শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

কেতিয়া ৰাজহুৱা কৰিব SIT ৰ প্ৰতিবেদন ? গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰীৰ

শেহতীয়াকৈ এই সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কেতিয়া ৰাজহুৱা কৰিব SIT ৰ প্ৰতিবেদন? এই প্ৰশ্ন উত্থাপন হৈ থাকৰ সময়তে কেইটাও বিস্ফোৰক মন্তব্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে।

কেতিয়া ৰাজহুৱা কৰিব SIT ৰ প্ৰতিবেদন ? গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰীৰ
হিমন্ত বিশ্ব শৰ্মা- গৌৰৱ গগৈImage Credit source: PTI
manas-borah
Manas Borah | Updated On: 27 Sep 2025 19:01 PM

গৌৰৱ গগৈয়ে পাকিস্তানৰ সৈতে সঁচাকৈ কিবা লিংক ৰাখিছিল নেকি? এই সমগ্ৰ গোচৰটো তদন্তৰ বাবে ৰাজ্য চৰকাৰে গঠন কৰি দিছিল SIT। মুখ্যমন্ত্ৰীয়ে কৈছিল যে, ১০ ছেপ্টেম্বৰত সকলো কথা স্পষ্ট হ’ব। এবাৰ-দুবাৰ নহয় বহুবাৰ এই কথাটো সংবাদ মাধ্য়মৰ আগত প্ৰকাশ কৰি আহিছিল মুখ্যমন্ত্ৰীয়ে। সেই বিশেষ দিনটো পাৰ হৈ গ’ল, আজিও অসমৰ ৰাইজে নাজানে বিশেষ তদন্তকাৰী দলে তদন্ত কৰি কি পালে? SIT য়ে তদন্তৰ প্ৰতিবেদন দাখিল কৰিলে যদিও ৰাজ্য চৰকাৰে এতিয়াও সেই প্ৰতিবেদনত কি আছে ৰাজহুৱা কৰা নাই।

শেহতীয়াকৈ এই সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কেতিয়া ৰাজহুৱা কৰিব SIT ৰ প্ৰতিবেদন? এই প্ৰশ্ন উত্থাপন হৈ থাকৰ সময়তে তেওঁ পুনৰ কয় যে, অতি শীঘ্ৰে ৰাজহুৱা কৰা হ’ব প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ SIT ৰ প্ৰতিবেদন।

সংবাদ মাধ্যমৰ আগত তেওঁ কয়, “কংগ্ৰেছক প্ৰথম দিনাই কৈছিলোঁ যে,যিগৰাকী নেতা তেওঁলোকে আনিছে, সেই নেতাগৰাকী সম্পূৰ্ণ পাকিস্তানৰ এজেণ্ট। অহা অক্টোবৰত মই যেতিয়া এই বিষয়ে আপোনালোকক SIT প্ৰতিবেদন দিম, সকলোৱে নিজে মৰ্মে মৰ্মে উপলব্ধি কৰিব যে, কংগ্ৰেছ আমাক নেতৃত্ব দিবলৈ কাক পঠিয়াইছে!”

“অহা ৪ অক্টোবৰত SIT ৰ প্ৰতিবেদন সন্দৰ্ভত ৰাজ্যক কেবিনেটত আলোচনা হ’ব। ইয়াৰ পাছতে আমি পৰৱৰ্তী সিদ্ধান্ত ল’ম। কিন্তু সাধাৰণ মানুহে ইতিমধ্যে বুজি পাইছে যে, ৰাষ্ট্ৰদোহৰ চৰম পৰকাষ্ঠা কৰা ব্যক্তি এইগৰাকী।” এইদৰে কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

উল্লেখ্য যে, কিছুদিন পূৰ্বে গৌৰৱ গগৈয়ে এটা বিশেষ সাক্ষাৎকাৰ অনুষ্ঠানত SIT ৰ প্ৰতিবেদনত কি আছে জানিবলৈ বিচৰা কথা প্ৰকাশ কৰিছিল। SIT য়ে দুদিনকৈ তেওঁ পত্নীক সোধা-পোচা কৰাৰ কথাও ৰাজহুৱাকৈ প্ৰকাশ কৰিছিল সাংসদ গৌৰৱ গগৈয়ে।