শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

জাহাজত উঠিয়েই বিজেপিক সমালোচনা ৰাজেন গোঁহাইৰ, অসমত একনায়কত্ববাদী শাসন চলোৱাৰ অভিযোগ

দলৰ মঞ্চত ক্ৰমান্বয়ে এলাগী হৈ পৰা ৰাজেন গোঁহায়ে অৱশেষত যোৱা অক্টোবৰ মাহত বিজেপি ত্যাগ কৰে। আজি বুধবাৰে তেওঁ ৰাজনৈতিক যাত্ৰা এক নতুন অধ্যায় আৰম্ভ কৰি যোগ দিয়ে অসম জাতীয় পৰিষদত।

জাহাজত উঠিয়েই বিজেপিক সমালোচনা ৰাজেন গোঁহাইৰ, অসমত একনায়কত্ববাদী শাসন চলোৱাৰ অভিযোগ
অজাপত যোগদান ৰাজেন গোঁহাইৰ
raj-saikia
Raj Saikia | Published: 05 Nov 2025 17:34 PM

অসমত যেতিয়া বিজেপিৰ কোনো সবল স্থিতি নাছিল, সেই তেতিয়াৰ পৰাই মানুহজন আছিল অসম বিজেপিৰ এক পৰিচিত মুখ। ক্ৰমাগতভাৱে ৪ বাৰকৈ তেওঁ বিজেপিৰ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল লোকসভালৈ। ১৯৯৯ চনত তেওঁ নগাঁও লোকসভা সমষ্টিৰ পৰা প্ৰথমবাৰ নিৰ্বাচিত হৈছিল সাংসদ হিচাপে। তাৰ পাছত ক্ৰমান্বয়ে ২০০৪, ২০০৯ আৰু ২০১৪ চনত তেওঁ সাংসদ নিৰ্বাচিত হৈছিল। নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ২০১৪ চনত কেন্দ্ৰত বিজেপি চৰকাৰ গঠন হোৱাৰ পাছত ৰেল বিভাগৰ ৰাজ্যিক মন্ত্ৰীৰ পদ লাভ কৰিছিল ৰাজেন গোঁহায়ে।

কিন্তু ২০১৬ চনত অসমত বিজেপি চৰকাৰ গঠন হোৱাৰ পিছৰ পৰা দলত যেন স্থান হেৰুৱাবলৈ ধৰে জ্যেষ্ঠ নেতাগৰাকীয়ে। ২০১৯ চনত তেওঁক টিকটৰ পৰা বঞ্চিত কৰা হয়। একেদৰে ২০২৪ তো তেওঁ দলৰ টিকট লাভ নকৰিলে। দলৰ মঞ্চত ক্ৰমান্বয়ে এলাগী হৈ পৰা ৰাজেন গোঁহায়ে অৱশেষত যোৱা অক্টোবৰ মাহত বিজেপি ত্যাগ কৰে। আজি বুধবাৰে তেওঁ ৰাজনৈতিক যাত্ৰা এক নতুন অধ্যায় আৰম্ভ কৰি যোগ দিয়ে অসম জাতীয় পৰিষদত।

বিজেপিত থকাৰ অৱস্থাতো দলৰ একাংশ নেতা বিশেষকৈ কংগ্ৰেছৰ পৰা আহি বিজেপিত হৰ্তা-কৰ্তা বিধাতা হৈ পৰা নেতাৰ বিৰুদ্ধে মুকলিকৈ বিষোদগাৰ প্ৰকাশ কৰিছিল ৰাজেন গোঁহায়ে। আজি অজাপত যোগদান কৰাৰ পাছত তেওঁৰ পূৰ্বৰ দল বিজেপিৰ বিৰুদ্ধে পুনৰ সোঁচ্চাৰ হৈ পৰে বৰ্ষীয়ান নেতাগৰাকী। তেওঁ অভিযোগ কৰে যে বিজেপি চৰকাৰে অসমক ‘পুলিচ শাসিত’ ৰাজ্যত পৰিণত কৰিছে আৰু ‘হিটলাৰৰ দৰে’ স্বৈৰাচাৰী শাসন চলাইছে।

নিজৰ কণ্ঠ আৰু স্বায়ত্তশাসন হেৰুৱাই অসমৰ জনসাধাৰণে কাৰ্যকৰীভাৱে ৰাজ্যৰ নিয়ন্ত্ৰণ দিল্লীৰ হাতত অৰ্পণ কৰিছে বুলিও কয় প্ৰবীণ নেতাগৰাকীয়ে।

‘‘মই বহু জাতীয় দলৰ শাসন দেখিছোঁ, এনে লাগে যেন আমি নিজৰ ৰাজ্য দিল্লীৰ হাতত গতাই দিছো।” অসমৰ সামাজিক তন্ত্ৰক শক্তিশালী কৰাৰ পৰিৱৰ্তে বিজেপি নিজৰ “বৃহত্তম শত্ৰু” হৈ পৰিছে বুলি উল্লেখ কৰি গোহাঁইয়ে কয়। অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈ সমন্বিতে নেতা-কৰ্মীসকলে ৰাজেন গোঁহাইক দললৈ আদৰণি জনায়।

বিজেপি চৰকাৰে একনায়কত্ববাদী শৈলীৰ কাম-কাজ জাপি দিয়া বুলি গোহাঁয়ে আক্ষেপ প্ৰকাশ কৰে। ‘‘সমগ্ৰ প্ৰশাসন যন্ত্ৰটো বিজেপিয়ে নিজৰ স্বাৰ্থৰ বাবে ব্যৱহাৰ কৰিছে।’’ তেওঁ অভিযোগ কৰে। প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ বিষয়ে উল্লেখ কৰি গোহাঁয়ে কয়, “জুবিনে কৈছিল অসমৰ পথাৰ আৰু বজাৰ আমাৰ হাতলৈ আহিব লাগিব। আমি তেওঁৰ আদৰ্শৰে আগবাঢ়ি যাম। কোনো সম্প্ৰদায়ে পথাৰ পৰিত্যাগ কৰি আগবাঢ়িব নোৱাৰে।” জাতীয় সংগঠনসমূহে অসমৰ মাটি আৰু সম্পদৰ ওপৰত বাহিৰৰ লোকক নিয়ন্ত্ৰণ কৰিবলৈ দিয়াৰ অভিযোগ উত্থাপন কৰে ৰাজেন গোঁহায়ে।

কংগ্ৰেছৰ সৈতে মতানৈক্য প্ৰকাশ কৰিলেও গোহাঁইয়ে কয় যে তেওঁ “সময়ৰ আহ্বানৰ প্ৰতি সন্মান জনাই” মিত্ৰতাৰ বাবে আগ্ৰহী। ‘‘কংগ্ৰেছৰ সকলো বেয়া নহয়, কংগ্ৰেছত বেয়া কাম কৰাসকলে এতিয়া বিজেপিক নেতৃত্ব দিছে।’’ গোঁহায়ে মন্তব্য কৰে।