শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

কৃষ্ণাইৰ পাইকানত ডাঙৰ ঘটনা! বন বিভাগৰ লোকক আক্ৰমণ উচ্ছেদিতৰ, গুলীচালনাত নিহত ১, আহত কেইবাজন…

কৃষ্ণাইৰ পাইকানত ভয়ংকৰ ঘটনা। বন বিভাগৰ লোকৰ গুলীচালনাত নিহত হয় এজন, লগতে আহত হয় বহুতো। এতিয়াও ঘটনাস্থলীত উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰি আছে।

কৃষ্ণাইৰ পাইকানত ডাঙৰ ঘটনা! বন বিভাগৰ লোকক আক্ৰমণ উচ্ছেদিতৰ, গুলীচালনাত নিহত ১, আহত কেইবাজন…
ঘটনাস্থলী
barasha-sarma
Barasha Sarma | Updated On: 17 Jul 2025 11:17 AM

গোৱালপাৰা জিলাৰ সংৰক্ষিত বনাঞ্চল পাইকানৰ বিদ্যাপাৰাত অনাকাংক্ষিত ঘটনা। বন বিভাগৰ গুলীচালনাত নিহত এজন আৰু আহত কেইবাজন। জানিব পৰা মতে, ৭ দিন পূৰ্বে অৰ্থাৎ ১০ জুলাইত উচ্ছেদ চলোৱা গোৱালপাৰা জিলাৰ পাইকানত বন বিভাগে JCB ৰ জৰিয়তে মানুহ অহা যোৱা কৰা ৰাস্তা বন্ধ কৰি দিয়ে। যাক লৈ ৰাইজ আৰু বন বিভাগৰ মাজত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ বন বিভাগৰ লোকে গুলীচালান কৰিবলগীয়া হয়, য’ত এজন লোকৰ মৃত্যু হয়।

বৃহস্পতিবাৰে সংঘটিত এই ঘটনাই নিহত লোকজন শ্বাকোৱাৰ হুছেইন বুলি চিনাক্ত হৈছে। ইয়াৰ বিপৰীতে আন ৩ গৰাকী লোক আহত হোৱা বুলি জানিব পৰা গৈছে।  আহত কুচুমুদ্দিন শ্বেখ নামৰ এজনক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে। শ্বেখৰ অৱস্থা সংকটজনক।

ঘটনাৰ বিৱৰণী অনুসৰি, আজি পুৱা বন বিভাগৰ দলে জে চি বিসহ অহা-যোৱা পথ বন্ধ কৰিবলৈ উক্ত অঞ্চললৈ গৈছিল। কিছুদিন পূৰ্বে এই স্থানত উচ্ছেদ চলোৱা হৈছিল যদিও একাংশলোকে স্থান ত্যাগ নকৰি তাতেই বাস কৰি আছিল। তেনে অৱস্থাত যেতিয়া বন বিভাগৰ লোক উক্ত স্থানত উপস্থিত হয়, তেতিয়া পৰিস্থিতি উত্তপ্ত হৈ পৰে।

উচ্ছেদিত লোকসকলে আক্ৰমণ কৰে বন বিভাগৰ লোকক। উচ্ছেদিত লোকসকলে ইটা, শিল, লাঠি, দা, কুঠাৰ আদি লৈ বন বিভাগৰ লোকক আক্ৰমণ কৰে। তেনেস্থলত প্ৰাণ ৰক্ষাৰ বাবে বন বিভাগৰ লোকে লোকসকলৰ ওপৰত গুলীচালনা কৰে। য’ত এজন নিহত আৰু কেইবাজনো আহত হয়।

লগে লগে  সেই স্থানত আৰক্ষী উপস্থিত হয় আৰু পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰে। এই ঘটনাৰ ফলত বৰ্তমানো অঞ্চলটোত উত্তেজনাময় পৰিস্থিতিয়ে বিৰাজ কৰি আছে। পৰৱৰ্তী সময়ত অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

 

অন্য খবৰ পঢ়কঃ Sukhoi 30: ডাঙৰ কৰ্তৃত্ব! ‘অস্ত্ৰ’ মিছাইলৰ সফল পৰীক্ষণ, ১০০ কি.মি. দূৰত্বৰ শক্ৰক কৰিব পাৰিব আক্ৰমণ…