শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ব্ৰহ্মপুত্ৰত জুবিন গাৰ্গৰ চিতাভস্ম বিসৰ্জনৰ পৰা শ্যামকানুৰ পত্নীৰ দুৰ্দশালৈ, দিনটোৰ খবৰ…

TOP9: আজি ব্ৰহ্মপুত্ৰত বিসৰ্জন দিয়া হয় জুবিন গাৰ্গৰ চিতাভস্ম। পত্নী গৰিমা শইকীয়া গাৰ্গে কান্দি কান্দি স্বামীৰ চিতাভস্ম ব্ৰহ্মপুত্ৰত বিসৰ্জন দিয়ে। ইফালে শ্যামকানু মহন্তৰ পত্নীয়ে আইনী সাহাৰ্য বিচাৰি হাহাকাৰ কৰি ফুৰিছে।

ব্ৰহ্মপুত্ৰত জুবিন গাৰ্গৰ চিতাভস্ম বিসৰ্জনৰ পৰা শ্যামকানুৰ পত্নীৰ দুৰ্দশালৈ, দিনটোৰ খবৰ…
টপ৯
barasha-sarma
Barasha Sarma | Published: 29 Oct 2025 19:47 PM

আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ তলত উল্লেখ কৰা হ’ল-

১. আজি ব্ৰহ্মপুত্ৰত বিসৰ্জন দিয়া হ’ল জুবিন গাৰ্গৰ চিতাভস্ম। কাহিলীপাৰাৰ বাসগৃহৰ পৰা লাচিতঘাটলৈ লৈ যোৱা হয় চিতাভস্ম। জাহাজেৰে ব্ৰহ্মপুত্ৰৰ বক্ষত বিসৰ্জন চিতাভস্ম। জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ লগতে ভগ্নী পামী বৰঠাকুৰ আৰু পৰিয়ালৰ আন লোকসকল উপস্থিত থাকে।

২. কংগ্ৰেছৰ সভাত বাংলাদেশৰ জাতীয় সংগীত পৰিৱেশনক লৈ তীব্ৰ বিতৰ্ক। বিজেপিয়ে এইক্ষেত্ৰত তীব্ৰ সমালোচনা কৰিছে কংগ্ৰেছ দলক। আনহাতে কবিগুৰুৰ প্ৰতি সন্মান জনাইহে এই গীত পৰিৱেশ কৰা বুলি দায়সৰা মন্তব্য দিছে কংগ্ৰেছে। এই সন্দৰ্ভত তদন্তৰ নিৰ্দেশ চৰকাৰৰ।

৩. জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সন্দৰ্ভত চৰকাৰক তীব্ৰ সমালোচনা গৌৰৱ গগৈৰ। মুখ্যমন্ত্ৰীয়ে বিষয়টো অন্যফালে নিয়াৰ চেষ্টা কৰাৰ অভিযোগ প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ। সমালোচকক হাৰাশাস্তি কৰিবলৈ মুখ্যমন্ত্ৰীয়ে এছ আই টি ব্যৱহাৰ কৰাৰ অভিযোগ তুলি বিজেপিৰ ভিতৰ চ’ৰাত হিমন্ত বিশ্ব শৰ্মাক আঁতৰোৱাৰ চেষ্টা চলা বুলি কয় গগৈয়ে।

৪. কলিয়াবৰত উদ্ধাৰ এটা প্ৰাপ্তবয়স্ক এশিঙীয়া গঁড়ৰ মৃতদেহ। বাঘৰ সৈতে সংঘাতৰ মাজতেই গঁড়টোৰ মৃত্যু হোৱা বুলি অনুমান কৰিছে বিভাগীয় কৰ্তৃপক্ষই। বিগত কেবাদিনো ধৰি গঁড়টোৱে উক্ত অঞ্চলত বিচৰণ কৰি ফুৰা বুলি জানিব পৰা গৈছে। শিলঘাটৰ কামাখ্যা মন্দিৰৰ সমীপত উদ্ধাৰ হৈছে মৃত গঁড়টো।

