ধেমাজি বিস্ফোৰণৰ ২১ বছৰঃ য’ত প্ৰাণ গৈছিল ১৮ জন নিৰীহৰ, আহত হৈছিল বহুতো, দায়িত্ব স্বীকাৰ কৰিছিল আলফা(স্বা)য়ে…
Dhemaji Blast: আজিৰ দিনটোতেই ২০০৪ চনত ধেমাজিত সংঘটিত হৈছিল ভয়ংকৰ বোমা বিস্ফোৰণৰ ঘটনা। য'ত বহু লোকৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো আহত হৈছিল। এই ঘটনাৰ দায়িত্ব স্বীকাৰ কৰিছিল আলফা (স্বা)য়ে।

আজি সমগ্ৰ দেশে পালন কৰিছে ৭৯ সংখ্যক স্বাধীনতা দিৱস। ১৯৪৭ চনত আজিৰ দিনটোতেই ভাৰতে ইংৰাজৰ দাসত্বৰ পৰা মুক্তি লাভ কৰিছিল। কিন্তু এই দিনটোৰ এক ক’লা সময় কেতিয়াও পাহৰিব নোৱাৰে অসমবাসীয়ে। ২০০৪ চনৰ ১৫ আগষ্টত ধেমাজিত সংঘটিত হৈছিল ভয়ংকৰ বোমা বিস্ফোৰণৰ ঘটনা। স্বাধীনতা দিৱস উপলক্ষে ধেমাজি মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত পেৰেডত এই বিস্ফোৰণ সংঘটিত হৈছিল। য’ত ১৮ জন নিহত আৰু ৪০ জন আহত হৈছিল। ভুক্তভোগীসকল আছিল ১২ ৰ পৰা ১৪ বছৰীয়া শিশু আৰু তেওঁলোকৰ মাতৃ। এই বোমা বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰিছিল আলফা (স্বা)য়ে।
তথ্য অনুসৰি, ২০০৪ চনৰ ১৫ আগষ্টত স্বাধীনতা দিৱস উপলক্ষে ধেমাজি মহাবিদ্যালয়ৰ পেৰেড স্থানত বহু শিশু আৰু মাতৃ একত্ৰিত হৈছিল। কিন্তু হঠাতে পুৱা ৯.৩০ মিনিটত ভয়ংকৰ বোমা বিস্ফোৰণ হয়। আৰক্ষীৰ মতে, বিদ্যালয়ৰ প্ৰৱেশ দুৱাৰত এই বোমা সংস্থাপন কৰা হৈছিল আৰু ৰিমোট কন্ট্ৰ’লৰ সহায়ত বিস্ফোৰণ ঘটোৱা হৈছিল। কন কন শিশু, শিক্ষক-শিক্ষয়িত্ৰীসকলে বিদ্যালয়ৰল মূল দুৱাৰ পাৰ হ’ব লওতেই এই বিস্ফোৰণ হৈছিল।
এই ঘটনাৰ লগে লগে সমগ্ৰ অঞ্চলটোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ঘটনাস্থলীত সুৰক্ষা প্ৰদান কৰিব নোৱাৰাৰ বাবে স্থানীয় ৰাইজে আৰক্ষীৰ বাহনত আক্ৰমণ কৰে। পৰিস্থিতি ইমানেই ভয়ংকৰ হৈ পৰে যে আৰক্ষীয়ে লাঠী চাৰ্জ আৰু কন্দুৱা গেছ নিক্ষেপ কৰিবলগীয়া হয়। ধেমাজিৰ আৰক্ষী অধীক্ষক টি. থাংগো আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক আবু চুফীয়ানক কৰ্তব্যত গাফিলতিৰ বাবে তাৎক্ষণিক ভাৱে নিলম্বিত কৰা হয়। লগতে সুৰক্ষা ব্যৱস্থাৰ সুৰুঙাৰ বাবে জিলা উপয়ুক্তক বদলি কৰা হয়।
এই ঘটনাক কঠোৰভাৱে গৰিহনা দিছিল সেই সময়ৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। ইয়াৰ পাছতে তেওঁ ১৬ আগষ্টৰ দিনটো “শোক দিৱস” পালন কৰাৰ ঘোষণা কৰে। লগতে বিস্ফোৰণত নিহতসকলৰ পৰিয়াললৈ ৩ লাখ টকা আৰু আহতসকললৈ ৫০,০০০ টকাৰ এককালীন সাহাৰ্য ঘোষণা কৰে। এই ঘটনাৰ বিৰোধিতা কৰি লখিমপুৰ ছাত্ৰ সন্থাই ১৬ আগষ্টত ১২ ঘন্টীয়া অসম বন্ধ ঘোষণা কৰে।
প্ৰথম অৱস্থাত এই বিস্ফোৰণৰ দায়িত্ব আলফা(স্বা)য়ে লোৱা নাছিল। কিন্তু ২০০৯ চনৰ ১৩ ডিচেম্বৰত সংযুক্ত অসম মুক্তি বাহিনীৰ সেনাধ্যক্ষ পৰেশ বৰুৱায়ে মেইলযোগে এই ঘটনাৰ দায়িত্ব স্বীকাৰ কৰি ক্ষমা খোজে।
২০১৯ চনৰ ২০ জুনত ধেমাজি সত্ৰ ন্যায়াধীশৰ আদালতে বিস্ফোৰণ কাণ্ডৰ ৰায় প্ৰদান কৰে। এই ঘটনাত ১৫ অভিযুক্তৰ ভিতৰত ৬ জনক দোষী সাব্যস্ত কৰা হয়। প্ৰমাণ নোহোৱা বাবে বাকীকেইজনক এৰি দিয়া হয়।
ধেমাজিৰ সেই ঘটনাৰ ওপৰত শোক ব্যক্ত কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সামাজিক মাধ্যমত এক পোষ্ট দি শৰ্মাই নিৰীহসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
অন্য খবৰ পঢ়কঃ Pradhanmantri viksit bharat yojana:’প্ৰধানমন্ত্ৰী বিকশিক ৰোজগাৰ আঁচনি’ ঘোষণা মোদীৰ, যুৱক-যুৱতীয়ে পাব ১৫ হাজাৰ টকা…