শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Gaurav gogoi: পিতৃ পৰিচয়ৰ পৰা ৰাজনৈতিক পৰিচয়লৈ…গৌৰৱ গগৈৰ জীৱনত এভুমুকি…

Gaurav gogoi: বৰ্তমান অসমৰ চৰ্চিত এটি নাম গৌৰৱ গগৈ। যোৱা কেইটামান দিন বিতৰ্কৰ মাজত থকাৰ সময়তে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি হিচাপে নিযুক্তি পালে গৌৰৱ গগৈয়ে।

Gaurav gogoi:  পিতৃ পৰিচয়ৰ পৰা ৰাজনৈতিক পৰিচয়লৈ…গৌৰৱ গগৈৰ জীৱনত এভুমুকি…
গৌৰৱ গগৈ
barasha-sarma
Barasha Sarma | Updated On: 27 May 2025 16:21 PM

এবাৰ দুবাৰ নহয়, তিনিবাৰকৈ মুখ্যমন্ত্ৰী হৈছিল তেওঁৰ পিতৃ। অসমৰ ৰাজনীতিৰ অন্যতম প্ৰভাৱশালী নেতা তথা সুদীৰ্ঘকাল শাসনত আছিল তেওঁ। বগা কুৰ্টা-পায়জামা,  মিছিকীয়া হাঁহি আৰু কথনশৈলীয়ে তেওঁক বিশেষ কৰি তুলিছিল। অসমৰ ৰাজনীতিৰ পথাৰখনত অন্যতম ক্ষমতাশালী ব্যক্তি আছিল তেওঁ। সেইগৰাকী তৰুণ গগৈৰেই পুত্ৰ গৌৰৱ গগৈ। এসময়ত এই নামটোৰ সৈতে অসমৰ মানুহৰ বিশেষ চিনা পৰিচয় নাছিল যদিও আজিৰ সময়ত প্ৰায় সমগ্ৰ দেশে তেওঁক চিনি পায়। পিতৃৰ নীতি অনুসৰণ কৰিয়েই তেওঁ ৰাজনীতিৰ জগতত ভৰি থৈছিল।

২৬ মে’,২০২৫ চনত AICC য়ে গৌৰৱ গগৈক এক গধুৰ দায়িত্ব অৰ্পন কৰে। জহি-খহি যাবলৈ ধৰা অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ গুৰু দায়িত্ব অৰ্পন কৰে তেওঁক। ইয়াৰ পূৰ্বে তেওঁ আছিল প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰ, এজন সাংসদ আৰু লোকসভাৰ বিৰোধী উপ-দলপতি। কিন্তু এতিয়া তেওঁৰ নতুন চিনাকী হৈ পৰিব অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি।

গৌৰৱে শিক্ষা জীৱনৰ প্ৰায়ভাগ সময় ভাৰতৰ আন প্ৰান্তত বা বাহিৰত কটাইছিল। প্ৰশ্ন হয়,  প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰহৈও তেওঁৰ বাবে সহজ আছিল জানো ৰাজনৈতিক জীৱনৰ ভেটি গঢ়াৰ? গৌৰৱৰ এই যাত্ৰা আজিৰ নাছিল। ইয়াৰ পূৰ্বে তেওঁ এটা চাকৰি কৰিছিল।  ১৯৮২ চনৰ ৪ ছেপ্টেম্বৰত দিল্লীত জন্মগ্ৰহণ কৰা গগৈয়ে দিল্লীৰ ছেন্ট কলম্বাছ স্কুলৰ পৰা স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল। তাৰ পাছত তেওঁ ইন্দ্ৰপ্ৰস্থ বিশ্ববিদ্যালয়ৰ পৰা বি টেক ডিগ্ৰী আৰু পাছত আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্ক বিশ্ববিদ্যালয়ৰ পৰা প্ৰশাসনিক শিক্ষা গ্ৰহণ কৰিছিল। ইয়াৰ মাজতে তেওঁ দিল্লীৰ এটা কোম্পানীত কাম কৰিছিল। তেওঁ নৃত্য আৰু পৰিচালনা কৰিও ভাল পায়।

ৰাজনৈতিক যাত্ৰা

বিবাহৰ পাছতহে গৌৰৱ গগৈৰ ৰাজনৈতিক যাত্ৰা আৰম্ভ হোৱা বুলি ক’ব পাৰি। অধ্যয়ন শেষ কৰি ২০১৩ চনত গগৈয়ে ব্ৰিটেইনত  জন্মগ্ৰহণ কৰা এলিজাবেথ ক’লবাৰ্ণৰ সৈতে বিবাহপাশত আবদ্ধ হয়। বৰ্তমান মাতৃ ডলী গগৈৰ লগতে গৌৰৱৰ পত্নী আৰু দুই সন্তানো আছে।

