Lurin Gogoi: জুবিন গাৰ্গৰ গানৰ Copyright সিদ্ধাৰ্থৰ নামত! জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুক লৈ AJPৰ সংবাদমেল
ৰহস্যৰ মাজত জুবিন গাৰ্গৰ মৃত্যু। আজি জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুক লৈ AJPৰ গুৰুত্বপূৰ্ণ সংবাদমেল। সংবাদমেল সম্বোধন লুৰীণজ্যোতি গগৈয়ে। সংবাদমেলত চৰকাৰক বিশেষ আহ্বান জনালে নেতাগৰাকীয়ে।
জুবিন গাৰ্গৰ মৃত্যুক সহজভাৱে ল’ব পৰা নাই কোনেও। প্ৰতিদিনে পোহৰলৈ আহি আছে ইটোৰ পিছত সিটো নতুন তথ্য। আজি জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত সংবাদমেলত কেতবোৰ মন্তব্য কৰে লুৰীণজ্যোতি গগৈয়ে।
তেওঁ কয়, CID তদন্তৰ পৰিৱৰ্তে CBI দ্বাৰা উচ্চ পৰ্যায়ৰ তদন্ত হ’ব লাগে। ছিংগাপুৰত ঘটিছে, এয়া আন্তঃৰাষ্ট্ৰীয় বিষয় যিহেতু CID ৰ দ্বাৰা এয়া সম্ভৱ নহয় সেয়ে CBI তদন্ত হ’ব লাগে। যি চাৰি গৰাকীৰ নামত গোচৰ ৰুজু হৈছে তেওঁলোক মুকলি আকাশৰ তলত ঘূৰি ফুৰিছে আৰু আত্মপক্ষ সমৰ্থন কৰিবলৈ দিয়া হৈছে।
লুৰিণজ্যোতি গগৈয়ে কয়, মুখ্যমন্ত্ৰীৰ লগত ঘনিষ্ঠ হোৱাৰ বাবেই এইসকল ব্যক্তি সাৰি যাব নেকি? বিলম্ব কিয় হৈছে ইয়াৰ কাৰণ কি ? দোষী সকলক কঠোৰৰ পৰা কঠোৰতৰ শাস্তি হ’ব লাগে। ছিংগাপুৰ চৰকাৰৰ লগত কথা পাতি সকলোকে তদন্তৰ আওতালৈ আনিব লাগে।
জুবিন গাৰ্গৰ মৃত শৰীৰ নীলা পৰি যোৱাৰ প্ৰসংগত লুৰিন জ্যোতি গগৈয়ে কয়, জুবিনৰ অস্তিৰ হাড় সংৰক্ষণ কৰি FORENSIC LABORATORY TEST কৰিব লাগে। চুলিৰ নমুনা ৰাখিছেনে পোষ্টমৰ্টেমৰ সময়ত। তেওঁ কয়, সিদ্ধাৰ্থ শৰ্মাক জুবিনৰ লগ লগাই দিছিল সাংস্কৃতিক দালাল তাৰচেম মিট্টলে। জুবিনৰ গানৰ প্লেটফৰ্ম সমূহৰ copyright সিদ্ধাৰ্থ শৰ্মা আৰু তাৰচেম মিট্টলৰ নাম আছে, এই কেইজনৰ বিৰুদ্ধেও তদন্ত হ’ব লাগে। অকল সিদ্ধাৰ্থ শৰ্মা নহয় তাৰচেম মিট্টলৰ বিৰুদ্ধেও তদন্ত হ’ব লাগে। এই বনিয়াই জাতীয় সত্তা তোক শুহি শুহি খালে।
শ্যামকানু মহন্তক black listed কৰাৰ সন্দৰ্ভত লুৰিন গগৈয়ে কয় ৰাইজৰ শ শ কোটি টকা খায় বেপাৰ কৰি আছিল। আজি বন্ধ কৰাতকৈ তদন্ত হ’ব লাগে।