শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

অসমত বানঃ ১৯ খন জিলাৰ ৫.৬০ লাখ লোক প্ৰভাৱিত ,মৃত্যুৰ সংখ্যা ১৬ জনলৈ বৃদ্ধি…

Assam flood: তথ্য অনুসৰি অসমৰ ১৯ খন জিলা বৰ্তমান বানৰ দ্বাৰা প্ৰভাৱিত হৈ আছে। ইয়াৰোপৰি বন্যাৰ্তৰ সংখ্যা ৫,৬০,০৭২ গৰাকী। ইয়াৰে মহিলাৰ সংখ্যা ২,০০,৪৮৪ গৰাকী আৰু শিশু ১,২১,৮০৫ গৰাকী।

অসমত বানঃ ১৯ খন জিলাৰ ৫.৬০ লাখ লোক প্ৰভাৱিত ,মৃত্যুৰ সংখ্যা ১৬ জনলৈ বৃদ্ধি…
বানত ভূৰ লৈ দুজন যুৱকImage Credit source: PTI
barasha-sarma
Barasha Sarma | Published: 06 Jun 2025 09:24 AM

অসমত কিছু শান্ত হৈছে বানৰ পৰিস্থিতি। ৫ জুনত দুৰ্যোগৰ প্ৰতিবেদন আৰু তথ্য ব্যৱস্থাপনা ব্যৱস্থা (DRIMS Assam) ই জাৰি কৰা তথ্য অনুসৰি অসমৰ ১৯ খন জিলা বৰ্তমান বানৰ দ্বাৰা প্ৰভাৱিত হৈ আছে। এই জিলা কেইখন -হাইলাকান্দি, কাছাৰ,শ্ৰীভূমি, ডিব্ৰুগড়, কামৰূপ, মৰিগাঁও, গোলাঘাট, বিশ্বনাথ, হোজাই, নগাঁও,ধেমাজি, দৰং, শোণিতপুৰ, শিৱসাগৰ, গোৱালপাৰা, যোৰহাট, লখিমপুৰ, তিনিচুকীয়া আৰু কামৰূপ (ম)।

এই জিলাকেইখনৰ ৬৩ টা ৰাজহ চক্ৰ আৰু ১৪৩৩ খন গাঁও প্লাবিত হৈ আছে। ইয়াৰোপৰি বন্যাৰ্তৰ সংখ্যা ৫,৬০,০৭২ গৰাকী। ইয়াৰে মহিলাৰ সংখ্যা ২,০০,৪৮৪ গৰাকী আৰু শিশু ১,২১,৮০৫ গৰাকী। লগতে বানত ডুব গৈ আছে ১৯,৩৪৫.৩৪ হেক্টৰ ভূমি। তথ্য অনুসৰি চলিত বৰ্ষৰ বানত মৃত লোকৰ সংখ্যা ১৬ জনলৈ বৃদ্ধি পাইছে।

ইয়াৰোপৰি এতিয়াও বিপদসীমাৰ ওপৰেৰে বৈ আছে কেইবাখনো নদী। এই নদী কেইখন হল- ব্ৰহ্মপুত্ৰ (ধুবুৰী), বুঢ়িদিহিং(চেনিমাৰী, খোৱাং), কপিলী (কামৰূপ), কপিলী (ধৰমতুল), বৰাক (এপি ঘাট), বৰাক (বিপি ঘাট), ধলেশ্বৰী (গড়মূৰা), কাটাখল (মাতিজুৰি), কুচিয়াৰা (শ্ৰীভূমি)।

বানৰ ফলত প্ৰভাৱিত হৈ মানুহৰ কৃষিভূমি, ঘৰ-দুৱাৰ, পশুধন আদি সকলো। যাৰ বাবে বন্যাৰ্তসকলে বান শিবিৰত আশ্ৰয় লৈছে। বৰ্তমান বান শিবিৰত থকা বন্যাৰ্তৰ সংখ্যা প্ৰায় ৪১,৪১৪ গৰাকী।  ইয়াৰ লগতে ৩৮৫ টা সাহাৰ্য শিবিৰ মুকলি কৰা হৈছে।  চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই বানাক্ৰান্তসকলক সহায় কৰাৰ সকলো ধৰণৰ আশ্বাস প্ৰদান কৰিছে।

কেৱল মানুহকেই নহয়, বানে প্ৰভাৱিত কৰিছে জীৱ-জন্তু, পশুধন আদিকো। ৰাজ্যত বৰ্তমান বানৰ ফলত প্ৰভাৱিত হৈ আছে ২,৩২,৪৮০ টা জীৱ-জন্তু। লগতে পানীত উটি গৈছে প্ৰায় ৮৬৯২ টা সৰু-বৰ পশুধন। বৰ্তমান বানত প্ৰভাৱিত হৈ আছে ২৬ টাকৈ ৰাস্তা-পথ।

উল্লেখ্য যে, প্ৰতিবছৰৰ দৰে এইবাৰো বানে অসমবাসীক জুৰুলা কৰি পেলাইছে। ৰাজ্যত কেইবাদিন ধৰি হৈ থকা ধাৰাসাৰ বৰষুণৰ ফলত পৰিস্থিতি অভাৱনীয় হৈ পৰিছে। কালিৰ তুলনাত বানৰ পৰিস্থিতি কিছু শাম কাটিলেও আজিও বিপদসীমাৰ ওপৰেৰে হৈ আছে কেইবাখনো নদী। এনে পৰিস্থিতিত অসম চৰকাৰে বন্যাৰ্তসকলক সকলো ধৰণ সহায়ৰ আশ্বাস দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আনহাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও ফোনযোগে মুখ্যমন্ত্ৰীক ফোন কৰি সকলো ধৰণ সহায়ৰ আশ্বাস প্ৰদান কৰিছে।

চলিত বানত গৃহহীন হৈছে বহু লোক। হেৰুৱাইছে সা-সম্পত্তি, মাটি-সম্পদ আদি। গতিকে এই বান পৰিস্থিতিয়ে পৰৱৰ্তী সময়ত কি ৰূপ ধাৰণ কৰে সেয়া পৰৱৰ্তী সময়ত হব লক্ষণীয়।

 

অন্য খবৰ পঢ়কঃ অসমত বানৰ তাণ্ডৱঃ ২১খন জিলাৰ ৬.৭৯ লাখ লোক প্ৰভাৱিত, মৃত্যুৰ সংখ্যা ১৪জনলৈ বৃদ্ধি…