শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Zubeen Garg: আন এক প্ৰাপ্তি! জুবিন গাৰ্গলৈ মৰণোত্তৰভাৱে কটন বিশ্ববিদ্যালয়ৰ ডি.লিট সন্মান…

D.Litt Zubeen Garg: মৰণোত্তৰভাৱে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক প্ৰদান কৰা হয় ডি.লিট সন্মান। কটন বিশ্ববিদ্যালয়ৰ পৰা আগবঢ়োৱা এই সন্মান গ্ৰহণ কৰে জুবিনৰ ভগ্নী পাল্মী বৰঠাকুৰে। জুবিনক স্মৰণ কৰি তেওঁ আবেগিক হৈ পৰে।

Zubeen Garg: আন এক প্ৰাপ্তি! জুবিন গাৰ্গলৈ মৰণোত্তৰভাৱে কটন বিশ্ববিদ্যালয়ৰ ডি.লিট সন্মান…
জুবিন গাৰ্গলৈ ডি.লিট
Barasha Sarma
Barasha Sarma | Updated On: 10 Dec 2025 17:23 PM

মৃত্যুৰ পাছত আন এক প্ৰাপ্তি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ। মঙলবাৰ (৯ ডিচেম্বৰ)য়ে কটন বিশ্ববিদ্যালয়ৰ পৰা মৰণোত্তৰভাৱে জুবিন গাৰ্গক আগবঢ়োৱা হয় ডি.লিট (D.Litt) সন্মান। আজি গুৱাহাটীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় কটন বিশ্ববিদ্যালয়ৰ চতুৰ্থ সমাৱৰ্তন। এই অনুষ্ঠানতে জুবিন গাৰ্গলৈ মৰণোত্তৰ ভাৱে ডি.লিট সন্মান আগবঢ়োৱা হয়। জুবিনৰ ভগ্নী পাল্মী বৰঠাকুৰ এই অনুষ্ঠানত উপস্থিত হৈ সন্মান গ্ৰহণ কৰে।

ৰাজ্যপাল তথা কটন বিশ্ববিদ্যালয়ৰ আচাৰ্য লক্ষ্মণ প্রসাদ আচাৰ্যৰ অধ্যক্ষতাত আজিৰ এই সমাৱৰ্তন অনুষ্ঠিত হয়। য’ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে গৱেষক ছাত্ৰ-ছাত্ৰী, শিক্ষাৰ্থী আৰু বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে। সকলোৰে সন্মুখত ডি.লিট সন্মান গ্ৰহণ কৰা আবেগিক হৈ পৰে পাল্মী বৰঠাকুৰ।

সাংবাদিকৰ আগত মত প্ৰকাশ কৰি জুবিনৰ ভগ্নীয়ে কয় যে, “একাডেমিক সন্মান বহু ডাঙৰ কথা। একাডেমিক ক্ষেত্ৰখনক দাদাই সদায় উৎসাহ দি আহিছিল। আজি তেওঁ নাই, থাকিলে ভাল পালেহেতেন। আজি তেওঁৰ ঠাইত মই এই সন্মান গ্ৰহণ কৰিছো। আজি মই আবেগিক আৰু গৌৰৱান্বিতও”।

ইয়াৰোপৰি জুবিন গাৰ্গ হত্যাকাণ্ডৰ ছাৰ্জশ্বীট সন্দৰ্ভত তেওঁ কয় যে, “ৰাইজে যি জানে আমিও সেয়াই জানো। আমি বিচাৰো ছাৰ্জশ্বীটখন শক্তিশালী হওক। পানী নসৰকা ছাৰ্জশ্বীট হ’ব লাগিব। অসমবাসী ৰৈ আছে। দোষীয়ে শাস্তি পাব লাগিব”।

উল্লেখ্য যে, জুবিন গাৰ্গৰ মৃত্যুৰ পাছতে তেওঁৰ ভগ্নীয়ে ন্যায়ৰ দাবী কৰি আহিছে। যোৱা ৭ ডিচেম্বৰত তেওঁ সামাজিক মাধ্যমত লিখিছে- “এইয়াটো নাছিল কোনো যোৱাৰ সময়! তই সকলোকে বিশ্বাস কৰিলি আৰু তোক সকলোৱে নিজৰ স্বাৰ্থৰ বাবেই ব্যৱহাৰ কৰিলে….কেতিয়াবা বন্ধুৰ বেশত, কেতিয়াবা আত্মীয়ৰ বেশত! কাৰোবাৰ ক্ষুদ্ৰ স্বাৰ্থ, কাৰোবাৰ অকণমান ডাঙৰ স্বাৰ্থ আৰু কাৰোবাৰ বৃহৎ স্বাৰ্থ।আনকি 19 September ৰ দিনাও যেন তোক ঠেলি পঠালে শেষ কৰি দিবলৈ…. কোনোবাই বন্ধুৰ বেশত, কোনোবাই আত্মীয়ৰ বেশত… কিৰিলি পাৰিলে, মৃত্যুৰ কিৰিলি! কাৰো কলিজা নকপিল নে, তোক এবাৰ বচাবলৈ! তই যেন অভিমন্যু, চক্ৰবেহুৰ বলি! এতিয়াও কিন্তু ক্ষান্ত হোৱা নাই সেই স্বাৰ্থৰ খেল… আমি সৰ্বস্বান্ত! আৰু নেখেলিবা”।

 

অন্য খবৰ পঢ়কঃ চিকিৎসকে বাধা দিয়াৰ পাছত কিয় হৈছিল সাগৰত শ্বুটিং? ৰৈ ৰৈ বিনালে সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে…