শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Sukhoi 30: ডাঙৰ কৰ্তৃত্ব! ‘অস্ত্ৰ’ মিছাইলৰ সফল পৰীক্ষণ, ১০০ কি.মি. দূৰত্বৰ শক্ৰক কৰিব পাৰিব আক্ৰমণ…

ভাৰতীয় বায়ুসেনাৰ আন এক ডাঙৰ কৰ্তৃত্ব। সুখোই যুদ্ধ বিমানৰ পৰা থলুৱা প্ৰযুক্তি ব্যৱহাৰ কৰি নিৰ্মিত 'অস্ত্ৰ' মিছাইল সফলতাৰে পৰীক্ষণ কৰে ভাৰতীয় বায়ুসেনাই। 

Sukhoi 30: ডাঙৰ কৰ্তৃত্ব! ‘অস্ত্ৰ’ মিছাইলৰ সফল পৰীক্ষণ, ১০০ কি.মি. দূৰত্বৰ শক্ৰক কৰিব পাৰিব আক্ৰমণ…
সুখোইImage Credit source: GettyImages
barasha-sarma
Barasha Sarma | Published: 17 Jul 2025 10:52 AM

ভাৰতীয় বায়ু সেনাৰ আন এক ডাঙৰ কৰ্তৃত্ব। ওড়িশাৰ উপকূলত সুখোই যুদ্ধ বিমানৰ পৰা থলুৱা প্ৰযুক্তি ব্যৱহাৰ কৰি নিৰ্মিত ‘অস্ত্ৰ’ মিছাইল সফলতাৰে পৰীক্ষণ কৰে ভাৰতীয় বায়ুসেনাই। ডিফেন্স ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন (DRDO) আৰু ভাৰতীয় বায়ুসেনাই শুকুৰবাৰে এয়াৰ টু এয়াৰ বিয়ণ্ড ভিজুৱেল ৰেঞ্জ মিছাইল (বি ভি আৰ এ এম) ( Air to air beyond visual range air-to-air missile, BVRAAM) অস্ত্ৰ সফলতাৰে পৰীক্ষামূলক নিক্ষেপ কৰে।

দুটা ভিন্ন পৰিস্থিতিত দুবাৰকৈ এই মিছাইল নিক্ষেপ কৰা হয়। য’ত দ্ৰুতবেগী মানৱবিহীন আকাশী লক্ষ্যক বিভিন্ন ৰেঞ্জ, দিশ আৰু লঞ্চ প্লেটফৰ্মৰ অৱস্থাত লক্ষ্য কৰি লোৱা হৈছিল। এই পৰীক্ষণত ক্ষেপণাস্ত্ৰটোৱে দুয়োবাৰেই অত্যন্ত সঠিকতাৰে লক্ষ্য ধ্বংস কৰিবলৈ সক্ষম হয়। এই অস্ত্ৰ DRDO ই উন্নীত কৰিছে। 

মন্ত্ৰালয়ে জাৰি কৰা তথ্য অনুসৰি, থলুৱা আৰ এফ (RF) চিকাৰকে ধৰি সকলো ব্যৱস্থাই মিছাইল পৰীক্ষণত আশা কৰা ধৰণে কাম কৰিছিল। এই আৰ এফ চিকাৰটো ডি আৰ ডি অ’ই থলুৱাভাৱে ডিজাইন আৰু বিকশিত কৰা হৈছে। এই পৰীক্ষণৰ দ্বাৰা ‘অস্ত্ৰ’ ক্ষেপণাস্ত্ৰ ব্যৱস্থাৰ সঠিকতা আৰু নিৰ্ভৰযোগ্যতা পৰীক্ষা কৰা হয়। চণ্ডীপুৰৰ ইন্টিগ্ৰেটেড টেষ্ট ৰেঞ্জে নিয়োগ কৰা ৰেঞ্জ ট্ৰেকিং ইনষ্ট্ৰুমেণ্টৰ জৰিয়তে লাভ কৰা উৰণৰ তথ্যৰ ভিত্তিত এই সকলো তথ্য প্ৰদান কৰা হৈছে। 

 

ইয়াৰ দ্বাৰা পাইলটে কোনো বাধা নোহোৱাকৈ লক্ষ্যস্থানত আক্ৰমণ কৰিব পাৰিব। এই মিছাইল Mk-1 ভেৰিয়েন্ট। ইয়াৰ ৰেঞ্জ ১০০ কিলোমিটাৰ। ১৬০ কিলোমিটাৰ ৰেঞ্জৰ Mk-2 ভেৰিয়েন্ট প্ৰস্তুত কৰা হৈছে। অৱশ্যে পৰীক্ষণ এতিয়াও বাকী আছে। ইয়াৰ পিছত আহিব আন এটা উন্নত Mk-3 ভেৰিয়েন্ট। ইয়াৰ ৰেঞ্জ আৰু বেছি হ’ব। ১৫০ কিলোগ্ৰাম ওজন আৰু প্ৰায় ৪ মিটাৰ দীঘল এই মিছাইল আমাৰ বায়ুসেনাৰ আন এক কবচ হৈ পৰিব।

পৰীক্ষণ কৰা অস্ত্ৰৰ ৰেঞ্জ ১০০ কিলোমিটাৰতকৈ অধিক। ইয়াত উন্নত গাইডেন্স আৰু নেভিগেচন চিষ্টেম আছে। এই পৰীক্ষণত হিন্দুস্তান এৰ’নটিক্স লিমিটেড (এইচ এ এল)কে ধৰি ৫০টাতকৈও অধিক ৰাজহুৱা আৰু ব্যক্তিগত উদ্যোগে এই প্ৰকল্পত অৰিহণা যোগায়। 

এই পৰীক্ষণত সফলতা লাভ কৰাৰ পাছতেই প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ডি আৰ ডি অ, ভাৰতীয় বায়ুসেনা আৰু উদ্যোগিক অংশীদাৰসকলক অভিনন্দন জ্ঞাপন কৰিছে। তেওঁ কয় যে,চিকাৰৰ সৈতে ক্ষেপণাস্ত্ৰৰ সফল পৰীক্ষণ প্ৰতিৰক্ষা প্ৰযুক্তিৰ আত্মনিৰ্ভৰশীলতাৰ দিশত এক ডাঙৰ মাইলৰ খুঁটি। প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন বিভাগৰ সচিব তথা ডি আৰ ডি অ’ৰ মুৰব্বী ড০ সমীৰ ভি কামাতেও এই সফলতাৰ বাবে সকলো দলকে অভিনন্দন জ্ঞাপন কৰে।

 

অন্য খবৰ পঢ়কঃ Starlink: বৰ্তমানতকৈ ১০ গুণ হাইস্পীড ইন্টাৰনেট সেৱা, মাহিলী কিমান টকা ভৰিব লাগিব জানেনে, জানক…