২০১৪ চনত তেওঁ আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰে আৰু মাৰ্চ মাহত কংগ্ৰেছে তেওঁক কলিয়াবৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰে। ইয়াৰ পাছত গগৈয়ে ২০১৪ চনৰ ১৯ ​​মাৰ্চত মনোনয়ন দাখিল কৰে। তেওঁ প্ৰথম নিৰ্বাচনত মুঠ ৪৪৩,৩১৫ টা ভোটত জয়লাভ কৰি নিকটতম প্ৰতিদ্বন্দ্বী বিজেপিৰ মৃণাল কুমাৰ শইকীয়াক ৯৩,০০০ তকৈ অধিক ভোটত পৰাস্ত কৰে।

ইয়াৰ পাছত তেওঁ পুনৰ ২০১৯ চনত একে সমষ্টিৰ পৰা দ্বিতীয়বাৰৰ বাবে লোকসভালৈ নিৰ্বাচিত হয় আৰু ২০২৪ চনলৈ সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰে। ৰাজনৈতিক জীৱনৰ উত্থাপন পতনৰ মাজেৰে গতি কৰি ২০২৪ চনৰ লোকসভা নিৰ্বাচন গৌৰৱ গগৈয়ে যোৰহাট সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়ায়। এই নিৰ্বাচনতো গগৈয়ে বৃহৎ জয়লাভ কৰে। বিজেপিৰ অপ্ৰাণ চেষ্টাৰ পাছতো তেওঁ এই সমষ্টিৰ পৰা কমেও ১.৪৪ লাখ ভোটত বিজয় সাব্যস্ত কৰে।

এইবাৰ তেওঁ সংসদত বিৰোধী উপ-দলপতিৰ দায়িত্ব লাভ কৰে, আৰু এতিয়া তেওঁৰ হাতলৈ আহিছে প্ৰদেশ কংগ্ৰেছৰ বাঘজৰী।  সম্ভৱতঃ বহু কম সময়তে ৰাজনৈতিক ক্ষেত্ৰখনত গৌৰৱ গগৈয়ে বহুখিনি সফলতা আহৰণ কৰিছে। কিন্তু কেৱল প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰ হোৱা বাবে গৌৰৱৰ এই প্ৰাপ্তি হোৱা বুলি ক’লে ভুল হ’ব।

নিশ্চয়কৈ গৌৰৱ এজন শক্তিশালী ৰাজনৈতিক নেতা। অন্ততঃ যোৱা কেইটামান বছৰত গৌৰৱে নিজৰ পৰিপক্কতাৰ পৰিচয় দি আহিছে। অসমৰ ৰাজনীতিত পূৰ্বতে গৌৰৱৰ বিশেষ চৰ্চা নাছিল। কিন্তু এতিয়া গৌৰৱ ৰাজ্যৰ ৰাজনীতিৰ অন্যতম কেন্দ্ৰবিন্দু হৈ পৰিছে। সম্ভৱতঃ চৰ্চাই ৰাজনীতিত মানুহক জনপ্ৰিয় কৰি তোলে। সেয়া লাগিলে ভালেই হওক বা বেয়াই।

কিন্তু এই চৰ্চাৰ সুযোগ গ্ৰহণ কৰি গৈছে গৌৰৱ গগৈয়ে। অসমৰ ৰাজনীতিত খোপনি পুতিবলৈ গৌৰৱে অপ্ৰাণ চেষ্টা চলাই গৈছে। কংগ্ৰেছৰ বাহিৰেও একাংশই দাবী কৰিছে যে এতিয়া গৌৰৱ অন্যতম শক্তিশালী প্ৰাৰ্থী। ইয়াৰোপৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তেওঁ হ’ব পাৰিব মূল প্ৰতিদ্বন্দ্বী।

এই কথাটো সম্ভৱঃ মুখ্যমন্ত্ৰীয়ে নিজেই উপলব্ধি কৰিছে। যাৰ বাবে  যি কাৰণতেই নহওক কিয়, মুখ্যমন্ত্ৰীৰ মুখৰ পৰা গৌৰৱ গগৈৰ নাম নুগুচে। যোৱা লোকসভা নিৰ্বাচনত যোৰহাটৰ পৰা বিজেপি প্ৰাৰ্থীক জয়ী কৰাবলৈ হাড়ে হিমজুৱে চেষ্টা কৰিছিল দলটোৱে। মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি সকলো নেতা-মন্ত্ৰীয়ে যোৰহাট সমষ্টিত বাহৰ পাতি ব্যাপক প্ৰচাৰ চলাইছিল। কিন্তু তাৰ পাছতো তপন গগৈৰ বিৰুদ্ধে বিপুল ভোটত জয়লাভ কৰিছিল গৌৰৱ গগৈয়ে।

