পূজা কৰাৰ পূৰ্বে খাব পাৰে এইকেইবিধ সামগ্ৰী, শাস্ত্ৰতো কৰা হৈছে বাখ্যা
পূজাৰ পূৰ্বে পৰাপক্ষত খালী পেটেৰে থাকিব লাগে বুলিও সততে কোৱা হয়। কিন্তু কেতিয়াবা কোনো ব্যক্তিয়ে যদি শাৰীৰিক অসুস্থতা বা ভোক দূৰ কৰাৰ বাবে কোনো খাদ্য গ্ৰহণ কৰে,তেতিয়া পূজাৰ ফল লাভ নকৰিব নেকি? এই প্ৰশ্ন হয়তো বহু লোকৰ মনত উত্থাপন হ’ব পাৰে।

সনাতন ধৰ্মত পূজা আৰু ধৰ্মীয় কাম-কাজ অত্যন্ত আধ্যাত্মিকভাৱে সম্পন্ন কৰা হয়। পূজা আৰু ধৰ্মীয় কামৰ জৰিয়তে এগৰাকী ব্যক্তিয়ে গুণগত ফল লাভ কৰে বুলি বিশ্বাস কৰা হয়। ইয়াৰ দ্বাৰা পৰিয়ালৰ দুখ দূৰ হয় আৰু সুখৰ আগমন ঘটে বুলি কোৱা হয়। কিন্তু পূজা বা আন কোনো ধৰ্মীয় কামৰ পূৰ্বে দেহ আৰু মনৰ ভূমিকা তথা পবিত্ৰতা অত্যন্ত গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হয়। আৰাধ্য দেৱ–দেৱীৰ উপাসনাৰ পূৰ্বে গা ধোৱা, পৰিষ্কাৰ কাপোৰ অতি প্ৰয়োজনীয় বুলি কোৱা হয়।
ইয়াৰ সমান্তৰালকৈ পূজাৰ পূৰ্বে পৰাপক্ষত খালী পেটেৰে থাকিব লাগে বুলিও সততে কোৱা হয়। কিন্তু কেতিয়াবা কোনো ব্যক্তিয়ে যদি শাৰীৰিক অসুস্থতা বা ভোক দূৰ কৰাৰ বাবে কোনো খাদ্য গ্ৰহণ কৰে,তেতিয়া পূজাৰ ফল লাভ নকৰিব নেকি? এই প্ৰশ্ন হয়তো বহু লোকৰ মনত উত্থাপন হ’ব পাৰে।
এই প্ৰশ্নৰ উত্তৰ ঋষি-মুনিসকলে শাস্ত্ৰ আৰু পুৰাণত আগবঢ়াইছে। ব্ৰত্ৰাজ নামৰ এক গ্ৰন্থত সাতটা বস্তুক পবিত্ৰ হিচাপে বৰ্ণনা কৰা হৈছে, ইয়াৰ ফলত এনে সামগ্ৰীসমূহ সেৱন কৰাৰ পিছতো পূজা আৰু ধৰ্মীয় ক্ৰিয়া-কলাপ কৰিব পৰা যায়। এই সাতটা পবিত্ৰ বস্তু কি জানো আহক।
পানী
পানীৰ প্ৰাণীৰ প্ৰাণ বুলি গণ্য কৰা হয়। পিয়াহ লাগিলে পূজাৰ আগত পানী খাব পাৰে। পানী খোৱাৰ পিছত কৰা পূজা ঈশ্বৰে গ্ৰহণ কৰে। এই কথাও শাস্ত্ৰৰ লগত মিল আছে।
গাখীৰ
গৰুৰ গাখীৰ অত্যন্ত পবিত্ৰ হিচাপে পৰিচিত। গাখীৰ খোৱাৰ পিছতো কোনো ব্যক্তিয়ে পূজা কৰিব পাৰে।
মূল বা কাণ্ড
মিঠা আলু, কচু, আলু আদিক মূল বা কাণ্ডৰ খাদ্য হিচাপে গণ্য কৰা হয়। এই খাদ্যদ্ৰব্যসমূহ সাত্ত্বিক বাবে এইসমূহ খোৱাৰ পিছতো পূজা কৰিব পাৰি।
ফলমূল
ফলক প্ৰাকৃতিকভাৱে সাত্ত্বিক আৰু পবিত্ৰ হিচাপে গণ্য কৰা হয়। ফল-মূল সেৱনৰ পিছতো সেয়ে পূজা কৰিব পাৰি।
ঔষধ
কোনো ব্যক্তি অসুস্থ হ’লে ঔষধ খাই পূজা কৰিব পাৰে। ঔষধক শাস্ত্ৰত গুণী হিচাপে গণ্য কৰা হৈছে।
পাণ
হিন্দু ধৰ্মত পাণক অত্যন্ত বিশুদ্ধ হিচাপে গণ্য কৰা হয়। পূজাৰ আচাৰ-অনুষ্ঠানতো পাণ ব্যৱহাৰ কৰা হয়। সেয়ে পাণ খোৱাৰ পিছতো পূজা-অনুষ্ঠান কৰিব পাৰি।
কুঁহিয়াৰ
কুঁহিয়াৰক প্ৰাকৃতিক আৰু সাত্ত্বিক খাদ্য হিচাপে গণ্য কৰা হয়। সেয়ে কুঁহিয়াৰ খোৱাৰ পিছতো পূজা-অনুষ্ঠান সম্পন্ন কৰাত কোনো বাধা নাই।