৫. উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত নগাৰ দপদপনি । সদলবলে আহি অসম চৰকাৰৰ বন বিভাগে ৰোপণ কৰা গছপুলি কাটি তহিলং কৰে নগা দুৰ্বৃত্তই। নগাৰ এনে কাণ্ডৰ বিৰুদ্ধে সৰব হৈ পৰিছে দল-সংগঠন। কিছুদিন পূৰ্বে উচ্ছেদ অভিযান চলোৱাৰ পাছত সেই স্থানত গছপুলি ৰোপন কৰিছিল চৰকাৰে।

৬. জুবিন গাৰ্গক শ্ৰদ্ধা জনাই আজি কলাইগাঁৱত অনুষ্ঠিত হয় এক বিশেষ অনুষ্ঠান। প্ৰায় ৫০০০ মহিলাই একেলগে পৰিৱেশন কৰিলে মায়াবিনী। জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধা জনোৱাৰ লগতে অনুষ্ঠিত কৰা হয় সৰ্বধৰ্ম প্ৰাৰ্থনা সভাও।

৭. যুদ্ধ বিৰতি উলংঘা কৰি পুনৰ গাজাত আক্ৰমণ ইজৰাইলৰ। এই আক্ৰমণত কমেও ১৮ গৰাকী লোকৰ মৃত্যু হয়। হামাছৰ সদস্যই আক্ৰমণ চলোৱাৰ পাছতেই ইজৰাইলৰ সেনাই আক্ৰমণ কৰা বুলি জানিবলৈ দিয়ে ইজৰাইলৰ এজন সামৰিক বিষয়াই। কিছুদিন পূৰ্বে যুদ্ধবিৰতি ঘোষণা কৰিছিল দুয়ো পক্ষই।

৮. আইনী সাহায্য বিচাৰি আদালতৰ দুৱাৰে দুৱাৰে ঘূৰিছে শ্যামকানু মহন্তৰ পত্নী। জিলা আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয়ত আজি উপস্থিত হয় অনিতা ডেকা মহন্ত। আইনী সাহায্য বিচাৰিছে সিদ্ধাৰ্থ শৰ্মাৰ প্ৰেয়সী আৰু শেখৰজ্যোতি গোস্বামীৰ পত্নীয়েও। বিগত শুনানিৰ সময়ত কোনো অধিবক্তা আগবাঢি অহা নাই আইনী সাহায্যৰ বাবে। মুখ্য ন্যায়িক দণ্ডাধীশৰ নিৰ্দেশৰ পিছতো আইনী সহায়ৰ বাবে আহিবলৈ ইচ্ছা কৰা নাই কোনো অধিবক্তাই।

৯. বৰষুণৰ বাবে পৰিত্যক্ত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ প্ৰথমখন টি২০ মেচ। কেনবেৰাত অনুষ্ঠিত মেচখনত ভাৰতে প্ৰথমে বেটিং কৰি ৯ অভাৰ ৯৭ ৰাণ সংগ্ৰহ কৰিছিল। কিন্তু বৰষুণৰ বাবে খেলখন আধাতে সামৰিবলগীয়া হয়। এই মেচখনত দুটা ছিক্সাৰ কোবাই আন্তঃৰাষ্ট্ৰীয় টি২০ ক্ৰিকেটত ১৫০ ছিক্সাৰ কোবোৱাৰ অভিলেখ গঢ়ে সূৰ্যকুমাৰ যাদৱে।

 

অন্য খবৰ পঢ়কঃ ৰাষ্ট্ৰপতিৰ সৈতে উইং কমাণ্ডাৰ শিৱাংগী সিং, হাঁহি হাঁহি উদঙালে পাকিস্তানৰ স্বৰূপ…