰকাৰখনে গ্ৰহণ কৰা বহু আঁচনি সম্প্রতি দেশৰ আন আন ৰাজ্যসমূহে অনুসৰণ কৰিবলৈ লৈছে আৰু অসমে গ্রহণ কৰা আঁচনিসমূহ সমগ্র দেশতে আজি সমাদৰ লাভ কৰিছে।
শৰ্মাই কয় যে, মহিলাসকলে যাতে সমাজ তথা পৰিয়াল পৰিচালনাত এক নেতৃত্ব ল’ব পাৰে সেই উদ্দেশ্যে আমি পদক্ষেপ লৈছো।আমি মহিলা সবলীকৰণৰ বাবে গ্রহণ কৰা প্ৰচেষ্টাৰ ফলস্বৰূপে আজি অসমৰ চাৰিওফালে বাল্যবিবাহ ৰোধ হৈছে আৰু নিযুত মইনাৰ দৰে আঁচনিয়ে মহাবিদ্যালয়সমূহত ছাত্রীসকলৰ উপস্থিতিৰ সংখ্যা বৃদ্ধি কৰিছে। তেওঁ আৰু কয়, নিযুত মইনা আঁচনিখনৰ বাবে ৰাজ্যৰ মহাবিদ্যালয়সমূহত বিগত বছৰৰ তুলনাত ছাত্ৰীৰ নামভৰ্তিৰ সংখ্যা এইবাৰ ৫০ হাজাৰ বৃদ্ধি পাইছে। ইয়াৰোপৰি ৰাজ্যত মহিলাৰ বিৰুদ্ধে অপৰাধ হ্ৰাস পাইছে বুলিও কয় তেওঁ।
শৰ্মাই কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আত্মসহায়ক গোটৰ সৈতে জড়িত মহিলাসকলক লাখপতি বাইদেউ হিচাপে প্রতিষ্ঠা কৰাৰ পদক্ষেপ গ্রহণ কৰিছে। মুখ্যমন্ত্ৰীয়ে গহপুৰৰ কৃষ্ণপুৰৰ আস্তা আত্মসহায়ক গোটৰ সদস্যা পংকজা হাজৰিকাৰ উদাহৰণ দাঙি ধৰে। তেওঁ কয় যে, উদ্যমিতাৰ বলত অসমত ইতিমধ্যে কেইবা লাখো মহিলা লাখপতি হৈছে। উদাহৰণ দি তেওঁ কয় যে, উদ্যমী মহিলাগৰাকীয়ে ২০০৪ চনতে আত্মসহায়ক গোটৰ সৈতে জড়িত হৈ তাঁতশালত পৰম্পৰাগত সাজ-পোছাক আদি বৈ উলিয়াই উৎপাদনমুখী কৰ্মৰত জড়িত হৈ আহিছে। পংকজা হাজৰিকাই প্রতিমাহে প্রায় ৪০ হাজাৰ টকাকৈ বছৰি প্ৰায় ৪.৮০ লাখ টকা উপার্জন কৰে। তেনেদৰে, সমষ্টিটোৰ মিলনপুৰ গাঁৱৰ মাওৰিয়া আত্মসহায়ক গোটৰ সদস্যা ৰণিকা বসুমতাৰীৰ উদাহৰণ দাঙি ধৰি তেওঁ কয় যে ড্রেগন ফলৰ খেতি কৰি উদ্যমী মহিলাগৰাকীয়ে মাহে প্রায় ২৭,৫০০ টকাকৈ বছৰি প্রায় ৩ লাখ ৩০ হাজাৰ টকা আয় কৰে।
শৰ্মাই লগতে কয় যে, এই ধনৰাশি সদব্যৱহাৰ কৰা প্রমাণিত হ’লে পৰৱৰ্তী পর্যায়ত ক্রমে ২৫ হাজাৰ টকাৰ আৰু ৫০ হাজাৰ টকা প্রদান কৰা হ’ব। ভাষণত মুখ্যমন্ত্রীয়ে ৰাজ্য চৰকাৰৰ আন এখন বৃহৎ আঁচনি অৰুণোদয়ৰ বিষেয়ও উল্লেখ কৰে।
অন্য খবৰ পঢ়কঃ দিল্লীৰ বিস্ফোৰণক লৈ বিতৰ্কিত মন্তব্য! অসমত গ্ৰেপ্তাৰ ১৫ জন…