শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

দেশ এৰি বিদেশলৈ পলায়ন কৰিব পাৰে গৌৰৱ গগৈয়ে! ১০ ছেপ্টেম্বৰৰ পূৰ্বেই মুখ্যমন্ত্ৰীৰ মন্তব্য

খুব সোনকালেই দেশ এৰি বিদেশলৈ পলায়ন কৰিব গৌৰৱ গগৈয়ে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা লোকসভাৰ সাংসদগৰাকীৰ বিৰুদ্ধে এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ লগতে গৌৰৱ গগৈক বাংলাদেশীৰ সৈতেও তুলনা কৰে।

দেশ এৰি বিদেশলৈ পলায়ন কৰিব পাৰে গৌৰৱ গগৈয়ে! ১০ ছেপ্টেম্বৰৰ পূৰ্বেই মুখ্যমন্ত্ৰীৰ মন্তব্য
গৌৰৱ গগৈক সমালোচনাImage Credit source: Facebook Page
raj-saikia
Raj Saikia | Published: 05 Sep 2025 18:17 PM

১০ ছেপ্টেম্বৰ, এটা বিশেষ দিন। এই দিনটোক লৈ ইতিমধ্যেই ব্যাপক চৰ্চা চলি আছে অসমত। সংবাদ মাধ্যমৰ পৰা আৰম্ভ কৰি সামাজিক মাধ্যমলৈকে সকলোতে দেখা গৈছে আলোচনা, কি হ’ব ১০ ছেপ্টেম্বৰত? কিন্তু এই দিনটোৱে বিশেষ গুৰুত্ব লাভ কৰাৰ কাৰণ কি?

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিপূৰ্বে ঘোষণা কৰিছিল যে গৌৰৱ গগৈৰ পাকিস্তানৰ সৈতে থকা সম্পৰ্কৰ বিষয়ে সবিশেষ তেওঁ প্ৰকাশ কৰিব অহা ১০ ছেপ্টেম্বৰত। ইতিমধ্যেই গৌৰৱ গগৈ তথা তেওঁৰ পত্নীৰ পাকিস্তান ভ্ৰমণৰ বিষয়ত তদন্তৰ বাবে এছ আই টি গঠন কৰা হৈছিল।

এছ আই টিয়ে নিজৰ তদন্ত সম্পূৰ্ণ কৰি প্ৰতিবেদন প্ৰস্তুত কৰা বুলি জানিব পৰা গৈছে। এই তদন্তৰ প্ৰতিবেদন অতি শীঘ্ৰেই দাখিল কৰা হ’ব মুখ্যমন্ত্ৰীক। তাৰ পাছতেই হয়তো মুখ্যমন্ত্ৰীয়ে এই বিতৰ্কিত বিষয় সন্দৰ্ভত সবিশেষ তথ্য প্ৰকাশ কৰিব ১০ ছেপ্টেম্বৰত।

ইয়াৰ পূৰ্বে গৌৰৱ গগৈক পুনৰ এবাৰ সমালোচনাৰ লক্ষ্য কৰি ল’লে হিমন্ত বিশ্ব শৰ্মাই। কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈৰ পৰিয়ালৰ কেইবাজনো সদস্যৰ বিদেশী নাগৰিকত্ব থকাৰ বিষয়ে উল্লেখ কৰি তেওঁৰ বিশ্বাসযোগ্যতাক লৈ প্ৰশ্ন উত্থাপন কৰিছে মুখ্যমন্ত্ৰীয়ে।

সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত শৰ্মাই কয়, “যেতিয়া তেওঁৰ পৰিয়ালৰ তিনিজন সদস্য বিদেশী, তেতিয়া কোনোবাই আমাক কি জ্ঞান দিব পাৰে? তেনে ব্যক্তিক মই বাংলাদেশী বিদেশী বুলি গণ্য কৰোঁ।” মুখ্যমন্ত্ৰীয়ে লগতে কয় যে তেওঁ প্ৰথমে গগৈৰ মতামতক গুৰুত্ব দিছিল যদিও পিছলৈ তেওঁ পৰিয়ালৰ নাগৰিকত্বৰ বিষয়ে জানিব পাৰি পুনৰ বিবেচনা কৰিছিল।

“পিছত যেতিয়া গম পালোঁ যে তেওঁৰ সন্তান আৰু পত্নী বিদেশী, তেতিয়া মই বুজিলোঁ যে তেওঁ হয়তো সোনকালেই বিদেশলৈ পলায়ন কৰিব,” ডঃ শৰ্মাই কয়। গৌৰৱ গগৈক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজহুৱাভাৱে সমালোচনা কৰা এয়াই প্ৰথম নহয়। যোৱা মে’ মাহত তেওঁ কংগ্ৰেছ নেতাগৰাকীক “পাকিস্তানী এজেণ্ট” বুলি অভিযোগ কৰি গগৈ আৰু তেওঁৰ পত্নী ভাৰত বিৰোধী কাম-কাজত জড়িত বুলি দাবী কৰিছিল। গৌৰৱ গগৈয়ে সেই অভিযোগ বাৰে বাৰে অস্বীকাৰ কৰি “মিছা আৰু নিন্দা” বুলি অভিহিত কৰিছে।

অসমত অনুপ্ৰৱেশ আৰু সীমান্ত সুৰক্ষাক লৈ চলি থকা বিতৰ্কৰ মাজতে এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে। আগষ্ট মাহত গগৈয়ে বিজেপিৰ দশকজোৰা শাসন চলি থকাৰ পাছতো অনুপ্ৰৱেশ অব্যাহত থকা সন্দৰ্ভত ৰাজ্য চৰকাৰক প্ৰশ্ন উত্থাপন কৰিছিল।

‘‘কংগ্ৰেছ দলৰ স্থিতি স্পষ্ট, কোনো বাংলাদেশীয়ে অসমত অবৈধভাৱে থাকিব নালাগে। এইটো নিশ্চিত কৰাটো অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ উভয়ৰে কৰ্তব্য। তেওঁলোক দহ বছৰ ধৰি ক্ষমতাত আছে আৰু সীমান্ত নিৰাপত্তা তেওঁলোকৰ দায়িত্ব। যদি এতিয়াও অনুপ্ৰৱেশকাৰী আহি আছে, তেন্তে দায়ী কোন?” গৌৰৱে প্ৰশ্ন কৰে।