13 october 2025
TV9 ASSAM
আপোনাৰ যদি পান কাৰ্ড চুৰি হয় বা হেৰাই যায় তেন্তে প্ৰথমে ওচৰৰ থানাত এফআইআৰ দাখিল কৰক। আইনী সুৰক্ষাৰ বাবে এইটো প্ৰয়োজনীয়।
এফআইআৰ দাখিল কৰিলে আপোনাৰ হেৰুৱা পান কাৰ্ডৰ অপব্যৱহাৰ হ'লে আপুনি যিকোনো বিপদৰ পৰা ৰক্ষা পৰিব।
ডুপ্লিকেট পান কাৰ্ডৰ বাবে এন এছ ডি এলৰ অফিচিয়েল ৱেবছাইট www.onlineservices.nsdl.com চাব লাগিব।
ৱেবছাইটত গৈ Reprint PAN Card বিকল্পত ক্লিক কৰক, যাৰ ফলত নতুন PAN কাৰ্ড বনোৱাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব।
এতিয়া আপোনাৰ PAN নম্বৰ, আধাৰ নম্বৰ আৰু জন্ম তাৰিখ লিখক। তাৰ পাছত কেপচা ক'ডটো দি জমা দিব।
ইয়াৰ পাছত আপুনি আপোনাৰ ঠিকনা আৰু পিন ক'ড নিশ্চিত কৰিব লাগিব। তাৰ পিছত আপোনাৰ পঞ্জীয়নভুক্ত মোবাইল নম্বৰলৈ OTP আহিব।
আবেদন জমা দিয়াৰ পিছত অনলাইনত ৫০ টকা মাচুল দিব লাগিব। পেমেণ্ট সফল হ'লে আপুনি ট্ৰেকিং নম্বৰৰ সৈতে এখন স্লিপ লাভ কৰিব।
এই ট্ৰেকিং নম্বৰৰ জৰিয়তে আপুনি আপোনাৰ নতুন পান কাৰ্ডৰ ডেলিভাৰী অৱস্থা অনলাইনত পৰীক্ষা কৰিব পাৰিব। কেইদিনমানৰ ভিতৰতে আপোনাৰ ঠিকনাত লাভ কৰিব নতুন পান কাৰ্ড।
পঢ়িবলৈ ক্লিক কৰক