শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

কাইলৈ ১০ ছেপ্টেম্বৰ! সঁচাকৈ ISIৰ আমন্ত্ৰণত পাকিস্তানলৈ গৈছিল নেকি গৌৰৱ গগৈ? শীঘ্ৰেই স্পষ্ট হ’ব সকলো…

মাজত মাত্ৰ কেইটামান ক্ষণ। কাইলৈ হিমন্ত বিশ্ব শৰ্মাই ফাদিল কৰিব গৌৰৱ গগৈ সম্পৰ্কীয় বহু তথ্য। শৰ্মাই বিগত সময়চোৱাত গগৈৰ বিৰুদ্ধে বহু অভিযোগত উত্থাপন কৰিছিল।

কাইলৈ ১০ ছেপ্টেম্বৰ! সঁচাকৈ ISIৰ আমন্ত্ৰণত পাকিস্তানলৈ গৈছিল নেকি গৌৰৱ গগৈ? শীঘ্ৰেই স্পষ্ট হ’ব সকলো…
হিমন্ত-গৌৰৱImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 09 Sep 2025 09:48 AM

১০ ছেপ্টেম্বৰ! এই দিনটোৰ কথা মনত আছেনে? অসমৰ ৰাজনীতিত সম্ভৱত এই দিনটো অতি বিশেষ হ’বলৈ গৈ আছে। কিয়নো এই দিনটোতেই পুনৰ মুখামুখি হ’ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ। হয়তো এই দিনটোতেই প্ৰমাণ হ’ব কোন সঁচা, কোন মিছা! যোৱা কেইটামান মাহ অসমৰ ৰাজনীতিত এটা বিষয়ে পাকঘূৰণি খাই আছিল। সেয়া আছিল গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণ। দীৰ্ঘদিন ধৰি চলা বাক-বিকণ্ডাৰ অন্তত হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে ১০ ছেপ্টেম্বৰত তেওঁ গৌৰৱ গগৈৰ বিৰুদ্ধে সকলো প্ৰমাণ দাখিল কৰিব। ইয়াৰ বাবে তেওঁ এছ আই টিও গঠন কৰিছিল।

গতিকে প্ৰশ্ন হয়, সঁচাকৈ গৌৰৱ গগৈৰ বিৰুদ্ধে কাইলৈ মুখ্যমন্ত্ৰীয়ে কিবা ডাঙৰ প্ৰমাণ দাখিল কৰিব নেকি? সঁচা নেকি মুখ্যমন্ত্ৰী? নে সঁচা গৌৰৱ গগৈ? কিয়নো গৌৰৱ গগৈয়েও বিগত সময়ত প্ৰত্যক্ষ বা পৰোক্ষভাৱে কৈ আহিছে যে এই অভিযোগ ভিত্তিহীন। যি নহওক ১০ ছেপ্টেম্বৰত স্পষ্ট হৈ পৰিব এয়া কোনো ৰাজনৈতিক অভিযোগ-প্ৰতিঅভিযোগ আছিল নে এয়া আছিল কোনো ডাঙৰ সত্য।

উল্লেখ্য যে, যোৱা মে’ মাহত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে বহু গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰিছিল। শৰ্মাই কৈছিল যে, ISI ৰ আমন্ত্ৰণমৰ্মে পাকিস্তানলৈ গৈছিল গৌৰৱ গগৈ। এই তথ্য চৰকাৰৰ হাতত আছে। শৰ্মাই তেওঁ তাত প্ৰশিক্ষণ গ্ৰহণ কৰাৰ সন্দেহো কৰিছিল।

শৰ্মাই কৈছিল যে, “পাকিস্তানৰ গৃহ বিভাগৰ চিঠি লাভ কৰাৰ পাছতহে গৌৰৱ গগৈ পাকিস্তানলৈ গৈছিল। তেওঁ কোনো সাংস্কৃতিক বিভাগ, বিশ্ববিদ্যালয়, ক্ৰীড়া বিভাগ আদিৰ পৰা আমন্ত্ৰণ পোৱা নাছিল। তেওঁ প্ৰত্যক্ষভাৱে পাকিস্তান চৰকাৰৰ গৃহ বিভাগৰ আমন্ত্ৰণ লাভ কৰিছিল। এয়া কিমান ভয়াবহ হ’ব পাৰে। কিছুমানে ভাবিছে এয়া মুখ চুপতি, কিন্তু এয়া এটি ছিৰায়াছ বিষয়”।

ইয়াৰ লগতে কৈছিল এয়া কোনো ল’ৰা-ধেমালি নহয়। ইয়াৰ ওপৰত ডাঙৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব আৰু ১০ ছেপ্টেম্বৰত সকলো দেখি নিজেই আচৰিত হৈ পৰিব। ১০ ছেপ্টেম্বৰত সংবাদমেল সম্বোধন কৰি সকলো স্পষ্ট কৰিব বুলি কৈছিল তেওঁ।

ইয়াৰোপৰি শৰ্মাই গগৈৰ পত্নীৰ ওপৰতো গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰিছিল। তেওঁ কৈছিল যে, গৌৰৱ গগৈ আৰু পত্নী এলিজাবেথ ভাৰত বিৰোধী কামত জড়িত হৈ আছে। আনকি গৌৰৱৰ পত্নী-সন্তান ভাৰতীয় নহয়।

ইয়াৰ পাছতে সাংসদ গৌৰৱ গগৈয়ে বিষয়টোৰ ওপৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কৈছিল যে, তেওঁ কোনো ব্যক্তিগত ভ্ৰমণৰ বাবে পাকিস্তানলৈ গৈছিল। ইয়াৰোপৰি তেওঁৰ পত্নী এটা এন জি অ’ত কাম কৰাৰ অৰ্থে পাকিস্তানত থাকিবলগীয়া হৈছিল। এয়া আছিল বহু বছৰ আগৰ কথা। ইমানেই নহয়, পত্নী আৰু সন্তানৰ নাগৰিকত্ব সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল গগৈয়ে। তেওঁ কৈছিল যে, তেওঁৰ পত্নী আৰু সন্তানে কি নাগৰিকত্ব লয় সেয়া তেওঁলোকৰ ব্যক্তিগত বিষয়। লগতে গগৈয়ে মুখ্যমন্ত্ৰীয়ে মনে মনে বাংলাদেশলৈ যোৱাৰ অভিযোগ উত্থাপন  কৰিছিল।

কেৱল এয়াই নহয়, এই অভিযোগ-প্ৰতিঅভিযোগৰ তালিকাখন দীঘলীয়া। বহু বাক-বিতণ্ডাৰ অন্তত এই বিষয়টোত যৱনিকা পৰিছিল যদিও শৰ্মাই ১০ ছেপ্টেম্বৰত সকলো স্পষ্ট হ’ব বুলি কৈছিল। ১০ ছেপ্টেম্বৰলৈ মাজত মাত্ৰ কেইটামান ঘন্টা। গতিকে ১০ ছেপ্টেম্বৰত কি হয় তাৰ ওপৰত নজৰ সকলোৰে।

 

অন্য খবৰ পঢ়কঃ ISIৰ আমন্ত্ৰণত পাকিস্তানলৈ গৈছিল গৌৰৱ গগৈ, লৈছিল প্ৰশিক্ষণঃ মুখ্যমন্ত্ৰী