নৱেম্বৰত বিধানসভাত প্ৰতিবেদন দাখিল কৰিব চৰকাৰে, ছয় জনগোষ্ঠী জনজাতিকৰণকলৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰীৰ
মুখ্যমন্ত্ৰীয়ে কয়, চৰকাৰে ইতিবাচক দৃষ্টিভংগীৰে এই বিষয়টো সমাধানৰ বাবে আগবাঢ়িছে। লগতে জনজাতিকৰণ বিষয়টোৰ সন্দৰ্ভত নৱেম্বৰত চৰকাৰে বিধানসভাত প্ৰতিবেদন দাখিল কৰিব। লগতে কেইটাবাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে।

২৬ ৰ নিৰ্বাচনৰ পূৰ্বে পুনৰ চৰ্চালৈ আহিছে ছয় জনগোষ্ঠীক জনজাতিকৰণৰ দাবী। এই সন্দৰ্ভত শেহতীয়াকৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয় যে, চৰকাৰে ইতিবাচক দৃষ্টিভংগীৰে এই বিষয়টো সমাধানৰ বাবে আগবাঢ়িছে। লগতে জনজাতিকৰণ বিষয়টোৰ সন্দৰ্ভত নৱেম্বৰত চৰকাৰে বিধানসভাত প্ৰতিবেদন দাখিল কৰাৰ কথাও সদৰী কৰিছে মুখ্যমন্ত্ৰীয়ে।
সংবাদ মাধ্যমৰ সৈতে হোৱাৰ বাৰ্তালাপত মুখ্যমন্ত্ৰীয়ে কয়, “ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দিশটোত চৰকাৰে বহু ইতিবাচকভাৱে আগবাঢ়িছে। নৱেম্বৰত বিধানসভাত আমি প্ৰতিবেদন দিম। ইতিমধ্যে ছয় জনগোষ্ঠীৰ সমস্যাটো সমাধানৰ ক্ষেত্ৰত চৰকাৰে বহুখিনি আগবাঢ়িছে।”
তেওঁ লগতে কয় যে,মূল সমস্যাটো হ’ল কংগ্ৰেছে যেতিয়া বিধানসভাত প্ৰস্তাৱটো আনিছিল, তেতিয়া কোৱা হৈছিল যে, কাৰোঁ ক্ষতি নোহোৱাকৈ জনজাতিকৰণ কৰিব লাগে। মুখ্য়মন্ত্ৰীগৰাকীয়ে এক প্ৰকাৰে কয় যে, ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ লগে লগে আন সকলৰ ক্ষতি হোৱাটো স্বাভাৱিক। গতিকে বিধানসভাত প্ৰস্তাৱটো নতুনকৈ পাছ কৰিব লাগিব।
“ক্ষতি হ’লেও জনজাতিকৰণ কৰিব লাগিব। এতিয়ালৈকে প্ৰস্তাৱ আছে যে, ক্ষতি নোহোৱাকৈ জনজাতিকৰণ কৰিব লাগে। ইয়াৰ মাজতে বহুবাৰ আলোচনা হৈছে। কিছু কথা ইতিবাচক হৈছে আৰু কিছু কথা সমাধান হ’বলৈ বাকী আছে। নৱেম্বৰত বিস্তৃত প্ৰতিবেদন দিয়া হ’ব। তেতিয়াই চৰকাৰে বিষয়টোত কিদৰে আগবাঢ়িছে সেই কথা ৰাইজে বুজি পাব।” ছয় জনগোষ্ঠী জনজাতিকৰণৰ সন্দৰ্ভত এইদৰে কয় মুখ্যমন্ত্ৰীয়ে।
উল্লেখ্য যে, ১৪ ছেপ্টেম্বৰত মঙলদৈত অনুষ্ঠিত হ’বলগীয়া বিশাল জনসভা সম্বোধন কৰিব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰীগৰাকী অহাৰ প্ৰাক মুহূৰ্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি মঙলদৈত উপস্থিত হৈ প্ৰস্তুতি পৰ্যালোচনা কৰে।
মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে যে, ১৪ ছেপ্টেম্বৰৰ দিনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তিনিটা বিশেষ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। সেই কেইটা হৈছে যে, মঙলদৈত স্থাপন হ’বলগীয়া মেডিকেল কলেজ,ব্ৰহ্মপুত্ৰৰ ওপৰত কুৰুৱা- নাৰেংগী সংযোগী দলং আৰু গুৱাহাটী ৰিং ৰোড প্ৰকল্প।
আনহাতে ছিপাঝাৰৰ প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়াক কংগ্ৰেছত যোগদানৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে মুখ্যমন্ত্ৰীয়ে। ইয়াৰোপৰি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত ১০ ছেপ্টেম্বৰত গৌৰৱ গগৈৰ বিৰুদ্ধে উত্থাপিত পাকিস্তান লিংক অভিযোগক তথ্য সহকাৰে ফাদিল কৰিম বুলি কোৱা বিষয়টো এৰাই চলে মুখ্যমন্ত্ৰীগৰাকীয়ে।