শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

“তৃণমূল কৰ্মীয়ে প্ৰস্তুত কৰিব নিৰ্বাচনী ৰণ কৌশল”, ৰাজীৱ ভৱনত BTC নিৰ্বাচনকলৈ পৰ্যালোচনা বৈঠক গৌৰৱ গগৈৰ

BTC ৰ নিৰ্বাচনৰ বাবে ৩২ জনীয়া পৰ্যবেক্ষকৰ সৈতে আলোচনাত মিলিত হয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ। এই বৈঠকতে BTR ৰ ৪০ খন আসনৰ সন্দৰ্ভত তৃণমূল কৰ্মীৰ পৰামৰ্শ গ্ৰহণ কৰিছে প্ৰদেশ কংগ্ৰেছে।

“তৃণমূল কৰ্মীয়ে প্ৰস্তুত কৰিব নিৰ্বাচনী ৰণ কৌশল”, ৰাজীৱ ভৱনত BTC নিৰ্বাচনকলৈ পৰ্যালোচনা বৈঠক গৌৰৱ গগৈৰ
ৰাজীৱ ভৱনক কংগ্ৰেছ পৰ্যালোচনা বৈঠক
manas-borah
Manas Borah | Updated On: 09 Jul 2025 16:02 PM

৪০ খন আসনৰ বাবে অনুষ্ঠিত হ’বলগীয়া BTC ৰ নিৰ্বাচনৰ বাবে ৩২ জনীয়া পৰ্যবেক্ষকৰ সৈতে আলোচনাত মিলিত হয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ। এই বৈঠকতে BTR ৰ ৪০ খন আসনৰ সন্দৰ্ভত তৃণমূল কৰ্মীৰ পৰামৰ্শ গ্ৰহণ কৰিছে প্ৰদেশ কংগ্ৰেছে। এই সন্দৰ্ভত আলোচনা হোৱা বুলিও জানিব পৰা গৈছে। ৰাজনৈতিক বিশ্লেষকৰ মতেও ২৬ ৰ পূৰ্বে বিটিচিৰ নিৰ্বাচন কংগ্ৰেছৰ বাবে অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হ’ব পাৰে।

একে সময়তে সমগ্ৰ ৰাজ্যতে সাংগঠনিক দিশ পৰ্যবেক্ষণৰ বাবে ৭০-৮০ জনীয়া পৰ্যবেক্ষকৰ এটা টীম গঠন কৰিছে প্ৰদেশ কংগ্ৰেছে। কংগ্ৰেছে এটা কথাৰ ওপৰত অধিক গুৰুত্ব দিছে যে, কোনো কৰ্মী যাতে ঘৰত বহি নাথাকে। হাতে-কামে প্ৰত্যেক গৰাকী কৰ্মীয়ে দলৰ বাবে কাম কৰাৰ ওপৰত গুৰুত্ব দিছে কংগ্ৰেছে।

কংগ্ৰেছৰ নেতৃত্বৰ মতে, কেৱল BTR তে নহয় সকলো জিলাৰ তৃণমূল কৰ্মীয়ে দলৰ সাংগঠনিক শক্তিৰ বৃদ্ধিৰ বাবে কাম কৰিব লাগিব। ইয়াৰ ওপৰত অধিক গুৰুত্ব দিছে সভাপতি গৌৰৱ গগৈয়েও। জানিব পৰা মতে, এই সকলোবোৰ দিশ পৰ্যবেক্ষকে নিৰীক্ষণ কৰিব।

ইফালে, সংবাদ মাধ্যমৰ আগত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে কয় যে, হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত BTR ত উন্নয়ন স্থবিৰ। একে সময়তে মুখ্যমন্ত্ৰীৰ নিয়ন্ত্ৰণত হাগ্ৰামা মহিলাৰী আছে বুলিও দাবী কৰে গৌৰৱ গগৈয়ে। বৰ্তমানৰ চৰকাৰক সমালোচনা কৰি গগৈয়ে কয় যে,ওদালগুৰিত ৰাস্তা ঘাটৰ অৱস্থা নাই , মুখ্যমন্ত্ৰীয়ে গুৱাহাটীত ফ্লাই অভাৰ নিৰ্মাণ কৰিছে। গুৱাহাটীত ফ্লাই অভাৰ নহয় , গাঁৱৰ ৰাস্তা বনাবলৈ মুখ্যমন্ত্ৰীক পৰামৰ্শ দিয়ে গৌৰৱ গগৈয়ে।

“গাঁৱৰ ৰাস্তা নিৰ্মাণ কৰিলেহে মানুহে মুখ্যমন্ত্ৰীক ভাল পাব। বানত দলং ক্ষতিগ্ৰস্ত হৈছে সেইবোৰ নিৰ্মাণ কৰক।” এই মন্তব্য গৌৰৱ গগৈৰ। লগতে চাৰিজন ডাঙৰ ঠিকাদাৰ বাবেহে মুখ্যমন্ত্ৰীয়ে ফ্লাই অভাৰ নিৰ্মাণ কৰিছে বুলি অভিযোগ কৰে গৌৰৱ গগৈয়ে।

বিটিচিৰ নিৰ্বাচনৰ সন্দৰ্ভত গৌৰৱ গগৈয়ে কয় যে, “BTR বাসীয়ে বিকল্প বিচাৰিছে ৷ ইতিমধ্যে আমাৰ প্ৰাৰ্থী সাজু কৰি ৰখা হৈছে ৷ BTR তৃণমূল কৰ্মীয়ে তৈয়াৰ কৰিব নিৰ্বাচনী ৰণ কৌশল।” দিছপুৰৰ ৰাজীৱ ভৱনত নহয় জিলাৰ তৃণমূল কৰ্মীৰ ঘৰৰ চোতালত বহি ৰণ কৌশল প্ৰস্তুত কৰা হ’ব বুলি কয় গৌৰৱ গগৈয়ে।

ইফালে, প্ৰশাসনৰ উচ্ছেদ অমানৱীয় বুলি অভিহিত কৰে গৌৰৱ গগৈয়ে। তেওঁ অভিযোগ কৰে যে, সৰ্বানন্দ সোনোৱাল পুনৰ ৰাজ্যৰ ৰাজনীতিত ঘুৰি আহিব বুলি শংকিত হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীৰ চকী সুৰক্ষিত কৰিবলৈ আদানী-আম্বানীক মাটি দিব বিচাৰিছে বুলি বিস্ফোৰক অভিযোগ উত্থাপন কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে।

জনজাতীয় লোকক অপমান কৰা বুলি কোৱা মন্তব্য ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে গৌৰৱ গগৈয়ে। তেওঁ কয়,”জনজাতীয় লোকসকলে মোক স্বাগতম জনাইছে। মোৰ সৈতে আলোচনা কৰিছে। আমাৰ দুদিনীয়া ভ্ৰমণৰ পাছতে শংকিত বিজেপি।” লগতে পুনৰ কাৰ্বি আংলঙলৈ যাব বুলি কয় গৌৰৱ গগৈয়ে।