শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Morning News: শিলপুখৰীৰ ছুৰিকাঘাতৰ পৰা পাকিস্তানৰ গুলীচালনালৈ…পুৱাৰ গুৰুত্বপূৰ্ণ খবৰ

ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো।

Morning News: শিলপুখৰীৰ ছুৰিকাঘাতৰ পৰা পাকিস্তানৰ গুলীচালনালৈ…পুৱাৰ গুৰুত্বপূৰ্ণ খবৰ
পুৱাৰ খবৰ
trishna-kalita
Trishna Kalita | Published: 14 Aug 2025 07:50 AM

প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

  1. অসম কৃষি বিশ্ববিদ্যালয়ত মূল আলোচনা চক্ৰ আৰু কনক্লেভ আয়োজন কৰিবলৈ ৩০ কোটিৰো অধিক ব্যয়ৰে নিৰ্মাণ কৰা এটা চৰকাৰী আন্তঃৰাষ্ট্ৰীয় অতিথিশালা অনলাইন ট্ৰেভেল প্লেটফৰ্মত তালিকাভুক্ত বিলাসী হোটেললৈ ৰূপান্তৰিত হোৱাৰ চাঞ্চল্যকৰ অভিযোগ উত্থাপন হৈছে। ইয়াকে লৈ তীব্ৰ বিৰোধিতা কৰা দেখা গৈছে ছাত্ৰ আৰু শিক্ষক সংস্থাই।
  2. মহানগৰীৰ শিলপুখৰীত ছুৰিকাঘাতৰ ঘটনা। নিশা ইউৰেকা হাইটচৰ সন্মুখত সৃষ্টি হয় উত্তেজনা। সম্পর্কীয় এজন লোকে চোকা অস্ত্ৰৰে আক্ৰমণ কৰে আন এজন যুৱকক। বুকুত আঘাত পাই দিল্লীৰ গুৰু পাথী ৰানা নামৰ যুৱকজনে। শিলপুখুৰীত ভাড়াতীয়া হিচাপে আছিল যুৱকজন। লতাশিল আৰক্ষীয়ে আটক কৰিছে ঘটনাৰ লগত জড়িত প্রজ্ঞান পৰশক।
  3. গুৱাহাটীত স্থাপন হ’ব মেনেজমেণ্ট শিক্ষাৰ বৃহৎ কেন্দ্ৰ। গুৱাহাটীত স্থাপন হ’ব দেশৰ ২২ সংখ্যক IIM। IIMৰ বাবে কেন্দ্ৰীয় চৰকাৰে দিলে অনুমোদন। ৫০০ কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ হ’ব প্ৰতিষ্ঠানখন।
  4. অসম চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ ব্যৰ্থ হোৱাৰ অভিযোগ আছুৰ। ১৫ আগষ্টত ৪০ বছৰ সম্পূৰ্ণ হ’ব ঐতিহাসিক অসম চুক্তিৰ। স্বাধীনতা দিৱসৰ দিনা ৰাজ্যজুৰি বন্তি প্ৰজ্জ্বলন কৰিব আছুৱে। ছহিদলৈ শ্ৰদ্ধাঞ্জলি জনাই কৰিব বন্তি প্ৰজ্জ্বলন। প্ৰতিখন জিলা সদৰত ৮৬০ গৰাকী ছহিদলৈ শ্ৰদ্ধাঞ্জলি জনাই ৮৬০ গছি বন্তি প্ৰজ্জ্বলন কৰিব।
  5. যোৰহাটৰ পুলিবৰত হিট এণ্ড ৰানৰ ঘটনা। অচিনাক্ত বাহনৰ খুন্দাত থিতাতে নিহত এজন লোক। নিহত লোকজন ৮৬ বছৰীয়া সুন্ধ বৰা।
  6. কাইলৈ দেশে পালন কৰিব ৭৯ সংখ্যক স্বাধীনত দিৱস। স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত অৰুণাচল সীমান্তৰ ভিনভিৰু বস্তিত উদ্ধাৰ মাৰণাস্ত্ৰ, বিস্ফোৰক। আলফা (স্বাঃ) আৰু NSCNয়ে ৰখাৰ সন্দেহ আৰক্ষীৰ।
  7. আজি অৰ্থাৎ বৃহস্পতিবাৰে অভিযোগ প্ৰত্যাহাৰ কৰিব কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ অধিবক্তাই , য’ত তেওঁ কংগ্ৰেছ নেতাৰ জীৱনলৈ ভাবুকি আহিছে বুলি কৈছিল। এই তথ্য নিজেই দিছে তেওঁৰ অধিবক্তা মিলিন্দ পাৱাৰে। ৰাহুলৰ অধিবক্তাই কয় যে তেওঁ নিজৰ আবেদন প্ৰত্যাহাৰ কৰিব। পাৱাৰে কয় যে ৰাহুল গান্ধীয়ে আদালতলৈ আহিলে উপযুক্ত নিৰাপত্তা লাভ কৰিবলৈ এই আবেদন দাখিল কৰিছিল।
  8. পাকিস্তানৰ কৰাচীত স্বাধীনতা দিৱস উদযাপনৰ সময়ত আকাশী গুলীচালনা কৰা হয়। এই গুলীচালনাত এগৰাকী জ্যেষ্ঠ নাগৰিক আৰু এগৰাকী ৮ বছৰীয়া কিশোৰীকে ধৰি তিনিজন লোকৰ মৃত্যু হয়। এই অসাৱধান গুলীচালনাত ৬০ জনতকৈ অধিক লোক আহত হোৱা বুলি কোৱা হৈছে। পাকিস্তানৰ এটা নিউজ চেনেলৰ মতে, এজন উদ্ধাৰকাৰী বিষয়াই দিছে এই তথ্য।

লগতে পঢ়ক: বৃহস্পতিবাৰৰ দিনটো কেনে যাব আপোনাৰ? চাওক আজিৰ ৰাশিফল…