কিন্তু গৌৰৱ ৰোধী যুঁজখন ইয়াতেই ক্ষান্ত হোৱা নাই। মুখ্যমন্ত্ৰী হওক বা বিজেপিৰ আন নেতা-মন্ত্ৰী, প্ৰায় সকলোৰে মুখত এতিয়া গৌৰৱৰ নাম। বৰ্তমান সময়ত অসমৰ ৰাজনীতিত এতিয়া এটা চৰ্চিত বিষয় হৈছে গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণ। মুখ্যমন্ত্ৰীয়ে বিগত সময়চোৱাত গৌৰৱৰ বিৰুদ্ধে বহু অভিযোগ উত্থাপন কৰি আহিছে। সেই অভিযোগৰ সত্যাসত্য আমি প্ৰমাণ কৰিবলৈ নাযাওঁ। কিন্তু এই অভিযোগৰ ফলত গৌৰৱ যে পুনৰ চৰ্চিত হৈ ৰাইজৰ দৃষ্টি কাঢ়িছে সেয়া নিশ্চিত।

চৰ্চাৰ ভাল-বেয়া দিশ দুয়োটাই আছে। ইমানখিনি অভিযোগৰ পাছতো একাংশই গৌৰৱৰ প্ৰশংসা কৰিবলৈ এৰা নাই। যাৰ বাবে হয়তো কংগ্ৰেছে গৌৰৱ গগৈক প্ৰদেশ কংগ্ৰেছৰ কামান প্ৰদান কৰে। অৱশ্যে এই ক্ষেত্ৰত কংগ্ৰেছৰ লবীকেন্দ্ৰিক ৰাজনীতিৰ কথা নুই কৰিব নোৱাৰি।

যিয়েই নহওক, বৰ্তমান প্ৰদেশ কংগ্ৰেছত থকা নেতাসকলৰ ভিতৰত গৌৰৱেই যে শক্তিশালী তাত কোনো সন্দেহ নাই। ২০২৬ চনত ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন। গতিকে মৰহিবলৈ ধৰা কংগ্ৰেছত সাৰপানী যোগাবলৈ হয়তো AICC য়ে গৌৰৱক এই ডাঙৰ দায়িত্ব প্ৰদান কৰিছে।

দায়িত্ব লাভ কৰিছে ঠিকেই, কিন্তু গৌৰৱৰ বাবে এই পথটো মসৃণ নহ’ব। এফালে দলত অন্তৰ্কন্দল আনফালে শাসকীয় পক্ষৰ অভিযোগৰ উপৰি অভিযোগ। এই সময়ত তেওঁক দলীয় সহযোগৰ প্ৰয়োজন হ’ব।  অসমত এতিয়া বিৰোধী ইমান শক্তিশালী হৈ থকা নাই যে অকলে কোনো দলে শাসকীয় পক্ষৰ বিৰুদ্ধে যুঁজিব পাৰিব। গতিকে ঐক্য আৰু সঠিক ৰণনীতিৰো প্ৰয়োজন হ’ব। ইয়াৰোপৰি তেওঁ নিজাকৈ গগৈকেন্দ্ৰিক ৰাজনীতিত আৱদ্ধ নাথাকি জাতি-ধৰ্ম নিৰ্বিশেষে ৰাইজৰ মাজত বিশ্বাসযোগ্যতা গঢ়ি তুলিব পৰা নেতৃত্ব বহন কৰিব পাৰিব লাগিব।

ইয়াৰোপৰি গৌৰৱে সভাপতিৰ দায়িত্ব লাভ কৰিলে বুলি হাত সাৱতি বহি নাথাকে বিজেপি। বিজেপিৰ ৰণনীতি শক্তিশালী, বিজেপিৰ নেতৃত্বত দম আছে। গতিকে এই সকলো প্ৰত্যাহ্বান নেওচি অসম প্ৰদেশ কংগ্ৰেছক সফলতাৰ সোৱাদ গৌৰৱে দিব পাৰে নে নাই সেয়া সময়ত হ’ব লক্ষণীয়।

 

 

অন্য খবৰ পঢ়কঃ APCC president: পত্নীৰ পাকিস্তান বিতৰ্কৰ মাজতেই আহিল ভাল খবৰ, অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