Bhupen hazarika: ১৩টা বসন্ত পাৰ হ’ল! আজি সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ মৃত্যু দিৱস…
Bhupen hazarika: 'ভূপেন হাজৰিকা'বিহীন ১৩ টা বছৰ। ২০১১ চনৰ আজিৰ দিনটোতেই শ্ৰদ্ধাৰ শিল্পী ভূপেন হাজৰিকাই শেষ নিশ্বাস ত্যাগ কৰিছিল। হাজৰিকাৰ মৃত্যু বাৰ্ষিকী উপলক্ষে গুণমুগ্ধই ৰাজ্যৰ বিভিন্ন প্ৰান্তত বহু অনুষ্ঠানৰ আয়োজন কৰি শিল্পীগৰাকীক গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।
 
                                তই নকৰিবি কিয় তােৰ শেষ প্রতিবাদ ?
সংগ্রাম আন এটি নাম জীৱনৰে
ইতিহাসে চিঞৰে ?
‘জয় জনতাৰে ত্রাস এৰি দানৱকে বধোঁগৈ আহ!!
সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ আজি মৃত্যু দিৱস। ২০১১ চনৰ আজিৰ দিনটোতেই ভাৰত ৰত্ন ভূপেন হাজৰিকাই শেষ নিশ্বাস ত্যাগ কৰিছিল। বিশ্ববিশ্ৰুত শিল্পীগৰাকীৰ মৃত্যু দিৱসৰ দিনা তেওঁক অজস্ৰ গুণমুগ্ধই জনাইছে গভীৰ শ্ৰদ্ধাঞ্জলি। এই দিনটোৰ প্ৰতি লক্ষ্য ৰাখিয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুষ্ঠানৰ আয়োজন কৰা হৈছে। বিভিন্নজে চিত্ৰাংকন প্ৰতিযোগিতা, ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা, গানৰ অনুষ্ঠান আদিৰ আয়োজন কৰি শ্ৰদ্ধাৰ শিল্পীগৰাকীৰ স্মৃতি সোঁৱৰণ কৰিছে। ভূপেন হাজৰিকাৰ মৃত্যু দিৱস উপলক্ষে ৰাজ্য চৰকাৰৰ সাংস্কৃতিক সঞ্চালকায়ৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত হ’ব বহু অনুষ্ঠান।
কেৱল অসমতে নহয়, সমগ্ৰ বিশ্বই চিনি পাই ড০ ভূপেন হাজৰিকাক। তেওঁ একেধাৰে আছিল গায়ক, সুৰকাৰ, গীতিকাৰ আৰু সংগীত পৰিচালক। কেৱল ইমানেই নহয়, ৰাজনীতিতো কিছুদিনৰ বাবে যোগদান কৰিছিল ভূপেন হাজৰিকাই। সুধাকণ্ঠ ৰূপে পৰিচিত ভূপেন হাজৰিকাই অসম, পশ্চিম বংগ, চুবুৰীয়া দেশ বাংলাদেশতো জনপ্ৰিয় শিল্পী হিচাপে পৰিচিত আছিল। অসমীয়া, বঙালী, হিন্দী, ইংৰাজী আদি বিভিন্ন ভাষাত হাজৰিকাই সংগীত ৰচনা কৰাৰ লগতে কণ্ঠদান কৰিছিল।এই মহান শিল্পীগৰাকীৰ কৰ্মৰাজিয়ে কৰ্মৰ সংস্কৃতিক বিশ্ব দৰবাৰত তুলি ধৰিবলৈ সক্ষম হৈছিল।
ড০ ভূপেন হাজৰিকাৰ জন্ম হৈছিল ১৯২৬ চনৰ ৮ ছেপ্টেম্বৰত শদিয়াৰ এখন গাঁৱত। তেওঁৰ পিতৃৰ নাম আছিল নীলকান্ত হাজৰিকা আৰু মাতৃৰ নাম শান্তিপ্ৰিয়া হাজৰিকা। ভূপেন হাজৰিকাই ধুবুৰী, গুৱাহাটী, তেজপুৰত স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল। গুৱাহাটীৰ ভৰলুমুখ প্ৰাথমিক বিদ্যালয়ৰ পৰা প্ৰাথমিক শিক্ষা গ্ৰহণ কৰা হাজৰিকাই তেজপুৰৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈছিল। ১৯৪২ চনত তেওঁ কটন মহাবিদ্যালয়ৰ পৰা ইণ্টাৰমেডিয়েট (কলা বিভাগ), ১৯৪৪ চনত কাশী হিন্দু বিশ্ববিদ্যালয়ৰ পৰা স্নাতক আৰু ১৯৪৬ চনত ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা হাজৰিকাই ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল।
