১৯ মে’ৰ পৰা অনিৰ্দিষ্টকাললৈ বন্ধ কাজিৰঙাৰ জীপ ছাফাৰী…

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্য়ানত ১৯ মে’ৰ পৰা অনিৰ্দিষ্টকাললৈ বন্ধ থাকিব জীপ ছাফাৰী । আগন্তুক বাৰিষাৰ প্ৰতি লক্ষ্য় ৰাখি লোৱা এই সিদ্ধান্তৰ কথা সামাজিক মাধ্য়ম এক্স হেণ্ডেলৰ জৰিয়তে প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে ।

১৯ মে’ৰ পৰা অনিৰ্দিষ্টকাললৈ বন্ধ কাজিৰঙাৰ জীপ ছাফাৰী...

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

Updated On: 

04 May 2025 15:37 PM

অহা ১৯ মে’ৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্য়ানত অনিৰ্দিষ্টকাললৈ বন্ধ থাকিব জীপ ছাফাৰী । আগন্তুক বাৰিষাৰ প্ৰতি লক্ষ্য় ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে বন বিভাগে । এই কথা সামাজিক মাধ্য়ম এক্স হেণ্ডেলৰ জৰিয়তে প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে ।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে সৰ্ববৃহৎ আৰু ৰাষ্ট্ৰীয় উদ্যানখনত থকা বিখ্যাত এশিঙীয়া গঁড় চাবৰ বাবে প্ৰতি বছৰে দেশীয় আৰু আন্তঃৰাষ্ট্ৰীয় বৃহৎ সংখ্যক পৰ্যটকে ভিৰ কৰে ।

বন বিভাগৰ তৰফৰ পৰা প্ৰকাশ নিৰ্দেশনা শ্বেয়াৰ কৰি মুখ্যমন্ত্ৰী কাৰ্যালয়ে এক্সৰ এটা পোষ্টত কয় যে,ধাৰাবাহিকভাৱে বেয়া বতৰ আৰু পথৰ দুৰ্বল অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত জীপ ছাফাৰী ২০২৫ চনৰ ১৯ ​​মে’ৰ পৰা পৰৱৰ্তী অৰ্ডাৰ নিদিয়ালৈকে বন্ধ থাকিব।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে গৰিগণিত হোৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ১৯৭৪ চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়। ইয়াত বিশ্বৰ সৰ্বাধিক এক এশিঙীয়া গঁড়ৰ লগতে বাঘ, হাতী, নাহৰফুটুকী আৰু ভালুককে ধৰি বহুতো স্তন্যপায়ী প্ৰাণীৰ লগতে বিভিন্ন প্ৰজাতিৰ হাজাৰ হাজাৰ চৰাই পোৱা যায় ।

এই উদ্যানখন অসমৰ গোলাঘাট আৰু নগাঁও জিলাত অৱস্থিত। উত্তৰে ব্ৰহ্মপুত্ৰ নদী আৰু দক্ষিণে কাৰ্বি আংলং পাহাৰৰ মাজত অৱস্থিত।

লগতে পঢ়ক: ছ’চিয়েল মিডিয়াত প্ৰেমৰ সম্পৰ্ক স্থাপন কৰি পাকিস্তানী যুৱতীৰে গোপন বিবাহ ! চাকৰি হেৰুৱালে এগৰাকী CRPF জোৱানে…

লগতে পঢ়ক: অপৰাধ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কিমান সফল অসম আৰক্ষী ? সামাজিক মাধ্যমত তথ্য় দাঙি ধৰিলে মুখ্যমন্ত্ৰীয়ে

আই পি এল ২০২৫ চলি থকাৰ মাজতে ডেটত গ’ল যশপ্ৰীত বুমৰাহ, কোনে দিলে সংগ!
এঘন্টাতকৈ বেছি সময় ৰীল চাই নেকি? তেন্তে সাৱধান, জানি লওক এই কথা...
নিশা টোপনি নাহে নেকি? তেন্তে হ'ব পাৰে এইসমূহ বেমাৰৰ লক্ষণ...
পানীত উতলাই খাওক কেইখিলামান নৰসিংহ পাত, লাভ কৰিব এনে চমৎকাৰী উপকাৰিতা