মই মাক মাৰি পেলালো: আৰক্ষীৰ জেৰাত এফালৰ পৰা সকলো কৈ গ’ল হত্যাকাৰী কন্যাই…
পাণবজাৰ থানাত জেৰাত টেনিছ খেলুৱৈগৰাকীয়ে কয়, “আমাৰ ঘৰত বহুত অশান্তি। সদায় মাৰপিট-কাজিয়া। মা-দেউতাই মোৰ ওপৰত বহুত অত্যাচাৰ চলায়। মই ছোৱালী হোৱাৰ বাবেই মোক অত্যাচাৰ চলাই মা-দেউতাই। মই ২০২২ চনতো এবাৰ মাক হত্যা কৰিবলৈ চেষ্টা কৰিছিলো। কিন্তু সেইবাৰ ৰক্ষা পৰিছিল মা।”

কিদৰে আৰু কিয় মাতৃক হত্যা কৰিছিল কন্যাই? আৰক্ষীৰ সন্মুখত দিলে ভয়ংকৰ স্বীকাৰোক্তি। পাণবজাৰ থানাত ওৰে নিশা চলা জেৰাত এফালৰ পৰা কৈ গ’ল সকলো। পাণবজাৰ আৰক্ষী থানাত জেৰাৰ সময়ত মাতৃক হত্যা কৰাৰ পিছত কোনো অনুশোচনা নোহোৱাকৈ আৰক্ষীৰ সন্মুখত সকলো কৈ গ’ল ১৭ বছৰীয়া টেনিছ খেলুৱৈগৰাকীয়ে। অভিযুক্ত কিশোৰীয়ে পিতৃৰ বিৰুদ্ধে উত্থাপন কৰিলে যৌন নিৰ্যাতনৰ ভয়ংকৰ অভিযোগ।
পাণবজাৰ থানাত জেৰাত টেনিছ খেলুৱৈগৰাকীয়ে কয়, “আমাৰ ঘৰত বহুত অশান্তি। সদায় মাৰপিট-কাজিয়া। মা-দেউতাই মোৰ ওপৰত বহুত অত্যাচাৰ চলায়। মই ছোৱালী হোৱাৰ বাবেই মোক অত্যাচাৰ চলাই মা-দেউতাই। মই ২০২২ চনতো এবাৰ মাক হত্যা কৰিবলৈ চেষ্টা কৰিছিলো। কিন্তু সেইবাৰ ৰক্ষা পৰিছিল মা।”
তেওঁ কয়, “মোক দেউতাই যৌন নিৰ্যাতন চলায়। বহু বছৰৰ পৰা মই এইবোৰ ভুগি আহিছো। দেউতাই মোৰ সৈতে কৰা এনেবোৰ ঘটনাৰ বিষয়ে মই মাক বহুবাৰ কৈছিলো। ভাবিছিলো মায়ে মোক দেউতাৰ পৰা ৰক্ষা কৰিব। কিন্তু মায়ে মোক ৰক্ষা কৰাৰ পৰিৱৰ্তে দেউতাক সমৰ্থন কৰি আহিছিল। মা আৰু দেউতাই মোক খুব অত্যাচাৰ কৰে। প্ৰতিদিনে মাৰপিট কৰে। মই আৰু সহ্য কৰিব নোৱাৰিলে। মই মাক মাৰি পেলালো।”
আৰক্ষীয়ে প্ৰশ্ন, “তুমি কেনেকৈ মাক হত্যা কৰিলা?” কন্যাৰ প্ৰত্যুত্তৰ, “কালি দেউতা টেনিছ প্ৰশিক্ষণৰ বাবে ওলাই গৈছিল। দেউতা ঘৰত নথকা অৱস্থাত মই আকৌ মাক দেউতাৰ কথা কৈছিলো।
দেউতাই মোক বেয়া দৃষ্টিৰে চোৱাৰ কথা কৈ থাকোতে মাৰ লগত কাজিয়া হৈছিল। মই মাক নকৈ আৰু কাক ক’ম। কিন্তু মায়ে মোৰ কথাত কোনো গুৰুত্ব দিয়া নাছিল। কিন্তু মাকে মোকহে মাৰিবলৈ ধৰিলে। মই হিতাহিত জ্ঞান হেৰুৱাই মই খেলি পোৱা ট্ৰফীটোৰে মাৰি দিলো। মা ড্ৰয়িং ৰুমতে পৰি গ’ল।”
উল্লেখ্য যে শুকুৰবাৰে নিশা গুৱাহাটীৰ বৰমটৰীয়াত সংঘটিত হৈছিল এক শিহৰণকাৰী হত্যাকাণ্ড। গুৱাহাটীৰ বৰমটৰীয়াৰ ৰূপকোঁৱৰ পথত থকা PURNIMA MANSIONৰ BLOCK Bত নিশা মাতৃয়ে-কন্যাৰ মাজত বহুসময় চলি আছিল কথাৰ তৰ্কা-তৰ্কি। জীয়েকক গালি পাৰি পাৰি নিজৰ কামত ব্যস্ত হৈ পৰিছিল। ঘটনাৰ সময়ত ঘৰত নাছিল মঞ্জু দেৱীৰ স্বামী। কিন্তু মঞ্জু দেৱীৰ কন্যাই হঠাৎ ল’লে ৰুদ্ৰমূৰ্তি। টেনিছ খেলত লাভ কৰা ট্ৰফী এটা লৈ পিছফালৰ পৰা মাতৃৰ মূৰত প্ৰচণ্ড আঘাত কৰে। লগে লগে ঢলি পৰিল মঞ্জু দেৱী। চৌদিশে তেজৰে ৰাঙলী হৈ পৰিল। কিন্তু কন্যাই উপৰ্যুপৰি ট্ৰফীৰে আঘাত কৰি থাকিল মাতৃৰ ওপৰত। কন্যাৰ আক্ৰমণত প্ৰাণ হেৰুৱাইছিল মঞ্জু দেৱীয়ে।