জয় শ্বাহ আৰু আম্বানী পুত্ৰই দিলে জীৱনদান! এইগৰাকী ভাৰতীয় তাৰকাই প্ৰকাশ কৰিলে ডাঙৰ কথা
পিছে এইগৰাকী যুৱ তাৰকাই হয়তো কোনোদিনেই ক্ৰিকেট বেটেই হাতত ল’ব নোৱাৰিলেহেঁতেন! এনে এক অৱস্থাৰ পৰা বৰ্তমানৰ আইচিচিৰ অধ্যক্ষ জয় শ্বাহ আৰু আই পি এল ফ্ৰেন্সাইজি মুম্বাই ইণ্ডিয়ানছৰ স্বত্বাধিকাৰী আকাশ আম্বানীৰ সহায়তহে খেলুৱৈগৰাকীয়ে পুনৰবাৰ ক্ৰীজত নমাৰ শক্তি ঘূৰাই পাইছে।
সদ্য সমাপ্ত এছিয়া কাপ ২০২৫ত ভাৰতৰ জয়ৰ নায়ক হিচাপে পৰিগণিত হৈছিল যুৱ তাৰকা তিলক বাৰ্মা। প্ৰতিযোগিতাৰ ফাইনেলত পাকিস্তানৰ বিপক্ষে মেচ বিজয়ী ইনিংছেৰে তিলক বাৰ্মাই খিতাপ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা লয়। পিছে এইগৰাকী যুৱ তাৰকাই হয়তো কোনোদিনেই ক্ৰিকেট বেটেই হাতত ল’ব নোৱাৰিলেহেঁতেন! এনে এক অৱস্থাৰ পৰা বৰ্তমানৰ আইচিচিৰ অধ্যক্ষ জয় শ্বাহ আৰু আই পি এল ফ্ৰেন্সাইজি মুম্বাই ইণ্ডিয়ানছৰ স্বত্বাধিকাৰী আকাশ আম্বানীৰ সহায়তহে তিলক বাৰ্মাই পুনৰবাৰ ক্ৰীজত নমাৰ শক্তি ঘূৰাই পাইছে।
বৰ্তমানৰ ভাৰতীয় টি-২০ দলৰ এগৰাকী নিৰ্ভৰযোগ্য মিডল অৰ্ডাৰ বেটছমেন হিচাপে পৰিগণিত হোৱা তিলক বাৰ্মাই তেওঁৰ এই অৱস্থা তথা সেই সময়ত জয় শ্বাহ আৰু আকাশ আম্বানীৰ ভূমিকাৰ বিষয়ে সদৰী কৰিছে। শেহতীয়াকৈ গৌৰৱ কাপুৰৰ শ্ব’ ব্ৰেকফাষ্ট উইথ চেম্পিয়নছত নিজৰ জীৱনৰ এই সত্য প্ৰকাশ কৰে যুৱ খেলুৱৈগৰাকীয়ে।
গুৰুতৰ সমস্যাত ভুগিছিল তিলক বাৰ্মা
তিলক বাৰ্মাই জানিবলৈ দিয়া মতে ২০২২ চনত বাংলাদেশত ইণ্ডিয়া এৰ হৈ এক শৃংখলা খেলি থকাৰ সময়ত তেওঁ ৰেবড’মাই’লাইছিছ নামৰ এক সংকটজনক ৰোগত আক্ৰান্ত হৈছিল। এই অৱস্থাত শৰীৰৰ পেশীবোৰ প্ৰায় অক্ষম হৈ পৰাৰ দৰে হ’বলৈ আৰম্ভ কৰে আৰু মাইঅ’গ্লবিন নামৰ ৰাসায়নিক পদাৰ্থ তেজত প্ৰৱেশ কৰি পোনপটীয়াকৈ বৃক্কৰ ক্ষতি কৰে।
জীৱনৰ সেই কঠিন মুহূৰ্ত স্মৰণ কৰি তিলক বাৰ্মাই কয় যে শৃংখলাটোত এখন মেচত তেওঁ শতক অৰ্জনৰ পথত আগবাঢ়িছিল। কিন্তু হঠাতে তেওঁৰ চকু দুটা টানি ধৰিবলৈ ধৰে। তেওঁৰ হাতৰ আঙুলিবোৰো লাহে লাহে জঠৰ হ’বলৈ ধৰে। ক্ৰমাৎ তেওঁৰ শৰীৰটো শিল যেন অৱশ হৈ পৰা যেন অনুভৱ কৰা বুলি তিলক বাৰ্মাই উল্লেখ কৰে।
স্বাস্থ্যৰ এনে এক অৱস্থাৰ বাবে তেওঁ ক্ৰীজ এৰিবলৈ বাধ্য হৈছিল। আঙুলিবোৰ বেঁকা কৰিব নোৱাৰাৰ বাবে তেওঁৰ গ্ল’ভছ পৰ্যন্ত কাটিবলগীয়া হৈছিল বুলিও দোহাৰে তিলক বাৰ্মাই। এই মাৰাত্মক ৰোগৰ পৰা আৰোগ্য লাভৰ ক্ষেত্ৰত আকাশ আম্বানী আৰু জয় শ্বাহৰ প্ৰচেষ্টাক তেওঁ উচ্চ প্ৰশংসা কৰে তথা ধন্যবাদ জ্ঞাপন কৰে।
আকাশ আম্বানী আৰু জয় শ্বাহৰ সহায়
তিলক বাৰ্মাই জানিবলৈ দিয়া মতে আকাশ আম্বানীয়ে তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ কথা জানিব পৰাৰ লগে লগে তেতিয়াৰ বিচিচিআইৰ সম্পাদক জয় শ্বাহৰ সৈতে যোগাযোগ কৰে। তেওঁলোকৰ প্ৰচেষ্টাৰ বাবেই তিলক বাৰ্মাই সোনকালে চিকিৎসা লাভ কৰিছিল। অৱস্থা ইমানেই গুৰুতৰ আছিল যে আৰু কিছুসময় পলম হ’লেই তেওঁৰ মৃত্যু পৰ্যন্ত হ’লহেঁতেন বুলিও চিকিৎসকে উল্লেখ কৰাৰ কথা জানিবলৈ দিয়ে তিলকে।