বিচনাত বাগৰ সলাই থকাৰ পিছতো নাই টোপনি? মানি চলক এনে নিয়ম, পাব সকাহ
টোপনি ভাল কৰিবলৈ বিভিন্ন চেষ্টা অৱলম্বন কৰাৰ পিছতো টোপনি নাহে নেকি? তেতিয়াহ’লে এই সমস্যাৰ সমাধান কি? বিশেষজ্ঞসকলে কয় যে কিছুমান নিয়ম মানি চলিলে নিশা অতি সোনকালে টোপনি আহিব। অৱশ্যে সেই নিয়মবোৰ নিয়মিতভাৱে মানি চলিব লাগিব। জানো আহক এই নিয়মসমূহৰ বিষয়ে।
বৰ্তমানৰ ব্যস্ততাময় জীৱনশৈলীত সকলো লোকৰে কৰ্মব্যস্ততা বৃদ্ধি পাইছে। গোটেই দিনটোত অত্যধিক কামৰ হেঁচা আৰু তাৰ সমান্তৰালকৈ মানসিক চাপৰ পৰিপ্ৰেক্ষিতত দেহ-মন অৱস হৈ পৰে। ভাগৰ দূৰ কৰিবলৈ নিশা শান্তিৰ টোপনি মাৰিবলৈ সকলোৱে ইচ্ছা কৰে। পিছে বিচনাত বাগৰ দিয়াৰ পিছতে দিনটোৰ বস্ততাৰ ফলত অহা গধূৰ টোপনি হঠাতে নোহোৱা হৈ যায়। ইয়াৰ পিছত উজাগৰ নিশাটো কেৱল বিচনাত বাগৰ সলাই থাকোঁতেই সময় পাৰ হয়।
এনে নিদ্ৰাহীন অৱস্থাই ব্যক্তিৰ দৈহিক আৰু মানসিক স্বাস্থ্যত যথেষ্ট কু-প্ৰভাৱ পেলায়। সেয়ে ভালদৰে টোপনি অহাটো অত্যন্ত প্ৰয়োজনীয়। কিন্তু টোপনি ভাল কৰিবলৈ বিভিন্ন চেষ্টা অৱলম্বন কৰাৰ পিছতো টোপনি নাহে নেকি? তেতিয়াহ’লে এই সমস্যাৰ সমাধান কি?
বিশেষজ্ঞসকলে কয় যে কিছুমান নিয়ম মানি চলিলে নিশা অতি সোনকালে টোপনি আহিব। অৱশ্যে সেই নিয়মবোৰ নিয়মিতভাৱে মানি চলিব লাগিব। জানো আহক এই নিয়মসমূহৰ বিষয়ে।
প্ৰথম কথা, টোপনিৰ বাবে বেছি চিন্তা নকৰিব। অপ্ৰয়োজনীয়ভাৱে টোপনিক লৈ আতংকিত হোৱা উচিত নহয়। প্ৰথমে নিজকে মানসিক হেঁচামুক্ত কৰি ৰাখক। তেতিয়াহে সমস্যাৰ পৰা সকাহ পাব।
টোপনি নথকাৰ বাবে সঠিক পৰামৰ্শ অবিহনে টোপনি অহা কিছুমান ঔষধ খোৱাৰ পৰা বিৰত থাকিব লাগে। ইয়াৰ ফলত আপোনাৰ শৰীৰৰ ক্ষতি হ’ব পাৰে।
শোৱা কোঠাত বা বিচনাত কেতিয়াও মানীবেগ মূৰৰ সন্মুখত ৰাখিব নালাগে। ইয়াৰ ফলত আপুনি সকলো সময়তে টকাৰ কথা চিন্তা কৰিবলৈ বাধ্য হ’ব পাৰে। ফলত আপোনাৰ টোপনি বিঘ্নিত হ’ব।
বিচনাৰ তলত কেতিয়াও জোতা বা চেণ্ডেল নাৰাখিব। অন্যথা ঘৰৰ বাস্তু নষ্ট হ’ব পাৰে বুলি বাস্তু বিশেষজ্ঞসকলে উল্লেখ কৰে। ফলত আপোনাৰ টোপনিত বিঘিনি ঘটিব।
বিচনাৰ পৰা মোবাইল বা আন ইলেক্ট্ৰনিক গেজেট আঁতৰাই ৰাখিবলৈ নাপাহৰিব। অন্যথা এই সামগ্ৰী ব্যৱহাৰৰ বাবে অধিক মন কৰিব, ইয়াৰ ফলত আপোনাৰ টোপনি নষ্ট হ’ব।
ৰাতি বগা চাদৰ এখনত শুবলৈ চেষ্টা কৰক। ইয়াৰ ফলত আপোনাৰ শৰীৰ আৰু মন দুয়োটা সুস্থ হৈ থাকিব।