Karbi Anglong Situation: কোনো প্ৰতিবাদকাৰীক কৰা নাই গ্ৰেপ্তাৰ, ন্যায়ালয়ৰ নিৰ্দেশৰ বিপৰীতে গৈ উচ্ছেদ কৰিব নোৱাৰো : মুখ্যমন্ত্ৰী

খেৰণিত হিংসাত্মক পৰিস্থিতি সৃষ্টি হোৱাৰ পাছত বিএনএছএছ ১৬৩ ধাৰা জাৰি হয় যদিও এতিয়াও চেপা উত্তেজনা অব্যাহত থকা বুলি জানিব পৰা গৈছে। এই ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

Karbi Anglong Situation: কোনো প্ৰতিবাদকাৰীক কৰা নাই গ্ৰেপ্তাৰ, ন্যায়ালয়ৰ নিৰ্দেশৰ বিপৰীতে গৈ উচ্ছেদ কৰিব নোৱাৰো : মুখ্যমন্ত্ৰী
Updated On: 

22 Dec 2025 22:50 PM

কাৰ্বি আংলঙৰ শেহতীয়া পৰিস্থিতিয়ে সকলোকে উদ্বিগ্ন কৰি তুলিছে। পৰিস্থিতি কিছু নিয়ন্ত্ৰণ হৈছে যদিও এতিয়াও সম্পূৰ্ণ নিয়ন্ত্ৰণত অহা নাই বুলি স্থানীয় সূত্ৰই সদৰী কৰিছে। খেৰণিত হিংসাত্মক পৰিস্থিতি সৃষ্টি হোৱাৰ পাছত বিএনএছএছ ১৬৩ ধাৰা জাৰি হয় যদিও এতিয়াও চেপা উত্তেজনা অব্যাহত থকা বুলি জানিব পৰা গৈছে। এই ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

তেওঁ কয় যে, কাৰ্বি আংলঙত বাস কৰা অনা কাৰ্বি সকলক সেই ভূমিৰ পৰা উচ্ছেদ কৰিব লাগিব বুলি বহু দিনৰ পৰা এটা দাবী আছিল। কিন্তু এই কাৰ্য বৰ্তমান কৰিব পৰা নাযাব। কিয়নো এই ক্ষেত্ৰত ন্যায়ালয়ৰ বাধা আছে। তেওঁ কয় যে, এই ক্ষেত্ৰত গুৱাহাটী উচ্চ ন্যায়লয়ে বৰ্তমান উচ্ছেদ কৰাৰ অনুমতি দিয়া নাই, অৰ্থাৎ এই ক্ষেত্ৰত বাধা আছে।

মুখ্য়মন্ত্ৰী শৰ্মাই দৃঢ়ভাৱে কয় যে, ন্যায়ালয়ৰ বিপৰীতে গৈ উচ্ছেদ কাৰ্য চলোৱাটো সম্ভৱ নহয়। বহুতে এই উচ্ছেদ কাৰ্য তৎক্ষণাত হোৱাটো বিচাৰে। তেওঁ কয়, “আমি উচ্ছেদ কৰোঁ বুলিলে কৰিব নোৱাৰো। কাৰণ ন্যায়ালৰ বাধা আছে।”

শীঘ্ৰে উচ্ছেদ চলোৱাৰ দাবীত আমৰণ অনশন কৰা লোকক গ্ৰেপ্তাৰ কৰা বুলি ওলোৱা খবৰৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰী শৰ্মাই। তেওঁ কয়,”একাংশই আমৰণ অনশন কৰি আছিল, স্বাস্থ্যৰ অৱনতি ঘটাত তেওঁলোকক GMCH লৈ অনা হয়। কিন্তু তেওঁলোকৰ কোনোকে গ্ৰেপ্তাৰ কৰা হোৱা নাই। কোনো গ্ৰেপ্তাৰ হোৱা নাই।”

ইতিমধ্যে প্ৰতিবাদস্থলীলৈ DGP ৰ লগতে মন্ত্ৰী ৰণোজ পেগু গৈ থকা বুলিও জানিবলৈ দিছে মুখ্যমন্ত্ৰী শৰ্মাই। মুখ্যমন্ত্ৰীয়ে পৰিস্থিতিৰ ওপৰত দৃষ্টি ৰখাৰ লগতে প্ৰতি মুহূৰ্তৰ খবৰ লৈ থকা বুলি উল্লেখ কৰিছে। তেওঁ কয় যে, যিসকলক চিকিৎসালয়লৈ অনা হৈছিল, তেওঁলোক এতিয়া সুস্থ। তেওঁলোক এতিয়া ঘূৰি যাব পাৰিব।

“এই বিষয়টো নিষ্পত্তি কৰিব পাৰিম। উচ্চ ন্যায়লয়ৰ ৰায়ৰ বিৰুদ্ধে গৈ আমি উচ্ছেদ কৰিব নোৱাৰোঁ। আন্দোলন কৰি থকাৰ সকলৰ লগত মই নিজেও আলোচনা কৰিম। আজি ৰাতিৰ ভিতৰত সকলো সমাধান হ’ব।” এইদৰে কয় মুখ্যমন্ত্ৰী শৰ্মাই।

কিদৰে চিনিব ৰাসায়নিক দ্ৰৱ্য ব্যৱহাৰেৰে পকোৱা কল? চাওক এই সহজ টিপছ্
কি কি কাৰণত আঁঠুৰ বিষ হয়? হ'ব পাৰে এই জটিল ৰোগ...
কিডনী সুস্থ ৰাখিবলৈ দৈনিক খাওক এই তিনিবিধ প্ৰাকৃতিক পানীয়
ডায়েবেটিছ ৰোগীয়ে কল খালে সমস্যাত পৰিব পাৰে নেকি! জানি লওক এতিয়াই
গুৱাহাটীৰ গেটৱে’ ঘাট টাৰ্মিনেলত মুখ্যমন্ত্ৰী শৰ্মা
‘মিছ গ্ল’বেল এছিয়া ২০২৫’ৰ খিতাপ অৰ্জন ষ্টেফী গগৈৰ
অখিল গগৈ সন্দৰ্ভত কি ক'লে মুখ্যমন্ত্ৰীয়ে...
বিজেপিয়ে কিমান আসন পাব বুলি ক'লে মুখ্যমন্ত্ৰীয়ে...