Independence Day 2025 : স্বাধীনতা দিৱসত অসমৰ কোন মন্ত্ৰীয়ে ক’ত পতাকা উত্তোলন কৰিব?
১৫ আগষ্ট শুকুৰবাৰে দেশবাসীয়ে গৌৰৱেৰে ৭৯ সংখ্যক স্বাধীনতা দিৱস পালন কৰিব । ইফালে, অসমৰ মুখ্যমন্ত্ৰীৰ লগতে অসম চৰকাৰৰ মন্ত্ৰী, স্বায়ত্তশাসিত পৰিষদ সমূহৰ মুখ্য কাৰ্যবাহী সদস্যসকলে ৭৯ সংখ্যক স্বাধীনতা দিৱসৰ উপলক্ষে কোন জিলাত পতাকা উত্তোলন কৰিব সেয়া ইতিমধ্যে ধাৰ্য কৰা হৈছে ।

১৫ আগষ্ট শুকুৰবাৰে দেশবাসীয়ে গৌৰৱেৰে ৭৯ সংখ্যক স্বাধীনতা দিৱস পালন কৰিব । ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত নিৰ্মাণৰ চৰকাৰৰ দৃষ্টিভংগী বাস্তৱায়িত কৰাৰ দিশত দেশে বিশাল অগ্ৰগতি লাভ কৰাৰ লগে লগে এইবাৰৰ উদযাপনৰ বিষয়বস্তু হৈছে নৱ ভাৰত।ইফালে, অসমৰ মুখ্যমন্ত্ৰীৰ লগতে অসম চৰকাৰৰ মন্ত্ৰী, স্বায়ত্তশাসিত পৰিষদ সমূহৰ মুখ্য কাৰ্যবাহী সদস্যসকলে ৭৯ সংখ্যক স্বাধীনতা দিৱসৰ উপলক্ষে কোন জিলাত পতাকা উত্তোলন কৰিব সেয়া ইতিমধ্যে ধাৰ্য কৰা হৈছে । মুখ্যমন্ত্ৰী কাৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই খানাপাৰাত আয়োজন কৰা ৰাজ্যিক স্বাধীনতা দিৱসৰ অনুষ্ঠানত পতাকা উত্তোলন কৰিব ।
ঠিক সেইদৰে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে দক্ষিণ শালমাৰা মানকাছাৰ, অতুল বৰাই যোৰহাট, কেশৱ মহন্তই নগাঁও, উৰ্খাও গৌৰা ব্ৰহ্মই বাক্সা, চন্দ্ৰমোহৰ পাটোৱাৰীয়ে কামৰূপ, ৰণোজ পেগুৱে বিশ্বনাথ, অশোক সিংহলে শোণিতপুৰ, যোগেন মহনে চৰাইদেউ, অজন্তা নেওগে শিৱসাগৰ, পীযুষ হাজৰিকাই মৰিগাঁও, বিমল বৰাই তিনিচুকীয়া, নন্দিতা গাৰ্লোচাই বঙাইগাঁও, জয়ন্তমল্ল বৰুৱাই নলবাৰীত, প্ৰশান্ত ফুকনে ডিব্ৰুগড়ত, কৌশিক ৰায়ে শিলচৰ, কৃষ্ণেন্দু পালে শ্ৰীভূমি আৰু ৰূপেশ গোৱালাই লখিমপুৰত ৭৯ সংখ্যক স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰিব ।
ইয়াৰ বিপৰীতে, বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে কোকৰাঝাৰ, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙে ডিফু, উত্তৰ কাছাৰ-পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচাই হাফলং, বিটিচিৰ উপ-মুখ্য কাৰ্যবাহী গোৱিন্দ চন্দ্ৰ বসুমতাৰীয়ে ওদালগুৰি আৰু অসম বিধানসভাৰ উপাধ্যক্ষ নোমল মোমিনে গোৱালপাৰাত পতাকা উত্তোলন কৰিব ।
ইফালে দিল্লীৰ লালকিল্লাl প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৭৯ সংখ্যক স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰিব। প্ৰধানমন্ত্ৰীয়ে এই ঐতিহাসিক কীৰ্তিচিহ্নৰ পৰা ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি দেশবাসীক সম্বোধন কৰিব। লালকিল্লাত উপস্থিত হোৱাৰ লগে লগে প্ৰধানমন্ত্ৰীক প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, প্ৰতিৰক্ষা ৰাজ্য মন্ত্ৰী সঞ্জয় ছেঠ আৰু প্ৰতিৰক্ষা সচিব ৰাজেশ কুমাৰ সিঙে আদৰণি জনাব।
১৫ আগষ্টৰ পুৱা ৭:৩০ বজাৰ পৰা আৰম্ভ হ’ব লালকিল্লাৰ অনুষ্ঠান, নিৰাপত্তা নিশ্চিত কৰিবলৈ আৰু সময়মতে অনুষ্ঠানস্থলীত উপনীত হ’বলৈ পুৱা ৬:৩০ বজাৰ পৰা ৭:০০ বজাৰ ভিতৰত প্ৰৱেশৰ পৰামৰ্শ দিয়া হৈছে। এই অনুষ্ঠানত উপস্থিত হ’বলৈ আৰু স্বাধীনতা দিৱসৰ কাৰ্যসূচী সমুখৰ পৰা প্ৰত্যক্ষ কৰিবলৈ ইচ্ছা কৰা সকলে কেৱল প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ পৰ্টেলৰ জৰিয়তেহে বুক কৰিব পাৰিব। এই ৱেবচাইট দুটা হৈছে aamantran.mod.gov.in আৰু e-invitations.mod.gov.in, য’ত স্বাধীনতা দিৱসৰ আসনৰ বিৱৰণ, সময়সূচী আৰু জনসাধাৰণৰ বাবে টিকটৰ ব্যৱস্থা কৰা হয় ।