শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

১০ দিনৰ ভিতৰত বিদেশীক চিনাক্ত কৰি অসমৰ পৰা ঘূৰাই পঠিওৱা হ’ব: মুখ্যমন্ত্ৰী

মঙলবাৰে সম্পন্ন হ’ল অসম কেবিনেটৰ বৈঠক। কেবিনেট বৈঠকৰ পিছতে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈ মুখ্যমন্ত্ৰীৰ সংবাদমেল।

১০ দিনৰ ভিতৰত বিদেশীক চিনাক্ত কৰি অসমৰ পৰা ঘূৰাই পঠিওৱা হ’ব: মুখ্যমন্ত্ৰী
কেবিনটে বৈঠকৰ পিছতে মুখ্যমন্ত্ৰীৰ ঘোষণা
barasha-misra
Barasha Misra | Published: 09 Sep 2025 20:49 PM

আজিৰ কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে ৰাজ্য চৰকাৰে। বিদেশী বহিষ্কাৰক লৈ আজিৰ কেবিনেটত ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰে অসম চৰকাৰে। যদি কোনো মানুহক বিদেশী বুলি চিনাক্ত কৰে আৰু উপায়ুক্তই তেওঁৰ নথি-পত্ৰত সন্তুষ্ট নহ’লে ১০ দিনৰ ভিতৰত বিদেশীক চিনাক্ত কৰি অসমৰ পৰা ঘূৰাই পঠিওৱা হ’ব। আজি কেবিনেটে নতুন SOP অনুমোদন জনায়।

বিদেশী বহিস্কাৰৰ ক্ষেত্ৰত আজি কেবিনেটে অসমত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰে। বিদেশী ন্যায়ধীকৰণলৈ বাট নাচাই DCয়ে ল’ব সিদ্ধান্ত। এই নতুন SOP ৰ জৰিয়তে বিদেশী খেদি পঠিওৱা ব্যৱস্থাটো সহজ হ’ব বুলি কয় মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীয়ে কয়, NRCত নাম থাকিলেও বিদেশী চিনাক্ত হ’লে ঘূৰাই পঠিওৱা হ’ব। NRCত নাম থাকিলেই স্বদেশী নহ’বও পাৰে।

ইফালে সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ শতবৰ্ষৰ অনুষ্ঠানৰ বাবে প্ৰৱেশ-পত্ৰ দিয়াৰ কথা ঘোষণা কৰিছে ৰাজ্য চৰকাৰে। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ আৰু ৰবীন্দ্ৰ ভৱনত পাব প্ৰৱেশ পত্ৰ।