‘চুলবুল’ ছলমানৰ ৰোষত পৰি বলীউডত ‘দাবাং’ দেখুৱাব পৰা নাই অভিনৱে! তুলিলে গুৰুতৰ অভিযোগ
ছলমান খানৰ বিৰুদ্ধে এগৰাকী পৰিচালকে উত্থাপন কৰিছে গুৰুতৰ অভিযোগ। ভাইজান খ্যাত ছলমান আৰু তেওঁৰ পৰিয়ালৰ বাবে নিজ কেৰিয়াৰ ধ্বংস হোৱা বুলি অভিযোগ তুলিছে পৰিচালকগৰাকীয়ে।
বলীউডৰ চুপাৰষ্টাৰ ছলমান খান। ছবিজগতত ‘ভাইজান’ হিচাপে জনপ্ৰিয় ছলমান খানৰ দেশজুৰি আছে অগণন অনুৰাগী। চুপাৰষ্টাৰগৰাকীক কেন্দ্ৰ কৰি বলীউড জগতখনত প্ৰায়ে শুনা যায় কিছুমান জল্পনা-কল্পনা। বিশেষকৈ ছলমান খানৰ ইচ্ছানুযায়ী বলীউডত বহু কলা-কুশলীৰ কেৰিয়াৰৰ উত্থান-পতন হয় বুলি প্ৰায়ে চৰ্চা হোৱা দেখা যায়। অৰ্থাৎ ছলমান খানে যদি ইচ্ছা কৰে তেতিয়া কাৰোবাক তাৰকাত পৰিণত কৰাব পাৰে, একেদৰে তেওঁ অসন্তুষ্ট হ’লে কোনোজনৰ আকৌ কেৰিয়াৰেই সংকটাপন্ন হৈ পৰে বুলি গুজৱ ওলায়।
এতিয়া পুনৰ এনে এক খবৰে জোকাৰিছে বলীউড জগত। ছলমান খানৰ বিৰুদ্ধে এগৰাকী পৰিচালকে উত্থাপন কৰিছে গুৰুতৰ অভিযোগ। ভাইজান খ্যাত ছলমান আৰু তেওঁৰ পৰিয়ালৰ বাবে নিজ কেৰিয়াৰ ধ্বংস হোৱা বুলি অভিযোগ তুলিছে পৰিচালকগৰাকীয়ে। এই পৰিচালকজন আন কোনো নহয়, তেওঁ হৈছে ছলমান খান অভিনীত বলীউডৰ এক জনপ্ৰিয় ছবি দাবাঙৰ পৰিচালক অভিনৱ কাশ্যপ।