বিপদ মাতিব চীনৰ সৰ্ববৃহৎ নদী বান্ধে ! দ্বিপাক্ষিক আলোচনাত মিলিত হ’বলৈ কেন্দ্ৰক আহ্বান দিলীপ শইকীয়াৰ
সোমবাৰে সংসদত তিব্বতৰ য়াৰলুং জাংবো নদীত বৃহৎ বন্ধ নিৰ্মাণে অৰুণাচল প্ৰদেশৰ লগতে অসমলৈ বিপদ কঢ়িয়াই আনিব বুলি আশংকা প্ৰকাশ কৰে বিজেপিৰ সাংসদগৰাকীয়ে । ইয়াৰ লগতে এই বান্ধ নিৰ্মাণ বন্ধ কৰিবৰ বাবে চীনৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ’বলৈ কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাই দিলীপ শইকীয়াই ।
ব্ৰহ্মপুত্ৰৰ ওপৰত সৰ্ববৃহৎ নদী বান্ধ নিৰ্মাণৰ বিষয়কলৈ চীনৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ’বলৈ কেন্দ্ৰক আহ্বান জনাইছে বিজেপিৰ সাংসদ দিলীপ শইকীয়াই । সোমবাৰে সংসদত তিব্বতৰ য়াৰলুং ছাংপো নদীত বৃহৎ বন্ধ নিৰ্মাণে অৰুণাচল প্ৰদেশৰ লগতে অসমলৈ বিপদ কঢ়িয়াই আনিব বুলি আশংকা প্ৰকাশ কৰে বিজেপিৰ সাংসদগৰাকীয়ে । ইয়াৰ লগতে এই বান্ধ নিৰ্মাণ বন্ধ কৰিবৰ বাবে চীনৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ’বলৈ কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাই দিলীপ শইকীয়াই ।
লোকসভাত এই বিষয়টো উত্থাপন কৰি সাংসদ শইকীয়াই কয় যে, বিশ্বৰ ভিতৰতে বৃহৎ বুলি অভিহিত কৰা এই বান্ধটোৱে উত্তৰ-পূব ভাৰতৰ দৰে তলৰ অঞ্চলসমূহৰ বাবে বিপদ সৃষ্টি কৰিব। ইয়াৰ লগতে তেওঁ কয় যে, এই বান্ধটো যিটো স্থানত নিৰ্মাণৰ সিদ্ধান্ত লোৱা হৈছে সেই স্থানটো ভূমিকম্প প্ৰৱণ অঞ্চল । যাক ‘ৰিং অৱ ফায়াৰ’ বুলি কোৱা হয় ।
একেদৰে তেওঁ কয় যে, এই বান্ধটোৱে অৰুণাচল প্ৰদেশ আৰু অসমকে ধৰি তলৰ অঞ্চলৰ জনসাধাৰণ আৰু জনগোষ্ঠীয় লোকৰ বাবে সাংঘাতিক ধৰণে বিপদ মাতিব ।
প্ৰকাশিত খবৰ অনুসৰি, যোৱা বছৰ চীনে ভাৰতৰ সীমান্তৰ সমীপত তিব্বতৰ য়াৰলুং ছাংপো নামৰ নদীৰ ওপৰত বান্ধ নিৰ্মাণৰ পৰিকল্পনাত অনুমোদন জনাইছিল । পৰিকল্পনা অনুসৰি এই বৃহৎ নদীবান্ধটো হিমালয়ৰ ঢালৰ বিশাল গৰ্জত নিৰ্মাণ কৰা হ’ব । য’ৰ পৰাই বৈ আহিছে ব্ৰহ্মপুত্ৰ ।
প্ৰায় ১৩৭ বিলিয়ন মাৰ্কিন ডলাৰ ব্যয় হ’ব বুলি অনুমান কৰা এই প্ৰকল্পটো ইকল’জিকেলি ফ্ৰেজাইল হিমালয় অঞ্চলৰ টেকটনিক প্লেটৰ সীমাৰ কাষত অৱস্থিত । মনকৰিবলগীয়া যে, এই অঞ্চলটোত সঘনাই ভূমিকম্প হয়। এই নদীবান্ধটোৱে তলৰ অঞ্চলত ভয়াবহ বান পৰিস্থিতি সৃষ্টি কৰিব পাৰে বা খৰাং পৰিস্থিতি সৃষ্টি কৰিব পাৰে বুলি আজি সংসদত আশংকা প্ৰকাশ কৰে সাংসদ দিলীপ শইকীয়াই ।