শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

যোৰহাট আৰক্ষীৰ জিম্মাত যুৱকৰ মৃত্যু, গোচৰ ৰুজু, উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা…

যোৰহাট আৰক্ষীৰ জিম্মাত অভিযুক্ত যুৱকৰ মৃত্যু। সোমবাৰে এই প্ৰসংগত এক সাংবাদমেল সম্বোধন কৰি যোৰহাটৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক শ্বেতাংগ মিশ্ৰই স্থিতি স্পষ্ট কৰে।

যোৰহাট আৰক্ষীৰ জিম্মাত যুৱকৰ মৃত্যু, গোচৰ ৰুজু, উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা…
যোৰহাট আৰক্ষী
manas-borah
Manas Borah | Updated On: 13 Oct 2025 16:38 PM

যোৰহাট আৰক্ষীৰ জিম্মাত অভিযুক্ত যুৱকৰ মৃত্যুৰ ঘটনাই জোকাৰি গৈছে ৰাজ্য। কেনেকৈ সংঘটিত হ’ল এই ঘটনা? ইতিমধ্যে এই ঘটনাৰ সংঘটিত হোৱাৰ পাছতে পৰিয়ালৰ এজাহাৰৰ ভিত্তি গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে। ইয়ালৰ লগতে ঘটনাৰ সন্দৰ্ভত তদন্ত ঘোষণা কৰা হৈছে। খবৰ অনুসৰি, চুৰি কাৰ্যত অভিযুক্ত এজন যুৱকক গ্ৰেপ্তাৰ কৰিছিল ভোগদৈ আৰক্ষীয়ে। ইয়াৰ পাছতে যোৰহাট সদৰ থানালৈ লৈ অহা হৈছিল যুৱকজনক। লকআপত থকাৰ অৱস্থাত চৰম সিদ্ধান্ত লয় যুৱকজনে। যিটো ঘটনাই আচৰিত কৰি তুলিছে সচেতন মহলক।

খবৰ অনুসৰি,যোৰহাট সদৰ আৰক্ষী থানাৰ ভিতৰৰ লকআপত প্ৰীতম দত্ত নামৰ চুৰিৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা যুৱকজনে চৰম সিদ্ধান্ত লয়। সোমবাৰে এই প্ৰসংগত এক সাংবাদমেল সম্বোধন কৰে যোৰহাটৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক শ্বেতাংগ মিশ্ৰই। বিষয়াগৰাকীয়ে স্থিতি স্পষ্ট কৰি কয় যে, ভোগদৈ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া বৰ্ণালী গোহাঁয়ে যুৱকজনক গ্ৰেপ্তাৰ কৰি মেডিকেল কৰাৰ পাছত শনিবাৰে পুৱতি নিশা প্ৰায় ৩ বজাত যোৰহাট সদৰ থানাৰ লকআপত ৰাখে।

“পুৱা প্ৰায় ৭ মান বজাত যুৱকজনে লকআপৰ লেট্ৰিনত কম্বল ফালি চৰম সিদ্ধান্ত লয়। যুৱকজনৰ পৰিয়ালে দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষী বিষয়া বৰ্ণালী গোহাঁইৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন হৈছে। লগতে ঘটনাৰ তদন্ত কৰিবলৈ আৰক্ষীৰ উচ্চপদস্থ বিষয়াই শিৱসাগৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষকক দায়িত্ব দিছে।” এই কথা স্পষ্ট কৰি দিছে যোৰহাটৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকগৰাকীয়ে।

তদুপৰি ঘটনাৰ বিভাগীয় তদন্ত কৰিবলৈ যোৰহাটৰ অতিৰিক্ত আৰক্ষী অধীক্ষক,সদৰক দায়িত্ব দিয়া হৈছে বুলি জানিবলৈ আৰক্ষী বিষয়াগৰাকীয়ে। ঘটনাৰ ন্যায়িক আৰু দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ বিষয়েও বিভাগে ব্যৱস্থা গ্ৰহণ কৰিছে। যদি যুৱকজনক নিৰ্যাতন চলাই মৃত্যু মুখলৈ ঠেলি দিয়া হৈছে, তেতিয়া নিশ্চিতভাৱে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি কয় আৰক্ষী অধীক্ষকজনে।