শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

মুখ্যমন্ত্ৰীৰ দুৰ্নীতিৰ তদন্ত কৰিবলৈ SIT গঠন কৰিব কংগ্ৰেছে: জনালে ভূপেন বৰাই

২৬' কংগ্ৰেছৰ চৰকাৰ হোৱাৰ দাবী প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ। এইবাৰ মুখ্যমন্ত্ৰী সম্পত্তিৰ হিচাপ ল'ব কংগ্ৰেছে। দেশৰ ভিতৰত আটাইতকৈ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী আখ্যা হিমন্ত বিশ্ব শৰ্মাক। কংগ্ৰেছৰ চৰকাৰ আহিলেই মুখ্যমন্ত্ৰীৰ হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্নীতিৰ তদন্ত কৰিবলৈ SIT গঠন কৰিব কংগ্ৰেছে।  এই কথা সাংবাদিকক জনালে ভূপেন বৰাই।

মুখ্যমন্ত্ৰীৰ দুৰ্নীতিৰ তদন্ত কৰিবলৈ SIT গঠন কৰিব কংগ্ৰেছে: জনালে ভূপেন বৰাই
মুখ্যমন্ত্ৰীৰ দুৰ্নীতিৰ তদন্ত কৰিবলৈ SIT গঠন কৰিব কংগ্ৰেছে!
trishna-kalita
Trishna Kalita | Updated On: 07 Dec 2024 17:53 PM

পুনৰ মুখ্যমন্ত্ৰীৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা। ২৬’ কংগ্ৰেছৰ চৰকাৰ হোৱাৰ দাবী প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ। এইবাৰ মুখ্যমন্ত্ৰী সম্পত্তিৰ হিচাপ ল’ব কংগ্ৰেছে। দেশৰ ভিতৰত আটাইতকৈ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী আখ্যা হিমন্ত বিশ্ব শৰ্মাক। কংগ্ৰেছৰ চৰকাৰ আহিলেই মুখ্যমন্ত্ৰীৰ হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্নীতিৰ তদন্ত কৰিবলৈ SIT (Special Investigation Team) গঠন কৰিব কংগ্ৰেছে।  এই কথা সাংবাদিকক জনালে ভূপেন বৰাই।

এই সন্দৰ্ভত দিল্লীত সাংবাদিকৰ আগত ভূপেন বৰাই কয়, “আমাৰ চৰকাৰ অহাৰ ১০০ দিনৰ ভিতৰত SIT গঠন কৰি মুখ্যমন্ত্ৰীৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰু তেওঁৰ নেতৃত্ব যি দুৰ্নীতি, ভ্ৰষ্টাচাৰ, ছিণ্ডিকেটৰ তদন্ত কৰা হ’ব। তাৰ পিছত ইয়াৰ বাবে শাস্তি বিহি লুট-পাটৰ টকা ৰাজ ভঁৰাললৈ ঘূৰাই অনা হ’ব। আমি কাউণ্টডাউনৰ ঘড়ী ৰাজীৱ ভৱনত বনাই আছোঁ। তেওঁৰ ক্ষমতাৰ পতন হ’বলৈ বেছি সময় নাই।”

ভূপেন বৰাই লগতে কয়, “দেশৰ ভিতৰত আটাইতকৈ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰীগৰাকীয়ে মাজে মাজে কেৰাণী, মহৰী কেইটাক গ্ৰেপ্তাৰ কৰি লুট-পাট চলাই আছে। ইয়াৰ বিৰুদ্ধে SIT গঠন কৰি কেনেকৈ হিমন্ত বিশ্ব শৰ্মাৰ ৰাইজৰ কাঠগঢ়ালৈ অনা হ’ব তাৰ বাবে অসমৰ ৰাইজে বেছিদিন অপেক্ষা কৰিব নালাগে। আজি ৰাহুল গান্ধী ডাঙৰীয়াৰ লগত SIT গঠন কৰা সন্দৰ্ভত কথা পাতিছোঁ। ২০২৫ চনত ৰাহুল গান্ধী আমি অসমলৈ নিমন্ত্ৰণ জনাইছোঁ। ৰাহুল গান্ধী আমি অসমলৈ ৰাইজৰ আগত এই কথা ঘোষণা কৰিব।”

বিধানসভাৰ উপাধ্যক্ষ ড০ নোমল মমিনে কয়, “এই কাম কৰিবলৈ ২৯’লৈ ৰখিব লাগিব। কাৰণ ২৯’তহে কেন্দ্ৰত নিৰ্বাচন হ’ব। কেন্দ্ৰীয় চৰকাৰেহে SIT গঠন কৰিব পাৰিব। কিন্তু ২৯’ত আকৌ বিজেপি চৰকাৰ আহিব। তেতিয়াও আশা পূৰণ ন’হব। যদি প্ৰমাণ আছে, তেওঁলোকে আদালতত দাখিল কৰক। আদালতে শাস্তি দিব। তেওঁলোকে ৰাইজক ক’বলৈ এতিয়া একো কথাই নাই। সেয়ে টিভিৰ বুমটো দেখিলে যি মনত আহে তাকে কৈ দিয়ে।”

ইফালে কৌশলগত ভুলৰ বাবে উপ-নিৰ্বাচনত আশা কৰা মতে ফলাফল নোপোৱা বুলি কয় ভূপেন বৰাই। তেও কয়, “কৌশলগত ভুলৰ বাবে উপ-নিৰ্বাচনত আশা কৰা মতে ফলাফল নাপালো। ২০২৬ত আমি কৌশলগত ভুল একো নকৰো। মুক্তভাৱে ৰাজনৈতিক পৰিকল্পনা কৰা হ’ব। শক্তিশালীভাৱে যুঁজ দিয়া হ’ব।”

ইয়াৰ মাজতে ভূপেন বৰাক মিত্ৰতা শক্তিশালী কৰাৰ গ্ৰীণ চিগনেল ৰাহুল গান্ধীৰ। উপ-নিৰ্বাচনৰ পূৰ্বে কৰা ভুল কংগ্ৰেছে আৰু নকৰে বুলি উল্লেখ ভূপেন বৰাৰ। তেওঁ কয়, “ৰাহুল গান্ধীয়ে আগৰে পৰাই অসমত বিজেপিৰ বিৰুদ্ধে বিৰোধী একত্ৰিত হোৱাটো বিচাৰে। ”

উল্লেখ্য যে, শুকুৰবাৰে দিল্লীত ৰাহুল গান্ধীক সাক্ষাৎ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা। উপ-নিৰ্বাচনৰ কংগ্ৰেছৰ শোচনীয় পৰাজয় সন্দৰ্ভত ৰাহুল গান্ধীক গোপন প্ৰতিবেদন দাখিল কৰে ভূপেন বৰাই। এতিয়া প্ৰশ্ন হ’ল  ২৬’ ত চৰকাৰ গঠন কৰি মুখ্যমন্ত্ৰীৰ ওপৰত তদন্ত কৰিবলৈ SIT গঠন কৰাৰ সপোন পূৰণ হ’বনে ভূপেন বৰাৰ?

Latest News