ভূপেন হাজৰিকাই লক্ষ্মীনাথ বেজবৰুৱা, বিষ্ণু প্ৰসাদ ৰাভা, জ্যোতি প্ৰসাদ আগৰৱালা আদিৰ সান্নিধ্য লাভ কৰিবলৈ সক্ষম হৈছিল। জ্যোতি-বিষ্ণুৱে ভূপেন হাজৰিকাৰ হতুৱাই ‘কাষতে কলচী লৈ’, ‘উলাহেৰে নাচি বাগি হ’লি বিয়াকুল’, ‘বিশ্ববিজয়ী ন-জোৱান’ আদি গীত কেইটামান ৰেকৰ্ড কৰাইছিল।
ড০ ভূপেন হাজৰিকাৰ অৱদান অতুলনীয়। প্ৰতিগৰাকী অসমীয়াই তেওঁৰ ওচৰত সদায় চিৰকৃতজ্ঞ হৈ ৰ’ব। সম্ভৱতঃ অসমত আৰু দ্বিতীয়জন ভূপেন হাজৰিকা নোলাব। ভূপেন হাজৰিকাৰ গানত আছিল প্ৰতিবাদ, দেশপ্ৰেম, নিজৰ ভাষা সাহিত্যৰ প্ৰতি ভালপোৱা, প্ৰেম, আবেগ, অনুভূতি, বিষাদ আদি সকলো। ভূপেন হাজৰিকাই গানেৰে কৰিছিল প্ৰতিবাদ, গানেৰে তেওঁ প্ৰেয়সীক আকৰ্ষিত কৰিছিল, গানেৰে হাজৰিকাই অসমক তুলি ধৰিছিল বিশ্ব দৰবাৰত। গানৰ মাজেৰে ভৱিষ্যত সমাজৰ বাবে চিন্তা প্ৰকাশ কৰি ভূপেন হাজৰিকাই লিখিছিল- মানুহে মানুহৰ বাবে/ যদিহে অকনো নেভাবে/অকনি সহানুভূতিৰে/ভাবিব কোনেনো কোৱা,/সমনীয়া ?
সাহিত্য- সংস্কৃতি ক্ষেত্ৰত অৱদান আগবঢ়োৱা বাবে ভূপেন হাজৰিকাক বহু সন্মানেৰে সন্মানিত কৰা হৈছিল। অসমৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম ৰত্ন লাভ কৰিছিল তেওঁ। ইয়াৰোপৰি হাজৰিকাই সংগীত নাটক অকাডেমী বঁটা, দাদা চাহেব ফাল্কে বঁটা আদি বহু সন্মান লাভ কৰিছিল। ২০১৯ চনত ভাৰত চৰকাৰে হাজৰিকাক মৰণোত্তৰভাৱে ভাৰত ৰত্ন প্ৰদান কৰিছিল।
 
                         
                    
                       
                      					  
					  
                 
                    
                       
                      					  
					  
                 
                    
                       
                      					  
					  
                 
                    
                       
                      					  
					  
                 
 
		 
 
		 
 
		 
 
		 
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
	  
		
         
                       
                       
                      