শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

৪ দিন সন্ধানহীন হৈ আছিল যুৱতী, শৌচালয়ৰ টেংকীত উদ্ধাৰ মৃতদেহ! তিতাবৰত চাঞ্চল্য …

জানিব পৰা মতে মৃত যুৱতীগৰাকী তিতাবৰ নন্দনাথ শইকীয়া মহাবিদ্যালয়ৰ প্ৰথম ষান্মাসিকৰ ছাত্ৰী। এজাহাৰৰ ভিত্তিত এজনক আটক কৰে তিতাবৰ আৰক্ষীয়ে। আটকাধীন লোকজন তিতাবৰ থানাত অসুস্থ হৈ পৰাৰ পাছতে হাস্পতাললৈ নিয়াত বাধা প্ৰদান যুৱতীগৰাকীৰ আত্মীয়ৰ।

৪ দিন সন্ধানহীন হৈ আছিল যুৱতী, শৌচালয়ৰ টেংকীত উদ্ধাৰ মৃতদেহ! তিতাবৰত চাঞ্চল্য …
তিতাবৰত শৌচালয়ৰ টেংকীত যুৱতীৰ মৃতদেহ উদ্ধাৰ
Trishna Kalita
Trishna Kalita | Edited By: Raj Saikia | Updated On: 10 Nov 2025 15:48 PM

তিতাবৰত সংঘটিত হৈছে এটা চাঞ্চল্যকৰ ঘটনা। শৌচালয়ৰ টেংকীত উদ্ধাৰ এগৰাকী ছাত্ৰীৰ মৃতদেহ। চাৰিদিনে সন্ধানহীন হৈ আছিল ছাত্ৰীগৰাকী। কলেজলৈ ওলাই অহাৰ পাছতে সন্ধানহীন হৈছিল ছাত্ৰীগৰাকী। যুৱতীগৰাকীৰ নিৰুদ্দেশ সন্দৰ্ভত থানাত এজাহাৰ দাখিল কৰিছিল ছাত্ৰীগৰাকীৰ পৰিয়ালে। তাৰ পিছতে উদ্ধাৰ কৰা হয় যুৱতীগৰাকীৰ মৃতদেহ।

জানিব পৰা মতে মৃত যুৱতীগৰাকী তিতাবৰ নন্দনাথ শইকীয়া মহাবিদ্যালয়ৰ প্ৰথম ষান্মাসিকৰ ছাত্ৰী। এজাহাৰৰ ভিত্তিত এজনক আটক কৰে তিতাবৰ আৰক্ষীয়ে। লোকজনক সোধা-পোছাৰ অন্তত বহু চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহে। আটকাধীন লোকজন তিতাবৰ থানাত অসুস্থ হৈ পৰাৰ পাছতে হাস্পতাললৈ নিয়াত বাধা প্ৰদান যুৱতীগৰাকীৰ আত্মীয়ৰ।

ঘটনাক লৈ তিতাবৰৰ ৰাজপথত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। জগত সিং নামৰ এজন ব্যৱসায়ীৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰে ৰাইজ। অভিযুক্ত জগত সিঙৰ জোনাকী মণ্ডলৰ গাঁৱৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ চৌহদৰ এটা শৌচালয়ৰ টেংকীত উদ্ধাৰ হয় সন্ধানহীন ছাত্ৰীগৰাকীৰ মৃতদেহ। অৰ্ধনগ্ন অৱস্থাত উদ্ধাৰ কৰা হয় যুৱতীগৰাকীৰ মৃতদেহ। অভিযুক্ত জগত সিঙৰ স্বীকাৰোক্তিৰ ভিত্তিত উদ্ধাৰ ছাত্ৰীগৰাকীৰ মৃতদেহ।

বৃদ্ধ জগত সিঙে ছাত্ৰীগৰাকীৰক হত্যা কৰি নিজৰ দোকানৰ পিছফালে থকা শৌচাগাৰৰ টেংকীত ভৰাই থোৱাৰ অভিযোগ। মৃত ছাত্ৰীগৰাকীৰ পাতি লোৱা বৰদেউতাক আছিল অভিযুক্ত জগত সিং। জগত সিঙৰ স্বীকাৰোক্তিৰ পাছতে যুৱতীগৰাকীৰ মৃতদেহটো উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। ৭ তাৰিখৰ পৰা সন্ধানহীন হৈ আছিল যুৱতীগৰাকী। ১৯ বছৰীয়া যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰৰ পিছতে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ।

যুৱতীগৰাকীৰ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষা বাবে JMCHলৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে। তাৰ মাজতে নিশাই শতাধিক লোকে ঘেৰাও কৰিছে তিতাবৰ আৰক্ষী থানা। মাজনিশা ছাত্ৰীগৰাকীৰ মৃতদেহ উদ্ধাৰৰ পাছতেই উত্তেজিত ৰাইজে ভাঙি লণ্ড-ভণ্ড কৰিলে জগত সিঙৰ ব্যৱসায় প্ৰতিষ্ঠান। যোৰহাট জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক লুনা সোণোৱালসহ আৰক্ষী এটা বৃহৎ দলে ঘটনাস্থলীত উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি।