Zubeen Garg: তুমি কায়িকভাৱে নোহোৱা হোৱাৰ কাৰণ কি? গৰিমা শইকীয়া আৰু জুবিনৰ ভগ্নীৰ বিশেষ পোষ্ট…
Zubeen Garg Death Case: অব্যাহত আছে জুবিন গাৰ্গ হত্যাকাণ্ডৰ তদন্ত। ইতিমধ্যে ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ হৈছে ৪ জন। ইয়াৰ মাজতে জুবিনৰ পত্নী আৰু ভগ্নীয়ে সামাজিক মাধ্যমত বিশেষ পোষ্ট দি ঘটনাৰ ন্যায় বিচাৰিছে।

এতিয়া কেৱল ন্যায় লাগে! জুবিন গাৰ্গৰ পত্নী আৰু ভগ্নীয়ে দিয়া বিশেষ পোষ্ট দুটা এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। ইয়ে এয়াই সূচাইছে যে সকলো আছে ন্যায়ৰ অপেক্ষাত। জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ, ভগ্নী পাল্মী বৰঠাকুৰৰ পৰা আৰম্ভ কৰি অসমৰ প্ৰায় প্ৰতিগৰাকী লোকে অপেক্ষা কৰি আছে জুবিনৰ ন্যায়ৰ।
কালি সামাজিক মাধ্যমত এটা পোষ্ট কৰি গৰিমাই লিখে যে- “The last one for this life…But we will be together again,,very soon Goldie ! কিন্তু এতিয়া, অতি শীঘ্ৰেই মই/ আমি সকলোৱে জানিব লাগিব তুমি কায়িক ভাবে নোহোৱা হৈ যোৱাৰ কাৰণ ।কিয়? এতিয়া এটা ডাঙৰ প্ৰশ্ন ! এই প্ৰশ্নই দিন ৰাতি জ্বলাই ৰাখিছে মোৰ শূণ্য বুকু । মোক উত্তৰ লাগে ..”
আন এটা পোষ্টত জুবিনৰ ভগ্নী পাল্মী বৰঠাকুৰে লিখিছে যে- ‘আকৌ তই ‘ মমন ‘ বুলি মাতিবি…. যেতিয়া লগ পাম সীমনাৰ সিপাৰে….এতিয়া লক্ষ্য মাত্ৰ এটাই, তোক ন্যায় দিয়াব লাগিব! ৰাইজ! আপোনালোকৰ মনোবল আমাৰ সহায়ক হওঁক!” জুবিনৰ মুখাগ্নি কৰা অৰুণ গাৰ্গেও সামাজিক মাধ্যমত পোষ্ট কৰি ন্যায়ৰ দাবী উত্থাপন কৰিছে।
কেৱল এয়াই নহয়, জুবিনৰ লাখ লাখ অনুৰাগীয়ে এতিয়াৰ ন্যায়ৰ বাবে অপেক্ষা কৰি আছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাইজ তদন্তত সন্তুষ্ট হোৱা বুলি দাবী কৰিলেও সামাজিক মাধ্যমত যেন আন এক যুঁজ চলিছে। সকলোৱে একেমুখে কৈ আছে জুবিনক যিকোনো পধ্যে ন্যায় দিব লাগে।
১৯ ছেপ্টেম্বৰত শিল্পী জুবিন গাৰ্গে ছিংগাপুৰত মৃত্যুক সাৱতি লৈছিল। জুবিন গাৰ্গৰ হত্যাৰ গোচৰ ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্ত। ইয়াৰ লগতে গ্ৰেপ্তাৰ হৈছে শেখৰ গোস্বামী আৰু অমৃতপ্ৰভা মহন্ত। জুবিনৰ মৃত্যুৰ পাছৰে পৰা এই বিষয়টো যেন ৰহস্যঘন হৈ পৰিছে। জুবিনৰ মৃত্য়ুৰ পূৰ্বৰ ভিডিঅ’ত স্পষ্ট হৈ পৰিছে লগত থকা কেইজনৰ অৱহেলাৰ কথা। ইফালে শেখৰে দাবী কৰিছে জুবিনক বিহ দিয়া বুলি এতিয়া সমগ্ৰ বিষয়টো সন্দৰ্ভত আৰক্ষীয়ে তদন্ত কৰি আছে। গতিকে আনৰ কাষত সদায় থিয় দিয়া জুবিনে কিমান সোনকালে ন্যায় পাই সেয়া হ’ব লক্ষণীয়।
অন্য খবৰ পঢ়কঃ ৰাজনীতিৰ ক্ষেত্ৰখন অতি বেয়া, সকলোৱে জুবিন গাৰ্গৰ মৃত্যুৰ সুযোগ লৈছেঃ দীপলিনা ডেকা