শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

চাৰিদিন ধৰি ভটিয়াপাৰৰ বাৰীচুকত নিৰ্গত হৈ আছে গেছ, দুৰ্গন্ধত থাকিব নোৱাৰা পৰিস্থিতি, ৭০ টা পৰিয়ালক আশ্ৰয় শিবিৰলৈ স্থানান্তৰ…

শিৱসাগৰৰ ভটিয়াপাৰ বাৰীচুকত থকা এটা অ’এনজিচিৰ ৰীগত চতুৰ্থ দিনৰ বাবে গেছৰ নিৰ্গমন অব্যাহত আছে । ইয়াৰ ফলত ৭০টা পৰিয়ালক সাহায্য শিবিৰলৈ স্থানান্তৰ কৰা হৈছে বুলি দেওবাৰে বিষয়াসকলে প্ৰকাশ কৰে।

চাৰিদিন ধৰি ভটিয়াপাৰৰ বাৰীচুকত নিৰ্গত হৈ আছে গেছ, দুৰ্গন্ধত থাকিব নোৱাৰা পৰিস্থিতি, ৭০ টা পৰিয়ালক আশ্ৰয় শিবিৰলৈ স্থানান্তৰ…
আজিও RDS-147 ৰীগৰ পৰা নিৰ্গত হৈ আছে গেছ
manas-borah
Manas Borah | Updated On: 15 Jun 2025 17:47 PM

অ’এনজিচিৰ বিশেষজ্ঞই আজিৰ পৰ্যন্ত বন্ধ কৰিবলৈ সক্ষম হোৱা নাই ভটিয়াপাৰৰ RDS-147 ৰীগৰ পৰা নিৰ্গত গেছ । ১২ জুনৰ পুৱাৰ পৰাই ৰুটিন চাৰ্ভিচিং অপাৰেচনৰ সময়ত শিৱসাগৰ জিলাৰ ভটিয়াপাৰস্থিত RDS-147 ৰীগত গেছ লিক হৈছিল। সেই গেছ আজিও নিৰ্গত হৈ আছে । ইয়াৰ ফলত আতংকই বিৰাজ কৰিছে স্থানীয় লোকসকলৰ মাজত ।

সূত্ৰৰ খবৰ অনুসৰি, শিৱসাগৰৰ ভটিয়াপাৰ বাৰীচুকত থকা এটা অ’এনজিচিৰ ৰীগত চতুৰ্থ দিনৰ বাবে গেছৰ নিৰ্গমন অব্যাহত আছে । ইয়াৰ ফলত ৭০টা পৰিয়ালক সাহায্য শিবিৰলৈ স্থানান্তৰ কৰা হৈছে বুলি দেওবাৰে বিষয়াসকলে প্ৰকাশ কৰে। তেওঁলোকে জনোৱা মতে, শনিবাৰে অ’এনজিচিৰ সঞ্চালক (টেকন’লজি এণ্ড ফিল্ড চাৰ্ভিচেছ) বিক্ৰম ছাক্সেনাৰ নেতৃত্বত এটা দলে Well No RDS 147 ৰ নিয়ন্ত্ৰণৰ দায়িত্ব গ্ৰহণ কৰে।

পিটিআইৰ প্ৰতিবেদন অনুসৰি এজন বিষয়াই কয় যে, “ৰীগটোৰ পৰা গেছ নিৰ্গমন বন্ধ কৰা বাবে সকলো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছো। সংকট ব্যৱস্থাপনা দলে (চিএমটি) লিকেজ নিয়ন্ত্ৰণৰ বাবে যুদ্ধ গতিত কাম কৰি আছে।” একে সময়তে গেছ নিৰ্গত হোৱাৰ ফলত ৰীগটোত এতিয়ালৈকে কোনো ধৰণৰ অগ্নিকাণ্ড দৰে ঘটনা সংঘটিত হোৱা নাই । এই ঘটনাত কোনো লোক আহত হোৱা নাই বুলিও তেওঁ জানিবলৈ দিছে ।

যোৱা ১২ জুনত ভাটিয়াপাৰৰ বাৰীচুকস্থিত অ’ এন জি চিৰ ৰুদ্ৰসাগৰ তৈলক্ষেত্ৰৰ ৰিগ নং এছ কে পি ১৩৫ৰ ৱেল নং আৰ ডি এছ ১৪৭ ত সংঘটিত হৈছিল এই ব্ল’আউট। ‘মহাৰত্ন’ কোম্পানীটোৰ হৈ কূপটো চলাইছিল এছ কে পেট্ৰ’ চাৰ্ভিচেছ নামৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানে।

জিলা প্ৰশাসনৰ এগৰাকী জ্যেষ্ঠ বিষয়াই জনোৱা মতে, গেছ নিৰ্গত হোৱাৰ ফলত প্ৰায় ১৫০০ লোক প্ৰভাৱিত হৈছে । গেছৰ পৰা ওলোৱা দুৰ্গন্ধৰ ফলত স্থানীয় লোকসকল থাকিব নোৱাৰাৰ পৰিস্থিতি সৃষ্টি হৈছে । একেদৰে গেছ নিৰ্গত হোৱাৰ ফলত স্থানীয় লোকে খাদ্য ৰন্ধনৰ বাবে চৌকা জ্বলাব পৰা নাই । এনে পৰিস্থিতিত ক্ষতিগ্ৰস্থ লোকসকলক খাদ্য যোগান ধৰা হৈছে আৰু পৰিস্থিতিৰ ওপৰত অহৰহ নিৰীক্ষণ কৰি থকা হৈছে বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিছে ।

ইফালে, ব্ল’আউট হোৱা অঞ্চলৰ পৰা ৭০টা পৰিয়ালক ওচৰৰ বনগাঁৱত স্থাপন কৰা এটা সাহায্য শিবিৰলৈ স্থানান্তৰ কৰা হৈছে আৰু তেওঁলোকৰ প্ৰয়োজনীয় সকলো ব্যৱস্থা কৰা হৈছে বুলিও জিলা প্ৰশাসনে ফেচবুকত এক পোষ্টযোগে প্ৰকাশ কৰিছে। ইয়াৰ লগতে কোৱা হৈছে যে, “বৰ্তমান স্বাস্থ্য বিভাগ আৰু পশুপালন বিভাগৰ চিকিৎসক ক্ষতিগ্ৰস্ত অঞ্চলত আছে । তেওঁলোকে মানুহ আৰু তেওঁলোকৰ ঘৰচীয়া জীৱ-জন্তু উভয়ৰে স্বাস্থ্যৰ অৱস্থা পৰীক্ষা অব্যাহত ৰাখিছে ।”