শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

মুখ্যমন্ত্ৰীৰ মুখত পুনৰ গৌৰৱ গগৈৰ ‘ISI’ লিংক প্ৰসঙ্গ, চাওক দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ

আগবাঢ়িছে দিল্লী বিস্ফোৰণৰ তদন্ত। তদন্ত প্ৰক্ৰিয়াৰ সমান্তৰালকৈ অসমত দিল্লী বিস্ফোৰণ প্ৰসঙ্গত বিতৰ্কিত পোষ্ট দিয়াৰ বাবে অসম আৰক্ষীয়ে ১৫ জনক গ্ৰেপ্তাৰ কৰিছে। ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখত পুনৰ শুনা গৈছে গৌৰৱ গগৈৰ পাকিস্তান লিংক প্ৰসঙ্গ। থোৰতে চাওঁ আহক দিনটোৰ চৰ্চিত খবৰসমূহ।

মুখ্যমন্ত্ৰীৰ মুখত পুনৰ গৌৰৱ গগৈৰ ‘ISI’ লিংক প্ৰসঙ্গ, চাওক দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ
দিনটোৰ গুৰুত্বপূৰ্ণ খবৰ
monjit-dutta
Monjit Dutta | Published: 13 Nov 2025 21:08 PM

আগবাঢ়িছে দিল্লী বিস্ফোৰণৰ তদন্ত। তদন্ত প্ৰক্ৰিয়াৰ সমান্তৰালকৈ অসমত দিল্লী বিস্ফোৰণ প্ৰসঙ্গত বিতৰ্কিত পোষ্ট দিয়াৰ বাবে অসম আৰক্ষীয়ে ১৫ জনক গ্ৰেপ্তাৰ কৰিছে। ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখত পুনৰ শুনা গৈছে গৌৰৱ গগৈৰ পাকিস্তান লিংক প্ৰসঙ্গ। বিৰোধীৰ বৈঠক সন্দৰ্ভতো মুখ্যমন্ত্ৰীৰ মন্তব্যই লাভ কৰিছে চৰ্চা। থোৰতে চাওঁ আহক দিনটোৰ চৰ্চিত খবৰসমূহ-

  1. দিল্লীৰ বিস্ফোৰণ সন্দৰ্ভত আপত্তিজনক মন্তব্য কৰাৰ অভিযোগত অসমত ১৫ জনক গ্ৰেপ্তাৰ কৰা হৈছে। অসম আৰক্ষীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা গ্ৰেপ্তাৰ কৰিছে এই লোককেইজনক। তেওঁলোকৰ বিৰুদ্ধে দিল্লীৰ বিস্ফোৰণৰ প্ৰতি সামাজিক মাধ্যমত সমৰ্থনমূলক মন্তব্য তথা পোষ্ট কৰাৰ অভিযোগ উঠিছে।
  2. বিৰোধীৰ বৈঠকক তীব্ৰ সমালোচনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। এই বৈঠক লুৰীণজ্যোতি গগৈৰ বিয়াৰ কথা-বতৰা পাতিবলৈ আয়োজন কৰা বুলি কয় মুখ্যমন্ত্ৰীয়ে। তিনি গগৈ নিৰ্বাচনত জয়ী হ’ব নোৱাৰে বুলিও মন্তব্য কৰে ডঃ শৰ্মাই।
  3. গহপুৰত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ চেক বিতৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মুঠ ৩৬,৮৩৪ গৰাকী মহিলাই লাভ কৰিলে ১০ হাজাৰকৈ টকা। এই ধনৰ সদ্ব্যৱহাৰ হ’লে পৰৱৰ্তী সময়ত ২৫ হাজাৰ আৰু ৫০ হাজাৰকৈ টকা দিয়া হ’ব বুলিও ক’লে মুখ্যমন্ত্ৰীয়ে
  4. আজি ডবকাৰ পদুম পুখুৰীৰ উচ্ছেদ স্থলীত উপস্থিত হয় বদৰুদ্দিন আজমল। নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা সন্দৰ্ভত সাংবাদিকে প্ৰশ্ন কৰাত ইচ্ছা নাই বুলি কয় নেতাগৰাকীয়ে। শাৰীৰিক অসুস্থতাৰ বাবে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে বুলি জনালে AIUDF মুৰব্বীগৰাকীয়ে
  5. গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত পুনৰ এবাৰ সৰৱ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। তেওঁ কয় যে পাকিস্তানক সমালোচনা কৰিব নোৱাৰে গৌৰৱে। বহু কষ্টৰে দিল্লী বিস্ফোৰণ সম্পৰ্কত নেতাগৰাকীয়ে মন্তব্য কৰা বুলিও কটাক্ষ কৰে মুখ্যমন্ত্ৰীয়ে। গৌৰৱ গগৈৰ পত্নীকো সমালোচনা ডঃ শৰ্মাৰ।
  6. দিল্লীত বিস্ফোৰণ সংঘটিত হোৱা বাহনখনত আছিল ডাঃ ওমৰ। ডিএনএ পৰীক্ষাত প্ৰকাশ পালে এইকথাবাহনখনত উদ্ধাৰ হোৱা মানৱ দেহৰ অৱশিষ্টৰে ডিএনৰ মিল আছে ওমৰৰ মাতৃৰ। ফৰিদাবাদ মডিউলৰ সৈতে জড়িত আন কেবাজনকো ইতিমধ্যে আটক কৰিছে আৰক্ষীয়ে। অব্যাহত আছে তদন্ত।
  7. দিল্লীৰ লালকিল্লাৰ সমীপত সংঘটিত বিস্ফোৰণ তথা ফৰিদাবাদ মডিউলৰ পুঁজিৰ তদন্ত কৰা হ’ব। ইডি আৰু অন্যান্য সংস্থাৰ সৈতে এন আই এয়ে এই তদন্ত চলাব। আল-ফালাহ বিশ্ববিদ্যালয়ৰ সম্পূৰ্ণ ফৰেনছিক তদন্তও কৰা হ’ব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বৃহস্পতিবাৰে তদন্তকাৰী সংস্থাৰ মুৰব্বীৰ সৈতে আলোচনাৰ পাছত এই মন্তব্য কৰে।
  8. বাংলাদেশত ইউনুছ চৰকাৰৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিছে আৱামি লীগৰ কৰ্মীসকলে। ঢাকা লকডাউনৰ সময়ত চলি থকা এই প্ৰতিবাদত এতিয়ালৈকে জ্বলাই দিয়া হৈছে ১৭খন বাছ। লগতে ঢাকাৰ ৫টা স্থানত বিস্ফোৰণৰ খবৰ পোৱা গৈছে। আৱামী লীগৰ হিংসাত্মক প্ৰতিবাদৰ প্ৰতি সঁহাৰি জনাই ঢাকা, মেমন সিং ৰোডৰ দৰে ডাঙৰ চহৰত সেনাবাহিনী মোতায়েন কৰা হৈছে।
  9. ‘ৰৈ ৰৈ বিনালে’ৰ পাইৰেচীৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে এজন যুৱকক। গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৰফিকুল ইছলাম নামৰ যুৱকজনক। তেওঁ ছবিখনৰ দৃশ্যাংশ ৰেকৰ্ড কৰি আপলোড কৰিছিল নিজৰ ইউটিউব চেনেলত। মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰি ৰফিকুলক তিনিদিনৰ বাবে নিজৰ জিম্মাত লৈছে আৰক্ষীয়ে