শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Morning News: তেজছ দুৰ্ঘটনাৰ পৰা বৰ্ষাপাৰা টেষ্টলৈ, পলকতে চাওক পুৱাৰ কিছু গুৰুত্বপূৰ্ণ খবৰ

আজিৰ পৰা গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত আৰম্ভ হ’ব ভাৰত আৰু দক্ষিণ মাজত দ্বিতীয়খন টেষ্ট। এই মেচখন অসম ক্ৰিকেটৰ বাবে পৰিছে ঐতিহাসিক। প্ৰথমবাৰৰ বাবে অসমত অনুষ্ঠিত হ’ব আন্তঃৰাষ্ট্ৰীয় টেষ্ট ক্ৰিকেট।

Morning News: তেজছ দুৰ্ঘটনাৰ পৰা বৰ্ষাপাৰা টেষ্টলৈ, পলকতে চাওক পুৱাৰ কিছু গুৰুত্বপূৰ্ণ খবৰ
পুৱাৰ মুখ্য খবৰ
monjit-dutta
Monjit Dutta | Updated On: 22 Nov 2025 07:53 AM

প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

  1. শুকুৰবাৰে ডুবাই এয়াৰ শ্ব’ত দুৰ্ঘটনাত পতিত হয় ভাৰতীয় যুঁজাৰু বিমান তেজছ। কলা প্ৰদৰ্শন কৰি থকাৰ সময়তে এখন তেজছ বিমান তললৈ বাগৰি পৰে জ্বলি উঠে। এই দুৰ্ঘটনাত পাইলটজনৰ শোকাৱহ মৃত্যু ঘটে।
  2. আজিৰ পৰা গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত আৰম্ভ হ’ব ভাৰত আৰু দক্ষিণ মাজত দ্বিতীয়খন টেষ্ট। এই মেচখন অসম ক্ৰিকেটৰ বাবে পৰিছে ঐতিহাসিক। প্ৰথমবাৰৰ বাবে অসমত অনুষ্ঠিত হ’ব আন্তঃৰাষ্ট্ৰীয় টেষ্ট ক্ৰিকেট।
  3. ড্ৰাগছৰ দৰে নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত আছে অভিযান। এনে অভিযানৰ মাজতে শুকুৰবাৰে আৰক্ষীয়ে শ্ৰীভূমি জিলাত প্ৰায় ২৫৮ কিলোগ্ৰাম গাঞ্জা জব্দ কৰে। ত্ৰিপুৰাৰ পঞ্জীয়ন থকা এখন বাহনত কঢ়িয়াই অনা হৈছিল এই নিচাজাতীয় সামগ্ৰীখিনি।
  4. কাকপথাৰৰ বৰডিৰাকত শুকুৰবাৰে সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। মটৰ চাইকেল আৰু ট্ৰেইলাৰৰ মাজত হোৱা সংঘৰ্ষৰ ফলত কৰুণ মৃত্যুক সাবটি লৈছে ৩ যুৱকে।
  5. জনজাতিকৰণৰ দাবীত ৰাজ্যৰ ভিন্ন প্ৰান্তত অব্যাহত আছে আন্দোলন। শুকুৰবাৰে জনজাতিকৰণৰ দাবীত লক্ষিমপুৰ আৰু মৰিয়নিত ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে আহোম সংগঠনে। আনহাতে কোকৰাঝাৰত একে দাবীতে কোচ ৰাজবংশী ছাত্ৰসন্থাই প্ৰতিবাদ সাব্যস্ত কৰে।
  6. তিনিদিনীয়া ভ্ৰমণসূচীৰে শুকুৰবাৰে দক্ষিণ আফ্ৰিকাত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। এই ভ্ৰমণত প্ৰধানমন্ত্ৰী মোদীয়ে জি-২০ বৈঠকত অংশ ল’ব। প্ৰথমবাৰৰ বাবে দেশখনত এই শীৰ্ষ সন্মিলন অনুষ্ঠিত হৈছে।
  7. এক প্ৰবল ভূমিকম্পই শুকুৰবাৰে জোকাৰি যায় বাংলাদেশ। ৫.৭ প্ৰাবল্যৰ এই ভূমিকম্পত তিনিগৰাকী লোকৰ মৃত্যু হোৱাৰ বিপৰীতে শতাধিক লোক আহত হোৱা বুলি খবৰ প্ৰকাশ পাইছে।
  8. ডোহাত চলি থকা এছিয়া কাপ ৰাইজিং ষ্টাৰ্ছ ২০২৫ত অভিযান সামৰিছে ভাৰত এ দলে। কালি প্ৰতিযোগিতাৰ ছেমি ফাইনেলত ভাৰতীয় দলক চুপাৰ অভাৰত পৰাস্ত কৰি ফাইনেললৈ উন্নীত হয় বাংলাদেশ এ।