5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

অসমৰ ক’ত মন্দিৰ মুকলি কৰিছিল মহাত্মা গান্ধীয়ে? চাওক ফটো…

Gandhi assam visit: মুঠ ৪ বাৰ অসমলৈ আহিছিল গান্ধী। অসমৰ প্ৰাকৃতিক সৌন্দৰ্য, ব্ৰহ্মপুত্ৰ নদী আদিয়ে মন মুহিছিল গান্ধীৰ। পোন প্ৰথমবাৰৰ বাবে তেওঁ ১৯২১ চনত অসমলৈ আহিছিল। ব্ৰহ্মপুত্ৰৰ পাৰত নবীন চন্দ্ৰ বৰদলৈ আৰু তৰুণৰাম ফুকনে ধৰি কেইবাজনো বিশিষ্ট অসমীয়াই গান্ধীক উষ্ম আদৰণি জনাইছিল।

অসমৰ ক’ত মন্দিৰ মুকলি কৰিছিল মহাত্মা গান্ধীয়ে? চাওক ফটো…
মহাত্মা গান্ধীৰ অসম ভ্ৰমণৰ ফটো
barasha-sarma
Barasha Sarma | Published: 02 Oct 2024 16:40 PM

আজি সমগ্ৰ দেশে স্মৰণ কৰিছে জাতিৰ পিতা মহাত্মা গান্ধীক। প্ৰতিবছৰে ২ অক্টোবৰৰ দিনটো গান্ধী জয়ন্তী হিচাপে পালন কৰা হয়। গান্ধীৰ অহিংসা, সত্য আৰু নাগৰিকৰ অধিকাৰৰ হৈ মহাত্মা গান্ধীয়ে আগবঢ়াই যোৱা অৱদানে বিশ্বৰ বহু মানুহক অনুপ্ৰেৰণা যোগায়। ইংৰাজৰ বিৰুদ্ধে আন্দোলন কৰাৰ সময়ত গান্ধীয়ে দেশৰ বিভিন্ন প্ৰান্তত ঘূৰি ফুৰিছিল। ভাৰতৰ স্বাধীনতাৰ বাবে জনতাক ইংৰাজৰ বিৰুদ্ধে থিয় কৰোৱাৰ ক্ষেত্ৰত গান্ধীৰ যথেষ্ঠ ভূমিকা আছে। তথ্য অনুসৰি গান্ধীয়ে ৪ বাৰ অসম ভ্ৰমণ কৰিছিল।

১৯৩৪ চনত গান্ধীয়ে অসম ভ্ৰমণ কৰাৰ সময়ত যোৰহাটত এটি নামঘৰ ৰাইজলৈ উৎসর্গা কৰিছিল। হৰিজনসকলৰ বাবে নিৰ্মাণ কৰা হৈছিল এই নামঘৰটো। সেই বিশেষ মুহুৰ্তত লোৱা এখন ফটো ছচিয়েল মিডিয়াত পোষ্ট কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। লগতে লিখিছিল যে- “অসমৰ নামঘৰ আৰু পূজ্য গান্ধীজী! সেয়া আছিল ১৯৩৪ চনৰ কথা। পূজ্য গান্ধীজীয়ে অসম ভ্রমণলৈ আহোঁতে যোৰহাটত এটি নামঘৰ ৰাইজলৈ উৎসর্গা কৰিছিল। বিশেষকৈ হৰিজনসকলৰ বাবে নির্মিত নামঘৰটি মহাত্মা গান্ধীৰ কৰকমলেৰে উৎসর্গাৰ দৰে মহৎ পদক্ষেপটিৰ আঁৰৰ মানুহজন আছিল অসমৰ প্রসিদ্ধ গান্ধীবাদী কৃষ্ণনাথ শর্মা, যি হৰিজনসকলৰ উন্নয়নৰ হকে সদায় অহোপুৰুষার্থ কৰিছিল। 📷 সংলগ্ন আলোকচিত্রখন সেই বিশেষ দিনটিৰ এটি মুহূর্ত”।

ইয়াৰোপৰি মুঠ ৪ বাৰ অসমলৈ আহিছিল গান্ধী। অসমৰ প্ৰাকৃতিক সৌন্দৰ্য, ব্ৰহ্মপুত্ৰ নদী আদিয়ে মন মুহিছিল গান্ধীৰ। পোন প্ৰথমবাৰৰ বাবে তেওঁ ১৯২১ চনত অসমলৈ আহিছিল। ব্ৰহ্মপুত্ৰৰ পাৰত নবীন চন্দ্ৰ বৰদলৈ আৰু তৰুণৰাম ফুকনে ধৰি কেইবাজনো বিশিষ্ট অসমীয়াই গান্ধীক উষ্ম আদৰণি জনাইছিল। এই সময়চোৱাত গান্ধীত অসমৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু সাহিত্যৰ সৈতে চিনাকী কৰাই দিয়া হৈছিল। গান্ধীৰ এই অসম ভ্ৰমণৰ কথা কৃষ্ণা দাসৰ কিতাপ Seven Months with Mahatma Gandhi: Being an Inside View of the Indian Non Co-operation Movement of 1921-22 (১৯২৮ ত প্ৰকাশিত) ত উল্লেখ আছে।

ইয়াৰ পাছতে গান্ধীয়ে ১৯২৬, ১৯৩৪ আৰু ১৯৪৬ ত অতি কম সময়ৰ বাবে অসমলৈ আহিছিল। গান্ধী অসমলৈ অহাৰ পূৰ্বে অসমৰ মানুহে তেওঁৰ প্ৰতি আকৰ্ষিত হৈ পৰিছিল। গান্ধীৰ নীতি অনুসৰণ কৰি অসমৰ লাখ লাখ জনতা ইংৰাজৰ বিৰুদ্ধে আন্দোলনত জঁপিয়াই পৰিছিল।  প্ৰথমবাৰ অসমলৈ অহাৰ সময়ত গান্ধীয়ে এখন জনসভা সম্বোধন কৰিছিল য’ত প্ৰায় ২৫০০০ লোক উপস্থিত আছিল। এই সভাত গান্ধীয়ে হিন্দীত ভাষণ দিছিল আৰু সেয়া অনুবাদ কৰিছিল তৰুণ ৰাম ফুকনে।

Latest News