লোমহৰ্ষক হত্যাকাণ্ডই জোঁকাৰিছে মহানগৰী: নিজ কন্যাৰ নৃশংসতাৰ বলি হ’ল মাতৃ
স্থানীয় একাংশ লোকে অভিযোগ কৰা মতে মাতৃ আৰু কন্যাৰ মাজত কোনো কথাক লৈ কাজিয়াৰ সূত্ৰপাত হৈছিল । পাছত সেই কাজিয়াই ভয়ংকৰ ৰূপ লয় আৰু গধুৰ বস্তুৰে যুৱতীগৰাকীয়ে মাতৃক আক্ৰমণ কৰে। নিজ কন্যাৰ হাততে মৃত্যু হয় মাতৃৰ।

গুৱাহাটী মহানগৰীত সংঘটিত হৈছে আন এক লোমহৰ্ষক হত্যাকাণ্ড। নিজ কন্যাৰ হাততে প্ৰাণ হেৰুৱালে মাতৃয়ে। ট্ৰফীৰে মৰিয়াই নৃশংসভাৱে মাতৃক হত্যা জীয়ৰীৰ। গুৱাহাটীৰ বৰমটৰীয়াত সংঘটিত হৈছে এই ঘটনা। মাতৃ-কন্যাৰ মাজত লাগিল ভয়ংকৰ সংঘাতৰ পৰিণতিতে হত্যাৰ সন্দেহ। এই ঘটনা একপ্ৰকাৰৰ জোঁকাৰণি গৈছে ৰাজ্য।
গুৱাহাটীৰ বৰমটৰীয়াৰ ৰূপকোঁৱৰ পথত থকা PURNIMA MANSIONৰ BLOCK Bত শুকুৰবাৰে নিশা সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। ফ্লেটটোতে দীৰ্ঘদিন ধৰি বাস কৰিছিল মঞ্জু দেৱী, স্বামী আৰু তেঁওৰ কন্যাই। কোনো দিনে কাৰো লগত শত্ৰুতা নাছিল পৰিয়ালটোৰ। সকলোৰে লগত হাঁহি-ধেমালিৰে কথা পাতিছিল মাতৃ কন্যাই। আনদিনাৰ দৰে শুকুৰবাৰে নিশা ফ্লেটটোত আছিল মাতৃ আৰু কন্যা। মঞ্জু দেৱীৰ কন্যা পেছাত এগৰাকী টেনিছ খেলুৱৈ। ৰাজ্যিক পৰ্যায়ত ইতিমধ্যে মঞ্জু দেৱীৰ কন্যাই টেনিছ খেলুৱৈ ৰূপে নিজৰ প্ৰতিভা দেখুৱাবলৈ সক্ষম হৈছিল। কিন্তু শুকুৰবাৰে নিশা হঠাৎ মাতৃ-কন্যাৰ মাজত লাগিল ভয়ংকৰ সংঘাত। সেই সংঘাতে এনে এক ৰূপ ল’ব সেয়া হয়তো কোনোৱে কল্পনাও কৰিব পৰা নাছিল।
অতি মেধাসম্পন্ন তানিয়া কুমাৰী নামৰ এই যুৱতীগৰাকী ইউ এছ টি এমত অধ্যয়নৰত। স্থানীয় লোকে ঘটনা সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত উল্লেখ কৰা মতে মাতৃ, কন্যা দুয়োগৰাকী আছিল অতি শান্ত প্ৰকৃতিৰ। পিতৃ এগৰাকী টেনিছ প্ৰশিক্ষক। একেটা এপাৰ্টমেণ্টৰ আবাসীয়ে ঘটনা সন্দৰ্ভত কয়, প্ৰথমে তেওঁলোকৰ ফ্লেটৰ পৰা হুলস্থূল শুনিবলৈ পাইছিল আৱাসীসকলে। তেওঁলোকে আহি দুৱাৰত টুকুৰিয়াইছিল যদিও দুৱাৰ খুলি দিয়া নাছিল।
ঘটনা অনুসৰি নিশা মাতৃয়ে-কন্যাৰ মাজত বহুসময় চলি আছিল কথাৰ তৰ্কা-তৰ্কি।জীয়েকক গালি পাৰি পাৰি নিজৰ কামত ব্যস্ত হৈ পৰিছিল। ঘটনাৰ সময়ত ঘৰত নাছিল মঞ্জু দেৱীৰ স্বামী। কিন্তু মঞ্জু দেৱীৰ কন্যাই হঠাৎ ল’লে ৰুদ্ৰমূৰ্তি। টেনিছ খেলত লাভ কৰা ট্ৰফী এটা লৈ পিছফালৰ পৰা মাতৃৰ মূৰত প্ৰচণ্ড আঘাত কৰে। লগে লগে ঢলি পৰিল মঞ্জু দেৱী। চৌদিশে তেজৰে ৰাঙলী হৈ পৰিল। কিন্তু কন্যাই উপৰ্যুপৰি ট্ৰফীৰে আঘাত কৰি থাকিল মাতৃৰ ওপৰত। কন্যাৰ আক্ৰমণত প্ৰাণ গ’ল মঞ্জু দেৱীৰ।
কিছু পলমকৈ ওচৰ-চুবুৰীয়াই উমান পায় সমগ্ৰ ঘটনা। ঘৰৰ দুৱাৰ বন্ধ কৰি মাতৃৰ মৃতদেহৰ কাষতে বহি আছিল হত্যাকাৰী কন্যা। ৰাইজে দুৱাৰ বন্ধ দেখি খবৰ দিয়ে দিছপুৰ আৰক্ষীক। কিছুসময় পিছতে ঘটনাস্থলীতত উপস্থিত হয় দিছপুৰ আৰক্ষীৰ এটা দল। আৰক্ষীয়ে দুৱাৰ খুলি উদ্ধাৰ কৰে মঞ্জু দেৱীৰ মৃতদেহ। আৰক্ষীয়ে মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে । নিশাই ঘটনাস্থলীত ফৰেঞ্চিকৰ এটা দল উপস্থিত হয় আৰু উক্ত স্থানৰ পৰা বিভিন্ন ধৰণৰ নমুনা সংগ্ৰহ কৰে । হত্যাকাৰী কন্যাকো গ্ৰেপ্তাৰ কৰে দিছপুৰ আৰক্ষীয়ে। কিন্তু এতিয়াও পোহৰলৈ অহা নাই ঘটনাৰ আঁৰৰ সত্যতা। যাৰ লৈ এতিয়া ৰাজ্যজুৰি আৰম্ভ হৈছে চৰ্চা।