শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

“তৰুণ গগৈয়ে কৰা ভুলৰ বাবে মই কিয় ক্ষমা খুজিম?” জনজাতিকৰণ সন্দৰ্ভত মন্তব্য মুখ্যমন্ত্ৰীৰ

ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক দোষাৰোপ বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আইনী সুৰক্ষা নিশ্চিত নকৰাকৈয়ে গগৈৰ চৰকাৰে অনুসূচিত জনজাতিৰ মৰ্যাদা দিয়াৰ প্ৰস্তাৱ দিছিল বুলি কয় মুখ্যমন্ত্ৰী শৰ্মাই।

“তৰুণ গগৈয়ে কৰা ভুলৰ বাবে মই কিয় ক্ষমা খুজিম?” জনজাতিকৰণ সন্দৰ্ভত মন্তব্য মুখ্যমন্ত্ৰীৰ
হিমন্ত বিশ্ব শৰ্মাImage Credit source: Facebook Page
raj-saikia
Raj Saikia | Published: 12 Sep 2025 17:54 PM

বিটিচি নিৰ্বাচনৰ বাবে তুংগত উঠিছে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান। বিপিএফ, ইউপিপিএলৰ লগতে বিজেপিয়েও বড়োলেণ্ডৰ ৰাজপাট দখলৰ যুঁজত নামি পৰিছে। খোদ মুখ্যমন্ত্ৰীয়ে ইখনৰ পিছত সিখন জনসভা সম্বোধন কৰি জনতাক আহ্বান জনাইছে বিজেপিক ভোট দিবলৈ।

তাৰ মাজতে বিটিচি নিৰ্বাচনত কংগ্ৰেছক অপ্ৰাসংগিক বুলি একপ্ৰকাৰ উলাই কৰিছে মুখ্যমন্ত্ৰীয়ে। তেওঁ কয় যে বিটিচি নিৰ্বাচনত মূল প্ৰতিদ্বন্দ্বিতা হ’ব বিপিএফ, ইউপিপিএল আৰু বিজেপিৰ মাজত।

চিৰাং জিলাৰ আনন্দবজাৰত এক সভাত ভাষণ দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, ‘‘বিটিচিত কংগ্ৰেছৰ কোনো স্থিতি নাই, ইয়াত যুঁজ বিপিএফ, ইউপিপিএল, আৰু বিজেপিৰ মাজত হ’ব।”

বিৰোধী দলৰ ওপৰত তীব্ৰ আক্ৰমণ কৰি তেওঁ বিভিন্ন সম্প্ৰদায়ৰ বাবে অনুসূচিত জনজাতিৰ মৰ্যাদা প্ৰদান সন্দৰ্ভত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ দৃষ্টিভংগীৰ কথা স্মৰণ কৰে।

মুখ্যমন্ত্ৰীয়ে কয়, “আইনী সুৰক্ষা নিশ্চিত নকৰাকৈয়ে গগৈৰ চৰকাৰে অনুসূচিত জনজাতিৰ মৰ্যাদা দিয়াৰ প্ৰস্তাৱ দিছিল। সেয়া প্লেট নিদিয়াকৈ খাবলৈ ভাত আগবঢ়োৱাৰ দৰেই কথা। কংগ্ৰেছৰ ভুলৰ মই কিয় ভাগীদাৰ হ’ম? অনুসূচিত জনজাতিৰ মৰ্যাদাৰ ক্ষেত্ৰত বিজেপিয়ে স্পষ্ট আৰু পৰিকল্পিত দৃষ্টিভংগীৰে আগবাঢ়িছে।”

“গৌৰৱ গগৈয়ে পিতৃ (প্ৰয়াত অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ)ৰ অতীতৰ ভুলৰ বাবে মই কিয় ক্ষমা খুজিব লাগে? কোনে ভুল কৰিলে সকলোৱে জানে; সেয়েহে জনসাধাৰণে আমাক দোষ নিদিয়ে, আৰু অসমৰ সকলো বিশৃংখলতাৰ সৃষ্টি কৰিছে কংগ্ৰেছ চৰকাৰে।” শৰ্মাই কয়।

অসমৰ এগৰাকী সংসদ সদস্য আৰু পাকিস্তানী হেণ্ডলাৰৰ মাজত থকা কথিত সম্পৰ্কৰ তদন্তৰ সন্দৰ্ভত শৰ্মাই পুনৰ কয় যে বিশেষ তদন্তকাৰী দলৰ (এছ আই টি) তথ্য ৰাজহুৱা কৰা হ’ব। “ইতিমধ্যে মোৰ পোষ্টত এই কথা ঘোষণা কৰিছোঁ। এছ আই টিৰ প্ৰতিবেদন প্ৰকাশ পাব।” সংবাদ মাধ্যমৰ আগত তেওঁ কয়।

উল্লেখ্য যে শেহতীয়াকৈ জনজাতিকৰণৰ দাবীক লৈ প্ৰতিবাদ চলিছে অসমত। তিনিচুকীয়াত প্ৰায় এসপ্তাহ ধৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি আহিছে মৰাণ জনগোষ্ঠীৰ লোকসকলে। অহা অক্টোবৰ মাহৰ পৰা মটকসকলেও জনজাতিকৰণ দাবীত প্ৰতিবাদ আৰম্ভ কৰিব বুলি বাতৰি প্ৰকাশ পাইছে।

ইফালে ধুবুৰীত কোচ ৰাজবংশীসকলেও পৃথক কমতাপুৰ ৰাজ্য আৰু জনজাতিকৰণৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰা দেখা গৈছে। বুধবাৰে নিশা ধুবুৰীত প্ৰতিবাদৰ মাজতে আৰক্ষীৰ লাঠীচালনাত কেবাগৰাকীও প্ৰতিবাদকাৰী আহত হয়।