শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

উদ্যমিতা পুঁজিৰ চেক বিতৰণৰ শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ, মহিলাসকলে কি কি কামত ব্যৱহাৰ কৰিব পাৰিব এই পুঁজি?

মুখ্যমন্ত্ৰীয়ে কয় যে, পৰৱৰ্তী সময়ত হিতাধিকাৰীসকলে লাভ কৰা পুঁজিৰ ব্যৱহাৰ সম্পৰ্কে চৰকাৰীভাৱে মূল্যায়ন কৰা হ'ব। যিসকল হিতাধিকাৰীয়ে পুঁজিৰ সদ ব্যৱহাৰ কৰিব তেওঁলোকক পৰৱৰ্তী বৰ্ষত ২৫ হাজাৰ টকাকৈ প্ৰদান কৰা হ'ব।

উদ্যমিতা পুঁজিৰ চেক বিতৰণৰ শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ, মহিলাসকলে কি কি কামত ব্যৱহাৰ কৰিব পাৰিব এই পুঁজি?
manas-borah
Manas Borah | Updated On: 24 Oct 2025 17:46 PM

মুখ্যমন্ত্ৰীয়ে ড° হিমন্ত বিশ্ব শর্মাই শুকুৰবাৰে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ অধীনত বৰাক উপত্যকাৰ শ্রীভূমি জিলাৰ ৰামকৃষ্ণ নগৰ বিধানসভা সমষ্টিৰ সৰ্বমুঠ ১৮,৭৪৫ গৰাকী হিতাধিকাৰীলৈ উদ্যমিতা পুঁজিৰ চেক বিতৰণৰ শুভাৰম্ভ কৰে। হিতাধিকাৰীসকলৰ ভিতৰত ১৭,৪২৫ গৰাকী গ্রামাঞ্চলৰ আৰু ১৩২০ গৰাকী নগৰাঞ্চলৰ মহিলা। এই উপলক্ষে মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, ৰাজ্যৰ মহিলাসকলক আর্থিকভাৱে স্বাৱলম্বী কৰাৰ উদ্দেশ্যেৰে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান গ্রহণ কৰা হৈছে। উল্লেখ্য যে, ৰামকৃষ্ণ নগৰ সমষ্টিৰ হিতাধিকাৰীসকলক আজি ১০ হাজাৰ টকাকৈ চেক প্ৰদানৰ ব্যৱস্থা কৰা হয়।

এই পুঁজিৰ জৰিয়তে হিতাধিকাৰীসকল যাতে লাখপতি বাইদেউৰ শাৰীলৈ উন্নীত হ’ব পাৰে তাৰ বাবে নিষ্ঠাৰে পুঁজিৰ সদ ব্যৱহাৰ কৰিবলৈ হিতাধিকাৰীসলক আহ্বান জনাই মুখ্যমন্ত্ৰীয়ে। এই পুঁজিৰ ব্যৱহাৰৰ সম্পৰ্কে মুখ্যমন্ত্ৰীয়ে কয় যে, হিতাধিকাৰীসকলে এই অভিযানৰ অন্তৰ্গত লাভকৰা পুঁজি মুষ্টিমেয়ভাৱে গোটৰ জৰিয়তে ব্যৱহাৰ কৰিব পাৰে অথবা ব্যক্তিগতভাৱেও দুগ্ধ পালন, হাঁহ কুকুৰা পালন, গাহৰি পালন, চিলাইৰ কাম আদিৰ জৰিয়তে ব্যৱহাৰ কৰিব পাৰে। তদুপৰি, যিসকল মহিলাৰ স্বামীৰ ব্যৱসায় আছে, সেই ব্যৱসায়তো তেওঁলোকে এই পুঁজি বিনিয়োগ কৰিব পাৰে।

লগতে মুখ্যমন্ত্ৰীয়ে কয় যে, পৰৱৰ্তী সময়ত হিতাধিকাৰীসকলে লাভ কৰা পুঁজিৰ ব্যৱহাৰ সম্পৰ্কে চৰকাৰীভাৱে মূল্যায়ন কৰা হ’ব। যিসকল হিতাধিকাৰীয়ে পুঁজিৰ সদ ব্যৱহাৰ কৰিব তেওঁলোকক পৰৱৰ্তী বৰ্ষত ২৫ হাজাৰ টকাকৈ প্ৰদান কৰা হ’ব। সেইদৰে দ্বিতীয় বৰ্ষত লাভ কৰা পুঁজি যিসকল হিতাধিকাৰীয়ে যথাযথভাৱে ব্যৱহাৰ কৰিব তেওঁলোকে তৃতীয় বৰ্ষত ৫০ হাজাৰ টকাকৈ আর্থিক সাহায্য লাভ কৰিব।

ইফালে, অসম চৰকাৰে আৰ্থিক সবলীকৰণৰ সমান্তৰালভাৱে মহিলাসকলৰ স্বাভিমান বৃদ্ধি আৰু সুৰক্ষা সুনিশ্চিত কৰাৰ দিশতো যাৱতীয় পদক্ষেপ লৈছে বুলি মুখ্যমন্ত্রী ড° শর্মাই মন্তব্য কৰে। তেওঁ কয় যে, যিদৰে ৰাজ্য চৰকাৰে বাল্যবিবাহ ৰোধৰ দিশত সবল পদক্ষেপ ল’লে সেইদৰে শীঘ্ৰে বহুবিবাহ বন্ধ কৰাৰ বাবেও এখন আইন প্রণয়ন কৰিব যাতে ৰাজ্যৰ নাৰী সমাজৰ মৰ্যাদা আৰু অধিকাৰ সুৰক্ষিত হৈ থাকে।

ৰাজ্য চৰকাৰে অৰুণোদয় আঁচনিৰ ৰূপায়ণ কৰিছে যাৰ জৰিয়তে হিতাধিকাৰীসকলে প্রতিমাহে ১,২৫০ টকাকৈ লাভ কৰিবলৈ সক্ষম হৈছে। অহা জানুৱাৰী মাহৰ পৰা এই আঁচনিৰ অধীনত ৰন্ধন গেছ ক্ৰয়ৰ বাবে অতিৰিক্তভাৱে ২৫০ টকাকৈ হিতাধিকাৰীসকলক প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে।

ড° শৰ্মাই উল্লেখ কৰে যে, কেন্দ্ৰীয় চৰকাৰে প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনাৰ জৰিয়তে হিতাধিকাৰী পৰিয়ালসমূহক বিনামূলীয়া চাউল যোগান ধৰি অহাৰ বিপৰীতে অসম চৰকাৰে অহা ৭ নৱেম্বৰৰ পৰা ৰেচন কার্ড থকা প্ৰতিটো পৰিয়ালক সুলভ মূল্যত দাইল, নিমখ আৰু চেনি প্ৰদান কৰিব। তদুপৰি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে যে, অহা নৱেম্বৰ মাহত অনুষ্ঠিত হ’বলগীয়া বিধানসভাৰ অধিৱেশনত ৰাজ্য চৰকাৰে চাহ বাগানৰ লেবাৰ লাইনত বসবাস কৰা চাহ জনগোষ্ঠীৰ লোকসকলক মাটিৰ পট্টা প্ৰদানৰ বাবে এখন আইন প্রণয়ন কৰিব।