শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

‘বাংলাদেশতো দুই চিকেন নেক….’, ইউনুছৰ বাংলাদেশক কঠোৰ সকীয়নি হিমন্ত বিশ্ব শৰ্মাৰ

উত্তৰ-পূবক লৈ তথা ‘চিকেন নেক’ হিচাপে পৰিচিত শিলিগুৰি কৰিড’ৰক কেন্দ্ৰ কৰি বাংলাদেশৰ ভাবুকিপূৰ্ণ আচৰণে যথেষ্ট চৰ্চাৰ সৃষ্টি কৰিছিল। এতিয়া এই বিষয়ত বাংলাদেশক কঠোৰ সকীয়নি প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। একপ্ৰকাৰে ইউনুছৰ বাংলাদেশৰ বিপক্ষে আগ্ৰাসী স্থিতিৰ পৰিচয় দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে।

‘বাংলাদেশতো দুই চিকেন নেক….’, ইউনুছৰ বাংলাদেশক কঠোৰ সকীয়নি হিমন্ত বিশ্ব শৰ্মাৰ
বাংলাদেশক সকীয়নি হিমন্ত বিশ্ব শৰ্মাৰ
Monjit Dutta
Monjit Dutta | Edited By: Raj Saikia | Updated On: 26 May 2025 11:34 AM

চুবুৰীয়া বাংলাদেশৰ ভাৰতৰ সম্পৰ্কৰ দূৰত্ব ক্ৰমাৎ বৃদ্ধি পাই আহিছে। মহম্মদ ইউনুছ নেতৃত্বাধীন অন্তৱৰ্তীকালীন চৰকাৰ বাংলাদেশৰ ক্ষমতালৈ অহাৰ পিছতে দেশখনৰ সৈতে ভাৰতৰ সংঘাত বৃদ্ধি পাইছে। তাৰ মাজতে উত্তৰ-পূবক লৈ তথা ‘চিকেন নেক’ হিচাপে পৰিচিত শিলিগুৰি কৰিড’ৰক কেন্দ্ৰ কৰি বাংলাদেশৰ ভাবুকিপূৰ্ণ আচৰণে যথেষ্ট চৰ্চাৰ সৃষ্টি কৰিছিল। এতিয়া এই বিষয়ত বাংলাদেশক কঠোৰ সকীয়নি প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। একপ্ৰকাৰে ইউনুছৰ বাংলাদেশৰ বিপক্ষে আগ্ৰাসী স্থিতিৰ পৰিচয় দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে।

হিমন্ত বিশ্ব শৰ্মাৰ স্পষ্ট মন্তব্য, ভাৰতৰ উত্তৰ-পূবক দেশৰ বাকী অংশৰ সৈতে সংযোগ কৰা এই সংকীৰ্ণ কৰিড’ৰ যিদৰে স্পৰ্শকাতৰ, বাংলাদেশৰ ভিতৰত এনে দুটা চিকেন নেক কৰিড’ৰ আছে আৰু এই দুই কৰিডৰ অধিক অসুৰক্ষিত। এক্সত এই বিষয়ত এক পোষ্ট যোগে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে যিসকলে অভ্যাসগতভাৱে চিকেন নেক কৰিড’ৰত ভাৰতক ভাবুকি দিয়ে, তেওঁলোকেও এই তথ্যসমূহৰ প্ৰতি গুৰুত্ব দিব লাগে ।

উল্লেখ্য যে ভাৰতৰ চিকেন নেক নামেৰে পৰিচিত শিলিগুৰি কৰিড’ৰ সাধাৰণতে ২২ৰ পৰা ৩৫ কিলোমিটাৰ বহল এক সৰু অংশ, যি পশ্চিম বংগৰ শিলিগুৰিৰ মাজেৰে উত্তৰ-পূব ভাৰতক দেশৰ বাকী অংশৰ সৈতে সংযোগ কৰে। এই অঞ্চলৰ ভৌগোলিক অৱস্থান আৰু সীমাৰ বাবে কৌশলগত তথা নিৰাপত্তাৰ দৃষ্টিকোণৰ পৰা সদায় স্পৰ্শকাতৰ হিচাপে গণ্য কৰা হৈছে।

এই অঞ্চলটোক লৈ বাংলাদেশে মাজে মাজে প্ৰকাশ কৰা বক্তব্যৰ প্ৰত্যুত্তৰত হিমন্ত বিশ্ব শৰ্মাই নিজৰ পোষ্টত কয় যে বাংলাদেশতো এনে দুটা কৰিড’ৰ আছে, যিকেইটা ভৌগোলিকভাৱে অত্যন্ত দুৰ্বল। ইয়াৰে উত্তৰ বাংলাদেশ কৰিড’ৰটো পশ্চিম বংগৰ দক্ষিণ দিনাজপুৰৰ পৰা বাংলাদেশৰ দক্ষিণ-পশ্চিম গাৰো পাহাৰলৈকে বিস্তৃত হৈ আছে।

এই অংশত যিকোনো ধৰণৰ বিঘিনি ঘটিলে সমগ্ৰ ৰংপুৰ সংমণ্ডল বাংলাদেশৰ বাকী অংশৰ পৰা সম্পূৰ্ণৰূপে বিচ্ছিন্ন হ’ব পাৰে বুলিও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সকীয়াই দিয়ে। আনহাতে ২৮ কিলোমিটাৰ দৈৰ্ঘৰ চট্টগং কৰিড’ৰৰ দোহাই দি তেওঁ কয় যে বাংলাদেশৰ ৰাজনৈতিক ৰাজধানী ঢাকা আৰু অৰ্থনৈতিক ৰাজধানী চিট্টগঙৰ মাজত ই একমাত্ৰ ভৌগোলিক সংযোগ।

যিকোনো ধৰণৰ বিঘিনিৰ ফলত এই সংযোগ সম্পূৰ্ণৰূপে ভাঙি যাব পাৰে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। উল্লেখ্য যে এই চট্টগং কৰিড’ৰটো দক্ষিণ ত্ৰিপুৰাৰ পৰা বাংলাদেশৰ চিটাগঙলৈকে বিস্তৃত হৈ আছে। পোষ্টটোত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, “মই কেৱল ভৌগোলিক তথ্য দাঙি ধৰিছো, যিসমূহ হয়তো একাংশ লোকে পাহৰি যাব পাৰে।”

ভাৰতৰ দৰে বাংলাদেশো এনে ভূখণ্ডীয় চাপৰ পৰা সম্পূৰ্ণৰূপে সুৰক্ষিত নহয় বুলিও তেওঁ দোহাৰে। গতিকে ভাৰতক ভাবুকি দিয়াৰ আগতে চুবুৰীয়া দেশসমূহেও নিজৰ ভূগোলৰ দুৰ্বলতাৰ প্ৰতি গুৰুত্ব দিব লাগে বুলি সকীয়াই দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।