শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

PAN 2.0 কি? পুৰণি PAN Card খন কামত আহিব নে, এই নতুন কাৰ্ডখন পাবলৈ কি কৰিব?

আয়কৰ বিভাগে মুকলি কৰিছে পান কাৰ্ড ২.০। এই নতুন পান কাৰ্ড সম্পূৰ্ণ ডিজিটেল। ইয়াৰ উপৰিও থাকিব QR ক’ড। পিছে পুৰণি কাৰ্ডখন কি হ'ব? নতুন কাৰ্ডখন পাবলৈ কি কৰিব? জানক

PAN 2.0 কি? পুৰণি PAN Card খন কামত আহিব নে, এই নতুন কাৰ্ডখন পাবলৈ কি কৰিব?
পান কাৰ্ডImage Credit source: GettyImage
manas-borah
Manas Borah | Published: 28 Jun 2025 17:05 PM

দেশৰ কৰ ব্যৱস্থাক অধিক সুৰক্ষিত আৰু স্বচ্ছ কৰি তোলাৰ বাবে শেহতীয়াকৈ আয়কৰ বিভাগে মুকলি কৰিছে পান কাৰ্ড ২.০। এই নতুন পান কাৰ্ড সম্পূৰ্ণ ডিজিটেল। ইয়াৰ উপৰিও থাকিব QR ক’ড। জনা যায় যে এই PAN 2.0 ৰ সৈতেও পুৰণি কাৰ্ডখন আগৰ দৰেই বৈধ হৈ থাকিব। গতিকে চিন্তাৰ কোনো কাৰণ নাই।

জানিব পৰা মতে, আয়কৰ বিভাগে এই নতুন পেন কাৰ্ড ইমেইলযোগে প্ৰেৰণ কৰিব। বিচাৰিলে আয়কৰ বিভাগে ডাক যোগেও পান কাৰ্ড প্ৰেৰণ কৰিব। অৱশ্যে এই ক্ষেত্ৰত সামান্য মাচুল ভৰিব লাগিব। এই নতুন পান কাৰ্ডত থাকিব QR কোড। যিটো স্কেন কৰিলে সকলো তথ্য পৰীক্ষা কৰিব পাৰি। আনকি এই কাৰ্ডখন ব্যৱহাৰ কৰি বিভিন্ন সেৱা লাভ কৰিব পাৰি।

অৱশ্যে এই নতুন পানৰ বাবে আৱেদন কৰিবলৈ কেইবাখনো নথি-পত্ৰৰ প্ৰয়োজন হ’ব। পৰিচয়ৰ প্ৰমাণ হিচাপে আধাৰ কাৰ্ড, পাছপ’ৰ্ট, ড্ৰাইভিং লাইচেন্স বা ভোটাৰ আইডি কাৰ্ড প্ৰয়োজন হ’ব। তদুপৰি ঠিকনাৰ প্ৰমাণ হিচাপে বেংক ষ্টেটমেণ্ট, ঘৰ ভাড়া চুক্তি, যিকোনো চৰকাৰী ইউটিলিটি বিল বা আধাৰ কাৰ্ডৰ প্ৰয়োজন হ’ব। ইয়াৰ উপৰিও জন্ম তাৰিখৰ প্ৰমাণ হিচাপে জন্মৰ প্ৰমাণ পত্ৰ, মাধ্যমিক বিদ্যালয়ৰ এডমিট কাৰ্ড বা পাছপ’ৰ্টৰ প্ৰয়োজন হ’ব।

PAN card 2.0 ৰ বাবে NSDL ৰ অফিচিয়েল ৱেবছাইটত গৈ PAN নম্বৰ, জন্ম তাৰিখ আৰু বিভিন্ন তথ্যৰে লগইন কৰিব লাগিব। তেতিয়া মোবাইলত এটা OTP আহিব। মাত্ৰ সেই OTP টো দিব লাগিব। এই লগইনৰ প্ৰথম ৩০ দিনত আপুনি ৩ বাৰ বিনামূলীয়াকৈ PAN 2.0 ৰ বাবে আবেদন কৰিব পাৰিব। ইয়াৰ পিছত আবেদন কৰিলে মাচুল হিচাপে ৮টকা ২৬ পইচা খৰচ হ’ব। আৰু কোনোবাই যদি হাতত PAN 2.0 পাব বিচাৰে তেন্তে আৰু ৫০ টকা খৰচ কৰিব লাগিব। তেতিয়াহে ইণ্ডিয়ান ডাকযোগে আপোনাৰ ঠিকনাত কাৰ্ডখন প্ৰেৰণ কৰিব আয়কৰ বিভাগে।